প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব বেংকৰ জি-২০ নথিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে ভাৰতৰ বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰশংসা

Posted On: 08 SEP 2023 12:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বেংকৰ তথ্য শ্বেয়াৰ কৰে, য’ত বেংকে ইয়াৰ জি-২০ নথিত অন্তৰ্ভুক্ত কৰিছে যে ভাৰতে মাত্ৰ ৬ বছৰতে বিত্তীয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হৈছে, যিটোৰ বাবে অতি কমেও ৪৭ বছৰ লাগিলহেতেন।

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,

“ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দ্বাৰা চালিত বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ উত্থান!

@WorldBank ৰ দ্বাৰা প্ৰস্তুত কৰা এক জি২০ নথিত ভাৰতৰ বিকাশৰ ওপৰত এক অতি গুৰুত্বপূৰ্ণ দিশ শ্বেয়াৰ কৰা হৈছে৷ ভাৰতে মাত্ৰ ৬ বছৰত বিত্তীয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হৈছে, যিটোৰ বাবে অতি কমেও ৪৭ বছৰ লাগিলহেতেন।

ইয়াত আমাৰ শক্তিশালী ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি আৰু আমাৰ মানুহৰ মনোভাৱৰ প্ৰশংসা কৰা হৈছে। ই সমানে দ্ৰুত অগ্ৰগতি আৰু উদ্ভাৱনৰ প্ৰমাণ।”

https://www.news18.com/india/if-not-for-digital-payment-infra-in-6-yrs-india-would-have-taken-47-yrs-to-achieve-growth-world-bank-8568140.html"

*******



(Release ID: 1955583) Visitor Counter : 111