প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আগশাৰীৰ মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞৰ এটা গোটৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 21 JUN 2023 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আজি স্বাস্থ্য খণ্ডৰ আগশাৰীৰ মাৰ্কিন বিশেষজ্ঞৰ এটা গোটৰ সৈতে বৈঠকত মিলিত হয়৷

প্ৰধানমন্ত্ৰী আৰু বিশেষজ্ঞসকলে মানবিশিষ্ট চিকিৎসাৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ, সংহত ঔষধৰ ক্ষেত্ৰত ব্যাপক গুৰুত্ব আৰু উন্নত স্বাস্থ্যসেৱা প্ৰস্তুতিকে ধৰি স্বাস্থ্য ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে৷

বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকলৰ হৈছেঃ-

  • ডাঃ পিটাৰ হোটেজ, টেক্সাছৰ নেচনেল স্কুল অফ ট্ৰপিকেল মেডিচিনৰ প্ৰতিষ্ঠাপক ডীন৷
  • ডাঃ সুনীল এ. ডেভিড, টেক্সাছৰ ভাইভেক্সৰ চিইঅ’
  • ডাঃ ষ্টিফেল ক্লাছক’, জেনেৰেল কেটালিষ্টৰ উপদেষ্টা
  • ডাঃ লটন আৰ বাৰ্নছ, পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ স্বাস্থ্যসেৱা ব্যৱস্থাপনাৰ অধ্যাপক
  • ডাঃ ভিভিয়ান এছ লি, ভেৰিলি লাইফ ছায়েন্সেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ
  • ডাঃ পিটাৰ আগ্ৰে, জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থ আৰু জনছ হপকিন্স স্কুল অৱ মেডিচিনৰ চিকিৎসক, নোবেল বিজয়ী আৰু আণৱিক জীৱবিজ্ঞানী ।

 

***


(Release ID: 1934575) Visitor Counter : 98