কেবিনেট

ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আৰু ছুৰিনামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 16 AUG 2023 4:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ভাৰতীয় ফাৰ্মাকপিয়া আয়োজ(আইপিচি) আৰু ছুৰিনাম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ভাৰতীয় ফাৰ্মাকপিয়া(আইপি)ক স্বীকৃতি দিয়াৰ বাবদ ২০২৩ৰ ৪ জুনত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ছুৰিনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হৈছিল৷

চুক্তি অনুসৰি দুয়োখন দেশে ফাৰ্মাচিউটিকেল উদ্যোগৰ নিয়ন্ত্ৰণৰ বিষয়ে তথ্য বিনিময় কৰিব। ই আন দেশসমূহকো তেওঁলোকৰ নিজ নিজ দেশৰ আইন আৰু নিয়মাৱলীৰ বিষয়ে অৱগত কৰিব।

  • ছুৰিনামত ঔষধ নিৰ্মাণ আৰু আমদানি কৰোঁতে ঔষধৰ মানদণ্ড পৰীক্ষা কৰিবলৈ ইণ্ডিয়া ফাৰ্মাকোপিয়া নিয়ম অনুসৰণ কৰা হ'ব৷
  • ছুৰিনামে ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰিব আইপিআৰ আৰু ঔষধৰ মানদণ্ডৰ তথ্য নিৰ্ধাৰণ কৰোঁতে ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগৰ নিয়ম অনুসৰণ কৰা হ'ব৷
  • জেনেৰিক ঔষধ উৎপাদনৰ ক্ষেত্ৰত ছুৰিনামৰ ঔষধৰ মানদণ্ড বৃদ্ধি কৰাটো লাভজনক হ'ব৷
  • ঔষধ উৎপাদন সম্পৰ্কে ফাৰ্মাকোপিয়া নিয়মৰ স্পষ্ট বুজাবুজি বিকশিত কৰাত সহায় কৰে ভাৰতীয় ফাৰ্মাকোপিয়াৰ মনোগ্ৰাফ সম্পৰ্কীয় তথ্য বিনিময় কৰা হ'ব ।
  • সংশ্লিষ্ট দেশসমূহৰ চাহিদা অনুসৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত নিয়ামক সংস্থাসমূহৰ দক্ষতা বৃদ্ধি কৰা হ'ব৷  পাৰস্পৰিক স্বাৰ্থৰ সৈতে সম্পৰ্কিত প্ৰযুক্তিৰ সহায়ৰ বাবে দুয়োখন দেশক বিভিন্ন সুবিধা হস্তান্তৰ কৰা হ'ব।

এই বুজাবুজি চুক্তি অনুসৰি বিদেশত ঔষধ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ সুবিধা থাকিব, যাৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ পথ এখোজ আগুৱাই নিব পাৰি। ভাৰতীয় ফাৰ্মাচিউটিকেল ব্যৱস্থাপনাৰ  আন্তৰ্জাতিক স্বীকৃতিৰ দ্বাৰা দেশৰ ফাৰ্মাচিউটিকেল উদ্যোগ লাভান্বিত হ'ব।

ফলস্বৰূপে, ভাৰতীয় ঔষধবোৰ সহজে আন দেশলৈ ৰপ্তানি কৰিব পাৰি। সংশ্লিষ্ট দেশবোৰত জেনেৰিক ঔষধ উৎপাদনৰ ক্ষেত্ৰতো এক সুবিধা থাকিব। ফলস্বৰূপে, সেই দেশৰ নাগৰিকসকলে কম দামত ঔষধ ক্ৰয় কৰিব পাৰে। বিভিন্ন নিয়মৰ সৰলীকৰণে ভাৰতৰ পৰা ঔষধ ৰপ্তানি কৰাত সহায় কৰিব। ইয়াৰ ফলস্বৰূপে, ফাৰ্মাচিউটিকেল উদ্যোগৰ সৈতে সম্পৰ্কিত পেছাদাৰী লোকসকল উপকৃত হ'ব। নিযুক্তিৰ সুযোগো বৃদ্ধি পাব। ভাৰতীয় ফাৰ্মাকোপিয়া বৰ্তমান পাঁচখন দেশত আনুষ্ঠানিকভাৱে স্বীকৃত: আফগানিস্তান, ঘানা, নেপাল, মৰিচাছ আৰু ছুৰিনাম। মন্ত্ৰালয়ে আই পি স্বীকৃতি দিয়া দেশসমূহলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিব বিচাৰে৷

 

*****



(Release ID: 1949701) Visitor Counter : 124