প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
নিবিড় সাংস্কৃতিক সম্পৰ্ক আৰু উন্নয়ন অংশীদাৰিত্বৰ সন্দৰ্ভত মত বিনিময়
ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা আৰু শুভেচ্ছা মহামহিমৰ
Posted On:
30 MAY 2023 8:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা ছিহামনিয়ে দুয়োখন ৰাজ্যৰ মাজত গভীৰ সভ্যতাকেন্দ্ৰিক সম্পৰ্ক, শক্তিশালী সাংস্কৃতিক আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত গুৰুত্ব আৰোপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজাক সামৰ্থ্য গঢ় দিয়াকে ধৰি বিভিন্ন ক্ষেত্ৰত কম্বোদিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ভাৰতৰ সংকল্পৰ আশ্বাস দিয়ে৷ মহামহিম ৰজাই ভাৰতৰ প্ৰধানমন্ত্ৰীক চলিত উন্নয়নমূলক সহযোগিতাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে৷
***
(Release ID: 1930160)
Visitor Counter : 139
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam