প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পঞ্জাৱৰ হোশিয়াৰপুৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা সাহায্য ঘোষণা

পোষ্ট কৰা হৈছে: 14 APR 2023 8:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ হোশিয়াৰপুৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পঞ্জাৱৰ হোশিয়াৰপুৰ দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা ক্ষতিপূৰণ ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা টুইট বাৰ্তাত কৈছে;

পঞ্জাৱৰ হোশিয়াৰপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইফালে আহতসকলক ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ'ব।

*****


(ৰিলিজ আই ডি : 1918072) অতিথি কক্ষ : 123