প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

GeM ইণ্ডিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকলক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 28 JUN 2023 9:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে GeM ইণ্ডিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকলক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে অভিনন্দন জনায়।

এলানি টুইটত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেলে জনায় যে GeM India ৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকলক ক্ৰেতা-বিক্ৰেতা গৌৰৱ সন্মান সমাৰোহ ২০২৩  স্বীকৃতি দিয়াৰ লগতে আৰু পুৰস্কৃত কৰা হৈছে। MOHFW এ ক্ৰেতা-বিক্ৰেতা গৌৰৱ সন্মান সমাৰোহ ২০২৩ সন্মান প্ৰদান কৰা হয়। উল্লেখ্য যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ চৰকাৰী ই-মাৰ্কেটপ্লেচৰ দ্বাৰা আয়োজন কৰা হৈছিল এই বঁটা প্ৰদান অনুষ্ঠান।

শ্ৰী পীয়ুষ গোৱেলৰ এলানি টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“@GeM_India ৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনকাৰীসকলক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে অভিনন্দন। এনেধৰণৰ প্ৰচেষ্টাই ভাৰতৰ সমৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাক শক্তিশালী কৰে।”

******



(Release ID: 1940465) Visitor Counter : 80