প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২১ জুনৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে নাগৰিসকলক স্মৰণ কৰালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 31 MAY 2023 8:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে নাগৰিসকলক স্মৰণ কৰায়৷ শ্ৰী মোদীয়ে কয় যে আহক আমি এই প্ৰাচীন অভ্যাসৰ বাবে সাজু হও আৰু উদযাপন কৰো, যিটোৱে আমাৰ মানসিক আৰু শাৰীৰিক কল্যান বৃদ্ধি কৰে৷ 

আয়ুষ মন্ত্ৰালয়ৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

"আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে তিনি সপ্তাহ বাকী!

আহক আমি এই প্ৰাচীন অভ্যাসৰ বাবে সাজু হও আৰু উদযাপন কৰো, যিটোৱে আমাৰ মানসিক আৰু শাৰীৰিক কল্যান বৃদ্ধি কৰে৷ আহক আমি এখন সুস্থ আৰু সুখী সমাজ গঢ় দিও৷"

***



(Release ID: 1929563) Visitor Counter : 83