প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মা কামাখ্যা ক’ৰিডৰ’ এক ঐতিহাসিক পদক্ষেপ হ’ব: প্ৰধানমন্ত্ৰী

Posted On: 19 APR 2023 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা ব্যক্ত কৰে যে ‘কাশী বিশ্বনাথধাম আৰু শ্ৰী মহাকাল মহালোক ক’ৰিডৰ’ৰ দৰেই ‘মা কামাখ্যা ক’ৰিডৰ’-ও এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।

এক টুইটযোগে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অদূৰ ভৱিষ্যতে পুনৰ নিৰ্মাণ কৰিব খোজা মা কামাখ্যা ‘ক’ৰিডৰ’ কেনে হ'ব তাৰ এক আভাস প্ৰদান কৰে।

অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"মই নিশ্চিত যে ‘মা কামাখ্যা ক’ৰিডৰ’ এক ঐতিহাসিক পদক্ষেপ হ'ব।

আধ্যাত্মিক অভিজ্ঞতাৰ ক্ষেত্ৰত কাশী বিশ্বনাথধাম আৰু শ্ৰী মহাকাল মহালোক ৰূপান্তৰশীল হিচাপে পৰিগণিত হৈ আহিছে। পৰ্যটনৰ শ্ৰীবৃদ্ধি আৰু স্থানীয় অৰ্থনীতিৰ উন্নতি সাধন হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।"

 

I am sure Maa Kamakhya corridor will be a landmark initiative.

Kashi Vishwanath Dham and Shree Mahakal Mahalok have been transformative as far as the spiritual experience is concerned. Equally important is the fact that tourism is enhanced and the local economy gets a boost. https://t.co/le8gmNrSNv

— Narendra Modi (@narendramodi) April 19, 2023

 

***



(Release ID: 1918339) Visitor Counter : 93