তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

১০০ সংখ্যক খণ্ডৰ পূৰ্বে মন কী বাত ১০০ কোটি শ্ৰোতাই শুনিছে বুলি আইআইএমৰ সমীক্ষাত প্ৰকাশ

মন কী বাতৰ নিয়মীয়া শ্ৰোতা ২৩ কোটি, ৯৬% লোকেই এই জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান সন্দৰ্ভত জ্ঞাতঃ আইআইএম, ৰোহটকৰ প্ৰতিবেদন

শক্তিশালী আৰু নিৰ্ণায়ক নেতৃত্ব, শ্ৰোতাৰ সৈতে আৱেগিক সংযোগেই জনপ্ৰিয়তাৰ কাৰণ বুলি শ্ৰোতাই কৈছে

মন কী বাতে আচৰণক প্ৰভাৱিত কৰিছে, ৬০% লোক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহী, ৭৩% লোকে ৰাষ্ট্ৰখন সঠিক দিশত আগবাঢ়ি যোৱা বুলি অনুভৱ কৰিছে

Posted On: 24 APR 2023 6:52PM by PIB Guwahati

প্ৰায় ৯৬ শতাংশ লোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান মন কী বাত সম্পৰ্কে অৱগত। ১০০ কোটি লোক এই কাৰ্য্যসূচী সন্দৰ্ভত জ্ঞাত আৰু এবাৰ হ’লেও এয়া শুনিছে। প্ৰসাৰ ভাৰতীৰ নিৰ্দেশত আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, ৰোহটকে কৰা এক বিস্তৃত অধ্যয়নত এই পৰিসংখ্যা প্ৰকাশ পাইছে। এখনি সংবাদমেলত এই অধ্যয়নৰ ফলাফলসমূহ সদৰী কৰে প্ৰসাৰ ভাৰতীৰ চিইঅ’ শ্ৰী গৌৰৱ দ্বিবেদী আৰু আইআইএম, ৰোহটকৰ সঞ্চালক শ্ৰী ধীৰাজ পি. শৰ্মাই।

শ্ৰী শৰ্মাই অধ্যয়নটোৰ ফলাফলৰাজি সদৰী কৰি কয় যে ২৩ কোটি লোকে নিয়মীয়াভাৱে অনুষ্ঠানটো শুনাৰ সমান্তৰালকৈ আন ৪১ কোটি লোকে মাজে-মাজে এয়া শুনে, যিসকল নিয়মীয়া শ্ৰোতা হ’বলৈ আগ্ৰহী হৈ উঠিছে।

এই প্ৰতিবেদনে প্ৰধানমন্ত্ৰীৰ উক্ত ৰেডিঅ’ অনুষ্ঠানৰ জনপ্ৰিয়তাৰ আঁৰৰ কাৰণসমূহ সম্পৰ্কে গভীৰভাৱে আলোকপাত কৰিছে আৰু শ্ৰোতাক ই আকৰ্ষিতকৰণৰ আটাইতকৈ ভাল লগা বৈশিষ্ট্যসমূহ উল্লেখ কৰিছে। শ্ৰোতাৰ সৈতে আৱেগিক সংযোগ স্থাপন কৰা শক্তিশালী আৰু নিৰ্ণায়ক নেতৃত্বক এই কাৰ্য্যসূচীলৈ আগ্ৰহ জন্মাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। দেশৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীগৰাকীক জ্ঞানী আৰু দৰদী তথা সহানুভূতিশীল দৃষ্টিসম্পন্ন বুলি অভিহিত কৰিছে। নাগৰিকৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা আৰু পথ প্ৰদৰ্শনকো এই কাৰ্য্যসূচীৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

এই অধ্যয়নত এতিয়ালৈকে মন কী বাতৰ ৯৯টা খণ্ডই জনসাধাৰণৰ ওপৰত কেনে প্ৰভাৱ বিস্তাৰ কৰিছে, সেয়া মূল্যায়নৰ প্ৰয়াস কৰা হয়। ইয়াত উল্লেখ কৰা অনুসৰি, চৰকাৰৰ কৰ্মৰাজি সম্পৰ্কে গৰিষ্ঠসংখ্যক শ্ৰোতা সচেতন হৈ পৰিছে আৰু ৭৩% লোক আশাবাদী হোৱাৰ লগতে তেওঁলোকে দেশখন আগবাঢ়ি যাব বুলি অনুভৱ কৰিছে। ৫৮% শ্ৰোতাই তেওঁলোকৰ জীৱন-যাপনৰ অৱস্থা উন্নত হোৱা বুলি কোৱাৰ সমান্তৰালকৈ প্ৰায় সম সংখ্যক (৫৯%) শ্ৰোতাই চৰকাৰখনৰ প্ৰতি তেওঁলোকৰ আস্থা বৃদ্ধি পোৱা বুলি জনাইছে। চৰকাৰৰ প্ৰতি সাধাৰণ আৱেগ প্ৰতিফলিতকৰণেৰে ৬৩% লোকে চৰকাৰৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী ইতিবাচক হৈ পৰিছে বুলি কোৱাৰ লগতে ৬০% লোকে ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

অধ্যয়নটোৱে ৩টা প্লেটফৰ্ম সাপেক্ষে শ্ৰোতাসকলক বিভক্ত কৰিছে। ৪৪.৭% লোকে টিভিত এই অনুষ্ঠান চোৱাৰ বিপৰীতে ৩৭.৬% লোকে ম’বাইল ডিভাইচত এয়া শুনে। অনুষ্ঠানটো শুনাতকৈ চোৱাৰ প্ৰতি আগ্ৰহ বেছি, কিয়নো ১৯-৩৪ বছৰ বয়সৰ ৬২% দৰ্শকে এয়া টিভিত চায়।

গৰিষ্ঠসংখ্যক শ্ৰোতাই হিন্দীত মন কী বাত শুনে। ৬৫% শ্ৰোতাই এই ভাষা পছন্দ কৰাৰ সমান্তৰালকৈ ইংৰাজীত ১৮% শ্ৰোতাই (দ্বিতীয় স্থান) এই অনুষ্ঠান শুনে।

উত্তৰদাতাসকলৰ প্ৰফাইল সম্পৰ্কে ব্যক্ত কৰি, সঞ্চালক শ্ৰী ধীৰাজ শৰ্মাই জনায় যে এই অধ্যয়নৰ বাবে মুঠ প্ৰতিদৰ্শ (sample) সংখ্যা ১০০০৩ৰ ৬০% পুৰুষৰ বিপৰীতে ৪০% মহিলা। তেওঁলোক ৬৮টা বৃত্তি খণ্ডত বিস্তৃত আৰু ৬৪% অনানুষ্ঠানিক আৰু স্ব-নিয়োজিত খণ্ডৰ বিপৰীতে অধ্যয়নৰত শ্ৰোতা ২৩% আছিল।

শ্ৰী শৰ্মাই আৰু কয় যে ভাৰতৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম অঞ্চলৰ প্ৰতিটো মণ্ডলত এটা চাইক’মেট্ৰিকভাৱে শোধিত সমীক্ষা আহিলাৰ জৰিয়তে প্ৰায় ২৫০০ সঁহাৰিৰে স্ন’বল চেম্পলিঙৰ ব্যৱহাৰেৰে তথ্য সংগ্ৰহ কৰা হৈছিল।

শ্ৰী গৌৰৱ দ্বিবেদীয়ে অৱগত কৰে যে ২২টা ভাৰতীয় ভাষা আৰু ২৯টা উপভাষাৰ উপৰিও ইংৰাজীক বাদ দি ১১টা বিদেশী ভাষা যথাঃ ফৰাচী, চাইনিজ, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বালুচি, আৰবী, পাষ্টু, পাৰ্চী, দাৰী আৰু শ্বাহিলীত মন কী বাত সম্প্ৰচাৰিত হয়। তেওঁ কয় যে আকাশবাণীৰ ৫০০ ৰোধিক সম্প্ৰচাৰ কেন্দ্ৰই মন কী বাত সম্প্ৰচাৰ কৰি আহিছে।

অধ্যয়নটোৰ আঁৰৰ চিন্তা প্ৰক্ৰিয়া সম্পৰ্কে ব্যক্ত কৰি শ্ৰী দ্বিবেদীয়ে কয় যে সময়ে-সময়ে আমি কেৱল বিশেষ এটা খণ্ডৰ বাবে নহয়, বৰঞ্চ সামগ্ৰিক কাৰ্য্যসূচীৰ ক্ষেত্ৰত অধিক পূৰ্ণ (well-rounded) মতামত লাভ কৰিব লাগিব বুলি চিন্তা কৰা হৈছিল। তেওঁ আৰু জনায় যে মন কী বাত সন্দৰ্ভত ডিজিটেল চেন্টিমেন্ট সহজে উপলব্ধ হ’লেও কেতবোৰ সীমাবদ্ধতাৰ বাবে পৰম্পৰাগত সংবাদ মাধ্যমৰ ক্ষেত্ৰত এয়া একে নহয়। এই দৃষ্টিভংগীৰে ২০২২ৰ ১৮ এপ্ৰিলত আইআইএম, ৰোহটকক এই সমীক্ষাৰ দায়িত্ব প্ৰদান কৰা হৈছিল।

মন কী বাত সম্পৰ্কেঃ

আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান, প্ৰধানমন্ত্ৰীৰ মন কী বাত ২০১৪ৰ ৩ অক্টোবৰৰপৰা আৰম্ভ হৈছিল আৰু প্ৰতি মাহৰ অন্তিমটো দেওবাৰে পুৱা ১১ বজাত সমগ্ৰ এআইআৰ আৰু ডিডি নেটৱৰ্কত সম্প্ৰচাৰ হয়। ৩০–মিনিটজোৰা এই অনুষ্ঠানে ২০২৩ৰ ৩০ এপ্ৰিলত ১০০টা খণ্ড সম্পূৰ্ণ কৰিব। ইংৰাজীৰ বাহিৰেও ২২টা ভাৰতীয় ভাষা, ২৯টা উপভাষা আৰু ১১টা বিদেশী ভাষালৈ এআইআৰে মন কী বাত অনুবাদ কৰে। এই ভাষাসমূহ হৈছেঃ হিন্দী, সংস্কৃত, পাঞ্জাবী, তামিল, তেলেগু, কানাড়া, মাৰাঠী, গুজৰাটী, মালয়ালম, ওড়িয়া, কংকনী, নেপালী, কাশ্মীৰী, ডোগ্ৰী, মণিপুৰী, মৈথিলী, বাংলা, অসমীয়া, বড়ো, চাওঁতালী, উৰ্দু, সিন্ধি। উপভাষাসমূহৰ ভিতৰত আছেঃ ছত্তীশগড়ী, গণ্ডী, হালবী, সৰগুজিয়া, পাহাৰী, শ্বীনা, গোজৰি, বাল্টি, লাডাখী, কাৰ্বি, খাছী, জয়ন্তীয়া, গাৰো, নাগামিজ, হমাৰ, পাইটে, থাদৌ, কবুই, মাও, টাংখুল, নিছি, আদি, মনপা, আও, অংগামী, কোকবৰোক, মিজো, লেপচা, ছিকিমিজ (ভুটিয়া)।

 



(Release ID: 1919314) Visitor Counter : 173