প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্স গণৰাজ্যৰ পেৰিছত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
13 JUL 2023 5:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ২০২৩ চনৰ ১৩ জুলাইৰ আবেলি পেৰিছত উপস্থিত হয়হি।
এক বিশেষ ভঙ্গীৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মহামান্যা শ্ৰীমতী এলিজাবেথ বৰ্ণে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিক আদৰণি আৰু গাৰ্ড অব অনাৰ প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণ ক্ৰমে সন্মানীয় অতিথি হিচাপে ‘বাষ্টিল দিৱস পেৰেড’ত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণে ‘ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্ব’ৰ ২৫সংখ্যক বাৰ্ষিকী উদযাপনকো বিশেষ মাত্ৰা প্ৰদান কৰিব।
***
DS/AK/KB
(रिलीज़ आईडी: 1940047)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam