প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ ৰায়গড়ত বাছ দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 15 APR 2023 1:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়ত বাছ দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে পীড়িতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত এককালীন সাহাৰ্য ঘোষণা কৰে৷

পিএমঅ’ৰ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰায়গড়ৰ বাছ দুৰ্ঘটনাক লৈ দুখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে, সেইসকলৰ প্ৰতি মোৰ সমবেদনা জনালো৷ আহতসকলৰ মই আশু আৰোগ্য কামনা কৰিলো৷ ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সাম্ভাব্য সকলো সাহাৰ্য প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী”

“ৰায়গড়ৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”

***



(Release ID: 1918294) Visitor Counter : 72