প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৰ্ধিত কল্যাণ আঁচনিসমূহে প্ৰাক্তন-সেনাৰ জীৱনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিবঃ প্ৰধানমন্ত্ৰী

Posted On: 11 AUG 2023 8:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শেহতীয়াকৈ চৰকাৰৰ প্ৰাক্তন-সেনাৰ বাবে কল্যাণমূলক আঁচনি সম্প্ৰসাৰণৰ পদক্ষেপে তেওঁলোকৰ জীৱনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিব। 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে জনাইছে যে প্ৰাক্তন-সেনাৰ কল্যাণৰ অৰ্থে সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু ইজ অৱ লিভিং নীতি অনুসৰণেৰে প্ৰাক্তন-সেনাৰ কল্যাণ আঁচনিৰ অধীনত ধনৰাশি বৃদ্ধি কৰা হৈছে।

 

১) ইএছএমৰ বিধৱা পত্নীসকলৰ বাবে হাভ/সমতুল্য পৰ্য্যন্ত ২০০০০ টকাৰপৰা ৫০০০০ টকালৈ বৃত্তিমূলক প্ৰশিক্ষণ অনুদান। 

২) পেঞ্চনাৰ নোহোৱা ইএছএম/বিধৱা পত্নীসকলৰ বাবে হাভ/সমতুল্য পৰ্য্যন্ত ৩০০০০ টকাৰপৰা ৫০০০০ টকালৈকে চিকিৎসা অনুদান। 

৩) গুৰুতৰ ৰোগৰ বাবে পেঞ্চনাৰ নোহোৱা ইএছএম/সকলো ৰেংকৰ বিধৱা পত্নীসকললৈ ১.২৫ লাখ টকাৰপৰা ১.৫০ লাখ টকালৈকে অনুদান।

 

ইয়ালৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ 

"আমাৰ ৰাষ্ট্ৰক ৰক্ষা কৰা বীৰ প্ৰাক্তন-সেনাসকলক লৈ ৰাষ্ট্ৰবাসী গৌৰৱান্বিত। তেওঁলোকৰ বাবে কল্যাণমূলক আঁচনিৰ বৰ্ধনে তেওঁলোকৰ জীৱনৰ মানদণ্ডৰ বহুখিনি অগ্ৰগতি সাধন কৰিব।"

 

India is proud of the valiant Ex-Servicemen who have defended our nation. The welfare schemes which have been enhanced for them will greatly improve their quality of life. https://t.co/vtGMVpbEGg

— Narendra Modi (@narendramodi) August 11, 2023

 

******



(Release ID: 1948448) Visitor Counter : 80