প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বই জলবায়ু সংকটৰে যুঁজিবলগীয়া হোৱাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছো

प्रविष्टि तिथि: 15 AUG 2023 5:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘৭৭ সংখ্যক স্বাধীনতা দিৱস’ উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে আমি ‘জি-২০’ সন্মিলনৰ বাবে "এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যত"ৰ ধাৰণা আগবঢ়াইছো আৰু সেই দিশত কাম কৰি আছো। বিশ্বই জলবায়ু সংকটৰ সৈতে যুঁজি থকাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছোঁ।

 

We paved the way to fight climate change by launching Mission #LiFE-'Lifestyle for the Environment' and made International Solar Alliance and many countries have become part of it: PM @narendramodi#IndependenceDay #NewIndia#IndependenceDay2023 #RedFort pic.twitter.com/gmileuidZ4

— PIB India (@PIB_India) August 15, 2023

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিশ্বৰ সহযোগত ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’ গঠন কৰিছো আৰু বহুতো দেশে এতিয়া ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’ত অংশ গ্ৰহণ কৰিছে। আমি জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছোঁ আৰু "বিগ কেট এলায়েন্স" স্থাপনত আগ্ৰসৰ হৈছো।

 

जनशक्ति और जलशक्ति से पर्यावरण कल्याण !#IndependenceDay pic.twitter.com/3h0sWKXnRv

— Bhupender Yadav (@byadavbjp) August 15, 2023

 

 

**********


(रिलीज़ आईडी: 1949809) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam