প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য

Posted On: 09 SEP 2023 12:00PM by PIB Guwahati

মান্যবৰ অতিথিবৃন্দ,

নমস্কাৰ,

আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে আমাৰ সকলোৰে হৈ কিছু সময়ৰ পূৰ্বে মৰক্কোত হোৱা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।

আমি প্ৰাৰ্থনা জনাইছো যে আহত লোকসকল সোনকালে সুস্থ হৈ উঠক। এই জটিল সময়ত সমগ্ৰ বিশ্ব সম্প্ৰদায় মৰক্কোৰ সৈতে আছে আৰু আমি তেওঁলোকক সকলো সম্ভৱপৰ সহায় আগবঢ়াবলৈ সাজু।

মান্যবৰ অতিথিবৃন্দ,

জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছে। বৰ্তমান সময়ত আমি একত্ৰিত হোৱা ঠাইখনৰ পৰা কেইকিলোমিটাৰমান দূৰত্বত প্ৰায় ডেৰ হাজাৰ বছৰ পুৰণি এটা স্তম্ভ স্থাপন কৰা হৈছে।

এই স্তম্ভত প্ৰাকৃত ভাষাত লিখা আছে-

"হেৱম লোকছা হিটমুখ তি,

অথ ইয়ম নাতিসু হেৱম

অৰ্থাৎ,

মানৱতাৰ কল্যাণ আৰু সুখ সদায় সুনিশ্চিত হোৱা উচিত।

ডেৰ-দুই হাজাৰ বছৰৰ আগতে ভাৰত ভূমিয়ে সমগ্ৰ বিশ্বক এই বাৰ্তা দিছিল।

আহক, এই বাৰ্তা স্মৰণ কৰি এই জি-২০ শীৰ্ষ সন্মিলনৰ আৰম্ভণি কৰোঁ৷ একবিংশ শতিকাৰ এই সময় এটা গুৰুত্বপূৰ্ণ সময় যিয়ে সমগ্ৰ বিশ্বক এক নতুন দিশ প্ৰদান কৰিছে।

এয়া সেই সময়, যিসময়ত বছৰ বছৰ পুৰণি প্ৰত্যাহ্বানসমূহে আমাৰ পৰা নতুন সমাধান বিচাৰিছে।

আৰু সেইবাবেই আমি মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰে আমাৰ সকলো দায়িত্ব পালন কৰি আগবাঢ়িব লাগিব।

বন্ধুসকল,

ক’ভিড-১৯ৰ পিছত বিশ্বত আস্থাহীনতাৰ এক বৃহৎ সংকট আহি পৰিছে। যুদ্ধই এই আস্থাহীনতা আৰু অধিক গভীৰ কৰি তুলিছে। যদি আমি ক’ভিডক পৰাস্ত কৰিব পাৰো, তেন্তে আমি এই পাৰস্পৰিক বিশ্বাসৰ সংকটো দূৰ কৰিব পাৰিম।

আজি জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে সমগ্ৰ বিশ্বক আহ্বান জনাইছে যে প্ৰথমে এই বিশ্বৰ আস্থাহীনতাক এক বিশ্বাস আৰু এক আস্থালৈ ৰূপান্তৰিত কৰক। এয়া আমি সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ সময়৷

আৰু সেয়েহে “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস”ৰ মন্ত্ৰ আমাৰ সকলোৰে বাবে মাৰ্গদৰ্শক হ’ব পাৰে।

বিশ্ব অৰ্থনীতিৰ উত্থান-পতনেই হওক,

উত্তৰ আৰু দক্ষিণৰ মাজত বিভাজনেই হওক,

পূব আৰু পশ্চিমৰ মাজত দূৰত্বই হওক,

খাদ্য, ইন্ধন আৰু সাৰ ব্যৱস্থাপনাই হওক,

সন্ত্ৰাসবাদ আৰু চাইবাৰ নিৰাপত্তা,

স্বাস্থ্য, শক্তি আৰু জল সুৰক্ষাই হওক,

বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আমি এই প্ৰত্যাহ্বানসমূহৰ সুনিৰ্দিষ্ট সমাধানৰ দিশত আগবাঢ়িব লাগিব।

বন্ধুসকল,

ভাৰতৰ জি-২০ অধ্যক্ষতা, দেশৰ ভিতৰে-বাহিৰে "সবকা সাথ"ৰ অন্তৰ্ভুক্তিৰ প্ৰতীক হৈ পৰিছে।

ভাৰতত এয়া জনতাৰ জি-২০ হৈ পৰিছে। কোটি কোটি ভাৰতীয়ই ইয়াত যোগদান কৰিছে। দেশৰ ৬০ খনতকৈও অধিক চহৰত ২০০ খনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈছে৷

সবকা সাথৰ মনোভাৱেৰে ভাৰতে আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্যপদ দিয়াৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱত আমি সকলো একমত বুলি মোৰ বিশ্বাস।

আপোনালোক সকলোৰে সন্মতি সাপেক্ষে কাৰ্যসূচী আগুৱাই যোৱাৰ আগতে আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষক জি-২০ৰ স্থায়ী সদস্য হিচাপে নিজৰ আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছো৷

****



(Release ID: 1955792) Visitor Counter : 119