প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশত সম্পন্ন হোৱা উন্নয়ণমূলক কাম-কাজ সন্দৰ্ভত মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
11 APR 2023 2:33PM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কৰা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"এই উন্নয়নমূলক কাম-কাজসমূহে অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰিব।"
এক ‘টুইট’যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে জানিবলৈ দিয়ে যে তেওঁ কিবিথুত ‘আইটিবিপি’য়ে আৰম্ভ কৰা বহুতো আঁচনিৰ লগতে ৯টা মিনি মাইক্ৰ' জলবিদ্যুৎ প্ৰকল্পও আৰম্ভ কৰিছে। তেওঁ মহিলা নেতৃত্বাধীন স্বেচ্ছাসেৱী গোটসমূহৰ এখন প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
এই উন্নয়নমূলক কাম-কাজসমূহে অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰিব।
***
DS/ST/KB
(Release ID: 1915637)
Visitor Counter : 119
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam