প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ মহাকাশচাৰী, পাইলট আৰু অভিনেতা থমাচ পেচকুৱেটৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

प्रविष्टि तिथि: 14 JUL 2023 10:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাই,২০২৩ তাৰিখে পেৰিছত ফ্ৰান্সৰ মহাকাশ অভিযন্তা, পাইলট, ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী আৰু অভিনেতা শ্ৰী থমাচ পেচকুৱেটক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ অগ্ৰগতি, বিশেষকৈ ষ্টাৰ্ট-আপসমূহক প্ৰোৎসাহিত কৰা আৰু ব্যক্তিগত খণ্ডৰ ব্যাপক অংশগ্ৰহণক উৎসাহ দানৰ বিষয়ে পেচকুৱেটক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ আৰু মহাকাশ ক্ষেত্ৰৰ সহযোগিতাৰ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ পেচকুৱেটক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

মহাকাশচাৰী হিচাপে তেওঁৰ বিভিন্ন অভিজ্ঞতা পেচকুৱেটে প্ৰধানমন্ত্ৰীক অৱগত কৰে আৰু ভৱিষ্যতৰ বিভিন্ন মহাকাশ কাৰ্যসূচী আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সম্ভাব্য সহযোগিতা সন্দৰ্ভতো দুয়োগৰাকী নেতাই  আলোচনা কৰে।

 

 

****************


(रिलीज़ आईडी: 1940334) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam