স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

অপ-প্ৰচাৰ বনাম তথ্য

প্ৰণালীত মৃত ঘোষিত ‘এবি পিএম-জেএওৱাই হিতাধিকাৰী’সকলে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা বুলি দাবী কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদন বিভ্ৰান্তিকৰ

‘এবি পিএম-জেএওৱাই’-ৰ অধীনত, চিকিৎসালয়ত ভৰ্তি হোৱাৰ তাৰিখৰ তিনি দিন আগতে বুকিঙৰ বাবে অনুৰোধ কৰাৰ অনুমতি দিয়া হয়, মাজৰ এই সময়ছোৱাত কেতিয়াবা ৰোগীৰ চিকিৎসাকালীন মৃত্যু হ’ব পাৰে

Posted On: 17 AUG 2023 4:18PM by PIB Guwahati

সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ‘ভাৰতৰ মহালেখা নিয়ন্ত্ৰক আৰু মহা গাণনিক’ (চিএজি)য়ে চিহ্নিত কৰিছে যে প্ৰণালীত মৃত ঘোষণা কৰা ‘এবি পিএম-জেওএৱাই হিতাধিকাৰীসকলক  চিকিৎসাৰ বাবে বুকিং কৰা হৈছে। প্ৰতিবেদনসমূহে আৰু দাবী কৰিছে যে একেজন হিতাধিকাৰীয়ে একে সময়তে দুখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা দেখা গৈছে। সংবাদ মাধ্যমৰ এই প্ৰতিবেদনসমূহ সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ আৰু শুদ্ধ তথ্যভিত্তিক নহয়।

‘চিএজি’- প্ৰতিবেদন য'ত ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰীৰ- জন আৰোগ্য যোজনা’ (এবি পিএম-জেএওৱাই)ৰ ছেপ্টেম্বৰ ২০১৮ৰ পৰা মাৰ্চ ২০২১লৈকে সময়ছোৱাৰ প্ৰদৰ্শন সম্পৰ্কীয় সমীক্ষাৰ ফলাফল দাঙি ধৰা হৈছে, ২০২৩ চনৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত দাখিল কৰা হৈছিল।

এয়া স্পষ্ট কৰা হৈছে যে ‘এবি পিএম-জেএওৱাই’-ৰ অধীনত  চিকিৎসালয়ত ভৰ্তি হোৱাৰ তাৰিখৰ আগতে চিকিৎসালয়বোৰক তিনি দিন আগতে প্ৰাক-অনুমোদনৰ(বুকিং) বাবে অনুৰোধ জনোৱাৰ অনুমতি দিয়া হয়। সীমিত সংযোগ, জৰুৰীকালীন পৰিস্থিতি আদিৰ ক্ষেত্ৰত চিকিৎসা নোপোৱা হ’বলগীয়া পৰিস্থিতিৰ পৰা হাত সাৰিব পৰাকৈ এই সুবিধাটো আগবঢ়োৱা হয়।

কিছুমান ক্ষেত্ৰত, ৰোগীসকলক ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকৰ প্ৰাক-অনুমোদন উত্থাপন কৰাৰ আগতেই  চিকিৎসাৰ সময়ত তেওঁলোকৰ মৃত্যু হৈছিল। এনেবোৰ ক্ষেত্ৰত, মৃত্যুৰ তাৰিখ আৰু নামভৰ্তিৰ তাৰিখ একে হয় বা তাৰ আগৰ হয়। তদুপৰি, প্ৰাক-অনুমোদনৰ অনুৰোধ উত্থাপন কৰা চিকিৎসালয়খনেই মৃত্যুৰ তথ্যও ঘোষণা কৰিছিল। সেয়েহে, যদিহে চিকিৎসালয়খনে প্ৰৱঞ্চনাৰে আশ্ৰয় ল’ব বিচাৰিছিলেহেতেন, তেন্তে হয়তো ই ‘আইটি’ প্ৰণালীত ৰোগীক মৃত ঘোষণা কৰিবলৈ কোনো আগ্ৰহেই প্ৰদৰ্শন নকৰিলেহেঁতেন।

মন কৰিবলগীয়া যে, প্ৰতিবেদনখনত উল্লেখ কৰাৰ দৰে ৫০% ৰো অধিক ঘটনা ৰাজহুৱা চিকিৎসালয়ৰ দ্বাৰা আৰক্ষিত কৰা হৈছে, যাৰ প্ৰৱঞ্চনা কৰাৰ কোনো অৱকাশেই নাথাকে, কিয়নো চিকিৎসালয়ৰ একাউণ্টতহে ধন পৰিশোধ কৰা হয়। তদুপৰি, চিকিৎসাৰ সময়ত হোৱা মৃত্যুৰ ক্ষেত্ৰত চিকিৎসালয়ে বাধ্যতামূলকভাৱে মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিব লাগে।  

এনে বহুতো উদাহৰণ আছে য'ত ৰোগীক ব্যক্তিগত ৰোগী (নিজেববীয়াকৈ ব্যয় বহণ কৰা)হিচাপে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত আঁচনিখনৰ বিষয়ে জানিব পাৰি, আৰু আঁচনিখন অধীনত তেওঁলোকৰ যোগ্যতাৰ বিষয়ে তথ্য আৱিষ্কাৰ কৰাৰ পিছত  ৰোগীয়ে চিকিৎসালয়ক তেওঁলোকৰ নাম বিনামূলীয়া চিকিৎসাৰ বাবে আঁচনিখনৰ অধীনত পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰে। ‘বেক-ডেটেড’ প্ৰাক-অনুমোদনৰ অনুৰোধ কৰাৰ বাবে থকা এই সুবিধাই হিতাধিকাৰীসকলক তেওঁলোকৰ জেপৰ পৰা হ’ব পৰা ধনৰ খৰছ কমোৱাত সহায় কৰে।   

একে সময়তে দুখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা একেজন ৰোগীৰ সন্দৰ্ভত মন কৰিব পাৰি যে, ‘এবি পিএম-জেএৱাই’ৰ অধীনত   বছৰ বয়সলৈকে শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃৰ ‘আয়ুষ্মান কাৰ্ড’ত চিকিৎসা গ্ৰহণ কৰে। সেই অনুসৰি, ‘আয়ুষ্মান কাৰ্ড’ একেসময়তে দুখন পৃথক চিকিৎসালয়ত শিশু আৰু অভিভাৱকৰ যিকোনো এজনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ স্বৰূপে, এগৰাকী মাতৃক চিকিৎসালয়ত ভৰ্তি কৰা হ'ব পাৰে আৰু চিকিৎসাৰ সময়ত যদি তেওঁ এটা কেঁচুৱা প্ৰসৱ কৰে আৰু মাতৃয়ে চিকিৎসা গ্ৰহণ কৰি থকা চিকিৎসালয়খনত নৱ-জাতকৰ যত্নৰ সুবিধা উপলব্ধ নহ'ব পাৰে, সেয়েহে, কেচুৱাটিক নৱ-জাতকৰ যত্ন ল’ব পৰাকৈ সুবিধা থকা আন কোনো চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ব পাৰে। এই ক্ষেত্ৰত, মাতৃৰ ‘আয়ুষ্মান কাৰ্ড’ একে সময়তে কেঁচুৱা আৰু মাতৃ দুয়োৰে বাবে ব্যৱহাৰ কৰা হয়। সেইদৰে দেউতাকৰ ‘আয়ুষ্মান কাৰ্ড’ত দুখন পৃথক চিকিৎসালয়ত পিতৃ আৰু কেঁচুৱাৰ একেলগে চিকিৎসা কৰাৰো উদাহৰণ থাকিব পাৰে।   

 

সাধাৰণতে, মাতৃ আৰু শিশুৱে কেৱল এখন ‘আয়ুষ্মান কাৰ্ড’ ব্যৱহাৰ কৰি চিকিৎসা গ্ৰহণ কৰে, আৰু যদি চিকিৎসাৰ সময়ত শিশুটোৰ মৃত্যু হয়, চিকিৎসালয়ে শিশুটোক ‘মৃত’ বুলি ঘোষণা কৰে আৰু যদি এই তথ্য ভুলকৈ মাতৃৰ কাৰ্ডৰ বিপৰীতে পঞ্জীয়ন হয়। পৰৱৰ্তী সময়ত, যেতিয়া মাতৃ পৰৱৰ্তী চিকিৎসাৰ বাবে আহে  তেওঁৰ ‘আয়ুষ্মান কাৰ্ড’খনত ‘মৃত’ বুলি চিহ্নিত কৰাৰ বাবে তেওঁক সেৱা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা হয়। এনে ক্ষেত্ৰত, অভিযোগ উত্থাপন কৰা হয়, আৰু মাতৃৰ কাৰ্ডৰ বিপৰীতে মৃত চিহ্ন আঁতৰোৱাৰ দিহা কৰা হয়।   

মন কৰিবলগীয়া যে ‘এবি পিএম-জেএৱাই’ৰ অধীনত চাৰিটা পৰ্যায়ৰ শক্তিশালী দাবী মিমাংসাকৰণ প্ৰণালীৰ দিহা কৰা হৈছে। প্ৰতিটো পৰ্যায়তে চিকিৎসালয়ৰ দাবীৰ সত্যতা পৰীক্ষা কৰা হয়। লগতে, পৰৱৰ্তী পৰীক্ষাৰ প্ৰয়োজন হোৱা ঘটনাবোৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত ব্যৱস্থাবোৰ গ্ৰহণ কৰা হয়। এনে ধৰণৰ ঘটনাবোৰ ‘ডেস্ক আৰু ফিল্ড অডিট’ৰ মাজেৰে আগবঢ়োৱা হয়। যদি চিকিৎসালয় এখনে কোনো প্ৰৱঞ্চনা বা উৎপীড়ন কৰা দেখা যায়, তেন্তে ভুল কৰা চিকিৎসালয়খনৰ বিৰুদ্ধে তালিকা বহিৰ্ভূতকৰণকে ধৰি শাস্তিমূলক পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰা হয়।   

এটা মোবাইল নম্বৰ একাধিক হিতাধিকাৰীৰ সৈতে সম্পৰ্কিত বুলি ‘চিএজি’য়ে বিচাৰি উলিয়াইছে, ইয়াৰ কোনো কাৰ্যকৰী আৰু বিত্তীয় প্ৰভাৱ নাই কিয়নো ‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই’ৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়া মোবাইল নম্বৰৰ সৈতে সম্পৰ্কিত নহয়। মোবাইল নম্বৰটো কেৱল যিকোনো প্ৰয়োজনৰ ক্ষেত্ৰত হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ বাবে আৰু প্ৰদান কৰা চিকিৎসা সম্পৰ্কে মতামত সংগ্ৰহ কৰাৰ বাবেহে লোৱা হয়।   

 

‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই’য়ে আধাৰ চিনাক্তকৰণৰ জৰিয়তে হিতাধিকাৰীসকলক চিনাক্ত কৰে য'ত হিতাধিকাৰীয়ে বাধ্যতামূলক ‘আধাৰ আধাৰিত ই-কেওৱাইচি’ প্ৰক্ৰিয়াৰ মাজেৰে যায়। ‘আধাৰ ডাটাবেছ’ৰ পৰা প্ৰাপ্ত বিৱৰণবোৰ উৎস ‘ডাটাবেছ’ৰ সৈতে মিলা হয় আৰু সেই অনুসৰি, হিতাধিকাৰীৰ বিৱৰণৰ ওপৰত আধাৰিত কৰি ‘আয়ুষ্মান কাৰ্ড’ৰ বাবে অনুৰোধ অনুমোদিত বা নাকচ কৰা হয়। সেয়েহে, প্ৰমাণীকৰণ প্ৰক্ৰিয়াত মোবাইল নম্বৰৰ কোনো ভূমিকা নাথাকে।    

তদুপৰি, এইটোও মন কৰাটো গুৰুত্বপূৰ্ণ যে ‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই’য়ে হিতাধিকাৰীৰ আধাৰ (তলৰ ৪০%) পূৰণ কৰে য'ত তেওঁলোকৰ বহুতৰ মোবাইল নম্বৰ নাথাকিব পাৰে বা অতি সঘনাই মোবাইল নম্বৰ সলনি কৰি থাকিব পাৰে। সেই অনুসৰি, ‘এনএইচএ’-য়ে তিনিটা অতিৰিক্ত বিকল্প প্ৰদান কৰিছে, অৰ্থাৎ ‘আঙুলিৰ ছাপ’, ‘আইৰিছ স্কেন’ আৰু ‘অ’টিপি’-ৰ সৈতে হিতাধিকাৰী প্ৰমাণীকৰণৰ বাবে ‘ফেচ-অ’থ’, যাৰ ভিতৰত ‘আঙুলিৰ ছাপ’ৰ আধাৰ প্ৰমাণীকৰণ সৰ্বাধিক ভাবে ব্যৱহাৰ কৰা হয়।    

উপৰোক্ত প্ৰসংগবোৰৰ প্ৰতি লক্ষ্য ৰাখি, হিতাধিকাৰীসকলৰ চিকিৎসা কেৱল হিতাধিকাৰীয়ে বৈধ মোবাইল নম্বৰ নোলোৱা বা তেওঁলোকে দিয়া মোবাইল নম্বৰ সলনি হোৱাৰ বাবেই বাতিল কৰিব নোৱাৰি। সেই অনুসৰি, ‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই’-ৰ চিকিৎসা ‘ৱৰ্কফ্ল’ত হিতাধিকাৰী মোবাইল নম্বৰৰ অতি সীমিত ভূমিকাহে থাকে। তদুপৰি, ‘পিএম-জেএওৱাই’ হৈছে এক ‘অধিকাৰ-আধাৰিত আঁচনি’, আৰু ই ‘নামভৰ্তি-আধাৰিত আঁচনি’ নহয় আৰু সেয়েহে, হিতাধিকাৰীৰ ‘ডাটাবেছ’ স্থিৰ কৰা হৈছে আৰু নতুন হিতাধিকাৰী যোগ দিবলৈ সম্পাদনা কৰিব নোৱাৰি। সেয়েহে, হিতাধিকাৰীৰ যোগ্যতা নিৰ্ণয় কৰাত মোবাইল নম্বৰৰ কোনো ভূমিকা নাইথাকে। সেয়েহে, এইটো এটা ভুল ধাৰণা যে হিতাধিকাৰীসকলে মোবাইল নম্বৰ ব্যৱহাৰ কৰি চিকিৎসা প্ৰাপ্ত কৰিব পাৰে।   

একাধিক হিতাধিকাৰীৰ দ্বাৰা একেটা মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত, মন কৰিব লগীয়া যে হিতাধিকাৰী প্ৰমাণীকৰণৰ বাবে মোবাইল নম্বৰটো বাধ্যতামূলক নহয়। অৱশ্যে, যিহেতু ম'বাইল নম্বৰ সংগ্ৰহৰ বাবে এটা ক্ষেত্ৰ আছিল, আঁচনি ৰূপায়ণৰ আগৰ পৰ্যায়ত কিছুমান ক্ষেত্ৰত ক্ষেত্ৰপৰ্যায়ৰ কৰ্মীসকলে কিছুমান দহ-অংকৰ নম্বৰ প্ৰবিষ্ট কৰাটো সম্ভৱ। আৰম্ভণিতে, ‘অ’টিপি আধাৰিত বৈধতা সক্ষম’ কৰাৰ ব্যৱস্থা হোৱা নাছিল, কিয়নো বহুতো হিতাধিকাৰীয়ে হয় তেওঁলোকৰ সৈতে ম'বাইল ফোন নিছিল বা তেওঁলোকে তেওঁলোকৰ আত্মীয় বা চুবুৰীয়াৰ নম্বৰ প্ৰদান কৰিছিল। অৱশ্যে, মোবাইল নম্বৰৰ বৈধতা নোহোৱাৰ বাবে হিতাধিকাৰী প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ শুদ্ধতা বা আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ যোগ্যতাৰ বৈধতা প্ৰভাৱিত নহ'ব।    

পৰৱৰ্তী সময়ত কেৱল বৈধ মোবাইল নম্বৰ প্ৰাপ্ত কৰাৰ বাবে ‘এনএইচএ’-য়ে ব্যৱহাৰ কৰা বৰ্তমানৰ আইটি পৰ্টেলত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হৈছে, যদি এনে ফোন হিতাধিকাৰীৰ ওচৰত থাকে। 

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ‘চিএজি’-ৰ প্ৰদৰ্শন অডিট প্ৰতিবেদন আধাৰৰ পৰামৰ্শসমূহ বিতংভাৱে পৰীক্ষা কৰি আছে আৰু বৰ্তমানে থকা তথ্য প্ৰযুক্তি মঞ্চ আৰু প্ৰক্ৰিয়াবোৰ শক্তিশালী কৰি প্ৰণালীটো অধিক শক্তিশালী, দক্ষ আৰু বিচক্ষণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

   

 

****



(Release ID: 1949965) Visitor Counter : 103