কেবিনেট
azadi ka amrit mahotsav

চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আৰু চুৰিনামৰ মাজত সম্পাদিত বুজাবুজিচুক্তিলৈ কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 16 AUG 2023 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ সন্দৰ্ভত সহযোগিতাৰ বাবে ভাৰত গণৰাজ্য আৰু চুৰিনাম গণৰাজ্যৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ‘কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা’ (চিডিএছচিঅ')ৰ মাজত ৪ জুন, ২০২৩ তাৰিখে স্বাক্ষৰিত বুজাবুজিচুক্তিৰ বিষয়ে অৱগত কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ চুৰিনাম ভ্ৰমণৰ সময়ত এইখন চুক্তি স্বাক্ষৰিত হৈছিল।

বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে চিকিৎসা সামগ্ৰীৰ লগতে অন্যান্য প্ৰাসঙ্গিক বিষয়ৰ সৈতে সম্পৰ্কিত আইন আৰু নিয়মাৱলীৰ সন্দৰ্ভত গঠনমূলক আলোচনাৰ সুবিধা প্ৰদান কৰা।

বুজাবুজি চুক্তিখনে চেণ্ট্ৰাৰ মাজত ফলপ্ৰসূ সহযোগিতা আৰু তথ্যৰ আদান-প্ৰদানৰ বাবে এক পৰিকাঠামো স্থাপন কৰিব বিচাৰিছে! ‘ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা’ (চিডিএছচিঅ') আৰু চুৰিনাম গণৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে  তেওঁলোকৰ চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণ সম্পৰ্কীয় বিষয়সমূহ আন্তৰ্জাতিক দায়িত্ব অনুসৰি যুগুতাই উলিয়াব খুজিছে।

*****


(रिलीज़ आईडी: 1949703) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam