প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইট
प्रविष्टि तिथि:
27 JUL 2023 10:42AM by PIB Guwahati
ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিম্নলিখিত টুইটটো জাৰি কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি চিকাৰ ভ্ৰমণলৈ আহিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে:
"শ্ৰী @ashokgehlot51 জী, প্ৰট’কল অনুসৰি, আপোনাক যথাযথভাৱে আমন্ত্ৰণ জনোৱা হৈছিল আৰু আপোনাৰ ভাষণৰ বাবে সময়ো আছুতীয়াকৈ ৰখা হৈছিল। কিন্তু, আপোনাৰ কাৰ্যালয়ে জনাইছিল যে আপুনি সেই অনুষ্ঠানত যোগদান কৰিব নোৱাৰিব।
প্ৰধানমন্ত্ৰী @narendramodi য়ে ইয়াৰ পূৰ্বৰ ভ্ৰমণৰ সময়তো আপোনাক সদায় আমন্ত্ৰণ জনোৱা হৈছিল আৰু আপুনি সেই অনুষ্ঠানবোৰ আপোনাৰ উপস্থিতিৰে আকৰ্ষণীয় কৰি তুলি আহিছিল।
আজিৰ কাৰ্যসূচীত আপোনাক আদৰণি জনোৱা হৈছে। ইয়াৰ উন্নয়নমূলক কামৰ সৈতে আপোনাৰ নামো গুৰুত্বপূৰ্ণভাৱে খোদিত কৰা আছে।
যদি শেহতীয়া আঘাতৰ বাবে আপোনাৰ কোনো শাৰীৰিক সমস্যা নাই, তেন্তে আপোনাৰ উপস্থিতি আমি কামনা কৰিছো।
***
(रिलीज़ आईडी: 1944186)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam