কেবিনেট সচিবালয়

আৰব সাগৰৰ আসন্ন ঘূৰ্ণীবতাহ ‘বিপৰ্জয়’ৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ ‘ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি’ (এনচিএমচি)ৰ বৈঠক

Posted On: 12 JUN 2023 5:07PM by PIB Guwahati

কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ অধ্যক্ষতাত ‘ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি’য়ে আজি এক বৈঠকত মিলিত হয় আৰু আৰব সাগৰৰ আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্জয়'ৰ বাবে গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংস্থাসমূহে গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা কৰে।

‘ভাৰতীয় বতৰ বিজ্ঞান বিভাগ’ (আইএমডি)ৰ সঞ্চালক প্ৰধানে সমিতিখনক পূব মধ্য আৰব সাগৰৰ ওপৰত অত্যন্ত তীব্ৰ গতিবেগসম্পন্ন ঘূৰ্ণীবতাহ 'বিপৰ্জয়'ৰ বৰ্তমান স্থিতিৰ বিষয়ে অৱগত কৰে। ই ১৪ তাৰিখৰ পুৱালৈকে প্ৰায় উত্তৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে, তাৰ পিছত উত্তৰ-উত্তৰ-পূবৰ ফালে গতি কৰিব আৰু ১৫ জুনৰ দুপৰীয়াৰ ভিতৰত মাণ্ডৱী (গুজৰাট) আৰু কৰাচী (পাকিস্তান)ৰ মাজত সৌৰাষ্ট্ৰ আৰু কচ্ছ আৰু ইয়াৰ কাষৰীয়া পাকিস্তান উপকূল অতিক্ৰম কৰিব পাৰে, যাৰ সৰ্বাধিক ধাৰাবাহিক বতাহৰ গতিবেগ হ’ব ১২৫-১৩৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ১৫০ কিলোমিটাৰ প্ৰতিঘণ্টা।

গুজৰাটৰ মুখ্য সচিবগৰাকীয়ে ঘূৰ্ণীবতাহৰ প্ৰত্যাশিত পথত জনসাধাৰণৰ সুৰক্ষাৰ বাবে লোৱা প্ৰস্তুতিমূলক ব্যৱস্থা আৰু স্থানীয় প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সমিতিক অৱগত কৰে। মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে আৰু সাগৰত থকা সকলক সুৰক্ষিত স্থানলৈ ঘূৰাই মাতি অনা হৈছে। এতিয়ালৈকে মুঠ ২১,০০০ নাও ৰখাই থোৱা হৈছে। সকলো সংকট-প্ৰবণ গাঁৱৰ তালিকা স্থানান্তৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। ‘লৱণ-কুণ্ড’সমূহৰ কৰ্মীসকলৰ বিৱৰণো প্ৰয়োজনত তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। পৰ্যাপ্ত আশ্ৰয়, বিদ্যুৎ যোগান, ঔষধ আৰু জৰুৰীকালীন সেৱাসমূহ তৎপৰ কৰি ৰখা হৈছে। ‘এছডিআৰএফ’ৰ ১০টা দল মোতায়েন কৰা হৈছে।

 

‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিসঁহাৰি বাহিনী’(এনডিআৰএফ)য়ে ইতিমধ্যে ১২টা দল মোতায়েন কৰিছে আৰু গুজৰাটত ৩টা অতিৰিক্ত দল তৎপৰ কৰি ৰখা হৈছে। ইয়াৰ উপৰিও, আৰাকোনাম (তামিলনাডু), মুণ্ডলী (ওড়িশা) আৰু ভাথিণ্ডা (পঞ্জাৱ)ত ১৫টা দল, অৰ্থাৎ ৫টা কৈ দলক চমু জাননীত বিমানযোগে নিয়াৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। উপকূলৰক্ষী বাহিনী, সেনা আৰু নৌসেনাৰ উদ্ধাৰ আৰু সাহায্য প্ৰদানকাৰী দলৰ লগতে জাহাজ আৰু বিমানসমূহক সাজু কৰি ৰখা হৈছে।

গুজৰাট ৰাজ্যক তেওঁলোকৰ প্ৰস্তুতি, উদ্ধাৰ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ সেনা, নৌসেনা, বায়ু সেনা আৰু উপকূলৰক্ষী বাহিনীৰ পৰ্যাপ্ত সংখ্যক দল আৰু সা-সামগ্ৰী মোতায়েন কৰা হৈছে। সামুদ্ৰিক পৰিষদ আৰু সকলো অংশীদাৰলৈ ‘ডিজি, শ্বিপিং’-ৰ দ্বাৰা নিয়মীয়া সতৰ্কবাণী আৰু পৰামৰ্শ প্ৰেৰণ কৰা হৈছে। ‘অফশ্বৰ অইল ফিল্ড’সমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰা হৈছে আৰু গুজৰাটত ‘অফশ্বৰ স্থাপনা’সমূহক সকলো নিয়োজিত জনশক্তিক তাৎক্ষণিক ভাৱে ওভতাই এনাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। মুখ্য বন্দৰ ‘কান্দলা’ আৰু ‘মুন্দ্ৰা’ক সতৰ্ক কৰি দিয়া হৈছে আৰু অন্যান্য বন্দৰসমূহকো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিয়া হৈছে।

গুজৰাটৰ কেন্দ্ৰীয় সংস্থা আৰু চৰকাৰৰ প্ৰস্তুতি ব্যৱস্থাৰ পৰ্যালোচনা কৰি কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই গুজৰাট চৰকাৰ আৰু সংশ্লিষ্ট কেন্দ্ৰীয় সংস্থাসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা প্ৰতিৰোধমূলক আৰু সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। এজনৰো প্ৰাণহানি নোহোৱাকৈ ৰখাৰ লগতে বিদ্যুৎ আৰু ‘টেলিকম’ৰ দৰে সা-সম্পত্তি আৰু আন্তঃগাঁথনিৰ ক্ষতি হ্ৰাস কৰা, আৰু এই আন্তঃগাঁথনিৰ ক্ষতিৰ ক্ষেত্ৰত ইয়াক অতি কম সময়ৰ ভিতৰতে পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য গ্ৰহণৰো তেওঁ পৰামৰ্শ আগবঢ়ায়।

 

কেবিনেট সচিবগৰাকীয়ে কয় যে সাগৰলৈ যোৱা মাছমৰীয়াসকলক ঘূৰাই মাতিব লাগে আৰু এইটো নিশ্চিত কৰিব লাগিব যে ঘূৰ্ণীবতাহৰ পৰিণতিত হব পৰা ভূমিস্খলনৰ আগতে দুৰ্বল অঞ্চলসমূহৰ লোকসকলক সময়মতে স্থানান্তৰ কৰা হ'ব। কেবিনেট সচিবে গুজৰাট চৰকাৰক আশ্বাস দিয়ে যে সকলো কেন্দ্ৰীয় সংস্থা সাজু থকাৰ লগতে সহায়ৰ বাবে উপলব্ধ হ'ব।

বৈঠকত গুজৰাটৰ মুখ্য সচিব, কেন্দ্ৰীয় গৃহ সচিব, ৰে'ল ব'ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, অসামৰিক বিমান পৰিবহন, বিদ্যুৎ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব, ডিজি-টেলিকম বিভাগ, সদস্য সচিব ‘এনডিএমএ’, ‘চিআইএছচি আইডিএছ’, ‘ডিজি আইএমডি’, ‘ডিজি এনডিআৰএফ’, উপকূলৰক্ষী বাহিনীৰ ‘ডিজি’, জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

*****



(Release ID: 1932308) Visitor Counter : 99