ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

৯ বছৰত ৩৩২% বিক্ৰী বৃদ্ধিৰ বাবে কেভিআইচিৰ এক গুৰুত্বপূৰ্ণ উত্থান

Posted On: 08 JUN 2023 7:29PM by PIB Guwahati

খাদী আৰু গ্ৰামোদ্যোগ আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক নতুন উচ্চতালৈ লৈ গৈ বিশ্বৰ সন্মুখত এখন শক্তিশালী ভাৰতৰ সন্তোষজনক ভাবমূৰ্তি দাঙি ধৰিলে। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সামগ্ৰীৰ ব্যৱসায় ১.৩৪ লাখ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে। বিগত ৯টা বিত্তীয় বৰ্ষত গ্ৰামাঞ্চলত শিপিনীৰ দ্বাৰা নিৰ্মিত থলুৱা খাদী সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ৩৩২% অভূতপূৰ্ব বৃদ্ধি হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰীৰ ব্যৱসায় ৩১,১৫৪ কোটি টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ১,৩৪,৬৩০ কোটি টকাৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে, যিটো এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ সফলতা৷ একেদৰে কেভিআইচিয়ে গ্ৰামাঞ্চলত ৯,৫৪,৮৯৯টা নতুন চাকৰিৰ সৃষ্টি কৰি এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।

                                                                      

কেভিআইচিৰ অধ্যক্ষ মনোজ কুমাৰে এই সফলতাৰ কৃতিত্ব মহাত্মা গান্ধীৰ প্ৰকৃত প্ৰেৰণা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'ব্ৰেণ্ড শক্তি'ৰ লগতে দেশৰ দুৰ্গম গাঁওসমূহত কৰ্মৰত শিপিনীসকলৰ অক্লান্ত কঠোৰ পৰিশ্ৰমক প্ৰদান কৰিছে৷ তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ-বিদেশৰ প্ৰতিটো মঞ্চত খাদীক প্ৰচাৰ কৰিছে, যাৰ বাবে খাদীয়ে জনপ্ৰিয়তাৰ নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে আজি খাদী সামগ্ৰী বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য ব্ৰেণ্ডৰ ভিতৰত গণ্য কৰা হৈছে। ২০১৩-১৪ চনৰ পৰা ২০২২-২৩ চনলৈকে বিত্তীয় বৰ্ষত কেভিআইৰ সামগ্ৰীৰ উৎপাদন ২৬৮% বৃদ্ধি পাইছিল, এই সামগ্ৰীসমূহৰ বিক্ৰী ৩৩২% বৃদ্ধিৰে সকলো অভিলেখ ভংগ কৰিছিল। এইটোৱেই প্ৰমাণ যে ‘মেক ইন ইণ্ডিয়া’, ‘ভোকেল ফৰ লোকেল’ আৰু লগতে ‘স্বদেশী সামগ্ৰী’ৰ ওপৰত দেশৰ জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে।

কেন্দ্ৰত ‘মোদী চৰকাৰ’ৰ ৯ বছৰীয়া কাৰ্যকালত কেভিআইচিৰ প্ৰচেষ্টাত ‘আত্মনিৰ্ভৰশীলতাৰ পৰা সমৃদ্ধি’ৰ ৯টা এনে অভিলেখ প্ৰতিষ্ঠা কৰিছে, যি খাদীক এক নতুন জীৱন প্ৰদান কৰিছে।

১) কেভিআইৰ সামগ্ৰীৰ উৎপাদনৰ ব্যতিক্ৰমী উত্থানঃ ২০১৩-১৪ বিত্তীয় বৰ্ষত কেভিআইৰ সামগ্ৰীৰ উৎপাদন ২৬,১০৯ কোটি টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ২৬৮% উত্থানেৰে ৯৫,৯৫৭ কোটি টকাত উপনীত হৈছে৷ এই উৎপাদনৰ সংখ্যাই কেভিআয়ে গ্ৰামাঞ্চলত যে গুৰুত্বপূৰ্ণ কাম কৰিছে তাৰ এক উপযুক্ত প্ৰমাণ।

২) কেভিআইৰ সামগ্ৰীৰ বিক্ৰীৰ এক ব্যাপক উত্থানঃ বিগত ৯টা বিত্তীয় বৰ্ষত বিক্ৰীৰ ক্ষেত্ৰত কেভিআইৰ সামগ্ৰীয়ে প্ৰতি বছৰে নতুন অভিলেখ সৃষ্টি কৰিছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত বিক্ৰীৰ মূল্য ৩১,১৫৪ কোটি টকা হোৱাৰ বিপৰীতে ৩৩২% অভূতপূৰ্ব বৃদ্ধিৰে ২০২২-২৩ বিত্তীয় বৰ্ষত ১,৩৪,৬৩০ কোটি টকাত উপনীত হয়, যিটো এতিয়ালৈকে সৰ্বাধিক।

৩) খাদী কাপোৰ উৎপাদনৰ নতুন অভিলেখঃ বিগত ৯ বছৰত খাদী কাপোৰৰ উৎপাদনতো অতুলনীয় বৃদ্ধি হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত, য’ত খাদী কাপোৰৰ উৎপাদন আছিল ৮১১ কোটি টকা, ২৬০% উত্থানেৰে, ২০২২-২৩ বিত্তীয় বৰ্ষত এই পৰিমাণে ২,৯১৬ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰিছে, যিটো এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন৷

৪) খাদী কাপোৰ বিক্ৰীয়েও এক নতুন ইতিহাসৰ সৃষ্টি কৰিলেঃ বিগত ৯টা বিত্তীয় বৰ্ষত খাদী কাপোৰৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত ইয়াৰ বিক্ৰী মাত্ৰ ১,০৮১ কোটি টকাৰ বিপৰীতে, ২০২২-২৩ বিত্তীয় বৰ্ষত এই ৪৫০% বৃদ্ধি পাই ৫,৯৪৩ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰিছিল। ক’ভিড-১৯ৰ পিছত সমগ্ৰ বিশ্বতে জৈৱিক কাপোৰৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ বাবেই খাদী কাপোৰৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো মঞ্চত খাদীৰ প্ৰচাৰে খাদী কাপোৰৰ বিক্ৰী বৃদ্ধিৰ ক্ষেত্ৰতো বিপুল প্ৰভাৱ পেলাইছে।

৫) নিয়োগ সৃষ্টি আৰু সামূহিক নিয়োগ সৃষ্টিৰ নতুন অভিলেখঃ কেভিআইচিৰ মূল উদ্দেশ্য হৈছে গ্ৰামাঞ্চলত সৰ্বাধিক নিয়োগৰ সুযোগ প্ৰদান কৰা। এই ক্ষেত্ৰসমূহতো বিগত ৯ বছৰত কেভিআইচিয়ে অভিলেখ গঢ়িছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত সামূহিক নিয়োগ ১৩০,৩৮,৪৪৪ আছিল যদিও ৩৬% বৃদ্ধিৰে ২০২২-২৩ চনত ১৭৭,১৬,২৮৮ত উপনীত হৈছে। একেদৰে ২০১৩-১৪ বিত্তীয় বৰ্ষত ৫,৬২,৫২১টা নতুন নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ৭০% বৃদ্ধিৰে মুঠ ৯,৫৪,৮৯৯টা নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।

৬) খাদী শিপিনীৰ মজুৰি বৃদ্ধিৰ অভিলেখঃ খাদী খণ্ডৰ সৈতে জড়িত খাদী শিপিনীসকলেও খাদী কাপোৰৰ উৎপাদন আৰু বিক্ৰী বৃদ্ধিৰ সুবিধা লাভ কৰিছে। ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰা তেওঁলোকৰ পাৰিতোষিক ১৫০%তকৈ অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ কাৰ্যকৰী হোৱা মতে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা খাদী শিপিনীৰ মজুৰি ৩৩%তকৈ অধিক বৃদ্ধি কৰা হৈছে।

৭) নতুন দিল্লীৰ কনট প্লেচত অৱস্থিত খাদী ভৱনৰ নতুন অভিলেখঃ ২০২২ চনৰ ২ অক্টোবৰত নতুন দিল্লীৰ কন’ট প্লেচত কেভিআইচিৰ ধ্বজাবাহী ‘খাদী ভৱন’ বিক্ৰীৰ ফলত সৰ্বকালৰ অভিলেখ ভংগ হয়। প্ৰধানমন্ত্ৰীৰ আহ্বানত এদিনতে ১.৩৪ কোটি টকাৰ কেভিআই সামগ্ৰী ক্ৰয় কৰি প্ৰথমবাৰৰ বাবে খাদী প্ৰেমীসকলে এক নতুন অভিলেখ গঢ়িলে।

৮) প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পিএমইজিপি)ৰ পৰা ত্মনিৰ্ভৰ ভাৰতনিৰ্মাণঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বদেশী অভিযানৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলক জড়িত কৰাৰ ক্ষেত্ৰত পিএমইজিপিয়ে এক নতুন অভিলেখ গঢ়িছে। এই আঁচনিখনে প্ৰধানমন্ত্ৰী মোদীৰ ‘চাকৰি বিচৰাতকৈ চাকৰি প্ৰদানকাৰী হোৱাৰ’ সপোন পূৰণ কৰে। চলিত বিত্তীয় বৰ্ষত ৮.৬৯ লাখ নতুন প্ৰকল্প স্থাপন কৰি মুঠ ৭৩.৬৭ লাখ লোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা হৈছে, ২০০৮-০৯ চনৰ পৰা ২০২২-২৩ চনলৈকে মুঠ ২১৮৭০.১৮ কোটি টকা ৰাজসাহায্য প্ৰদান কৰা হৈছে। কেৱল ইমানেই নহয়, গ্ৰামাঞ্চলত ৮০%তকৈ অধিক ইউনিট স্থাপন কৰা হয়, ইয়াৰে ৫০%তকৈ অধিক ইউনিটৰ মালিক অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগী। লগতে আকাংক্ষিত জিলাসমূহত ১৪%তকৈ অধিক ইউনিট স্থাপন কৰা হৈছে। ২০২২-২৩ বৰ্ষৰ ভিতৰত এই কৃতিত্ব আছিল ৮৫,১৬৭ ইউনিট য’ত ৯.৩৭ লাখ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হৈছিল।

৯) গ্ৰামোদ্যোগ বিকাশ যোজনাৰ নতুন অভিলেখঃ পিছপৰা লোকসকলৰ কল্যাণৰ বাবে আৰু সমাজৰ নিম্নতম পৰ্যায়ত কাম কৰা শিপিনীসকলৰ বাবে কেভিআইচিয়ে ‘গ্ৰাম বিকাশ যোজনা’ৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ২০১৭-১৮ চনৰ পৰা এতিয়ালৈকে অভিলাষী “মৌ অভিযান” কাৰ্যসূচীৰ অধীনত মুঠ ১৯,১১৮জন হিতাধিকাৰীক ১,৮৯,৯৮৯ লাখ মৌ-বাকচ আৰু মৌ-কলনি বিতৰণ কৰা হৈছে। একেদৰে ‘কুমাৰ সবলীকৰণ’ কাৰ্যসূচীৰ জৰিয়তে আধুনিক বৈদ্যুতিক মৃৎশিল্পীৰ চাক এতিয়ালৈকে ২৫ হাজাৰৰো অধিক মৃৎশিল্পীক বিতৰণ কৰা হৈছে।

***



(Release ID: 1931040) Visitor Counter : 134