প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পুনঃব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনৰ স্বয়ং অৱতৰণ অভিযান’ চলোৱাৰ বাবে ইছৰোক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 APR 2023 8:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ইছৰোৱে ‘Mission of Self-landing Reusable Launch Vehicle’ সফলতাৰে পৰিচালনা কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।

ইছৰোৱে ডি আৰ ডি অ' আৰু ভাৰতীয় বায়ুসেনাৰ সহযোগত ২০২৩ চনৰ ২ এপ্ৰিলৰ পুৱাৰ ভাগত কৰ্ণাটকৰ চিত্ৰদুৰ্গা এৰ'নটিকেল টেষ্ট ৰেঞ্জ (এ টি আৰ)ত 'পুনঃব্যৱহাৰযোগ্য লঞ্চ ভেহিকেল ছেল্ফ-লেণ্ডিং মিছন (আৰ এল ভি এল ই এক্স)' সফলতাৰে সম্পন্ন কৰে।

ইছৰোৰ কেইবাটাও টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"বৃহৎ দলীয় প্ৰচেষ্টা।" এই কৃতিত্বই আমাক "এটা পুনৰ ব্যৱহাৰযোগ্য ভাৰতীয় উৎক্ষেপণ বাহন বাস্তৱায়িত কৰাৰ এখোজ ওচৰ চপাই নিছে"।

****

DS/ST



(Release ID: 1915507) Visitor Counter : 97