প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে (ছেপ্টেম্বৰ ০৬-০৭, ২০২৩)

Posted On: 02 SEP 2023 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াই আয়োজিত কৰা ২০ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ আৰু ১৮ সংখ্যক ‘পূব এছিয়া সন্মিলন’ত ‘আছিয়ান’ৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিব।

২০২২ চনত ‘ভাৰত-আছিয়ান সম্পৰ্ক’ক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ পিছত আগন্তুক ‘আছিয়ান-ভাৰত সন্মিলন’ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পৰস্পৰৰ মাজৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশসমূহ নিৰ্দিষ্ট কৰা হ'ব।

‘পূব এছিয়া সন্মিলন’-য়ে আছিয়ান দেশসমূহৰ নেতাসকল আৰু ভাৰতকে ধৰি ইয়াৰ আঠোটা আলোচনা-অংশীদাৰক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব।

 

***



(Release ID: 1954704) Visitor Counter : 65