প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চন্দ্ৰযান-৩য়ে ভাৰতৰ মহাকাশ যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিলেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 JUL 2023 3:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-৩ উৎক্ষেপণৰ ক্ষেত্ৰত ভাৰতৰ বিজ্ঞানীসকলৰ নিৰলস সমৰ্পণৰ প্ৰশংসা কৰিছে৷

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“চন্দ্ৰযান-৩য়ে ভাৰতৰ মহাকাশ যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিলে৷ এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা উচ্চ কৰা এক উৰণ৷ এই উল্লেখযোগ্য সফলতা আমাৰ বৈজ্ঞানিকসকলৰ নিৰলস সমৰ্পণৰ এক নিদৰ্শন৷ মই তেওঁলোকৰ উদ্যম আৰু প্ৰতিভাক অভিবাদন জনাইছো৷”

*****


(रिलीज़ आईडी: 1940027) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam