প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গছ-গছনি আৰু হ্ৰদকে ধৰি প্ৰকৃতিৰে বেংগালুৰুৰ অতিশয় গভীৰ সম্পৰ্ক আছেঃ প্ৰধানমন্ত্ৰী

Posted On: 01 APR 2023 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বেংগালুৰুৰ গছ-গছনি আৰু হ্ৰদকে ধৰি প্ৰকৃতিৰে এক অতিশয় গভীৰ সম্পৰ্ক আছে।

প্ৰকৃতিপ্ৰেমী, উদ্যান-পৰিচাৰক আৰু শিল্পী শ্ৰীমতী সুভাষিনী চন্দ্ৰামণিয়ে বেংগালুৰুৰ গছ-গছনিৰ বৈচিত্ৰ্যপূৰ্ণ থূপৰ বিশদ বিৱৰণী সম্পৰ্কে কৰা টুইট থ্ৰেডলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে জনসাধাৰণক নিজ-নিজ চহৰ-নগৰৰ এনে দিশসমূহ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া বেংগালুৰু আৰু ইয়াৰ গছ-গছনিক লৈ এক আকৰ্ষণীয় থ্ৰেড। গছ-গছনি আৰু হ্ৰদকে ধৰি প্ৰকৃতিৰে বেংগালুৰুৰ অতিশয় গভীৰ সম্পৰ্ক আছে।

মই আনকো নিজ-নিজ চহৰ-নগৰৰ এনে দিশসমূহ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছো। এয়া আকৰ্ষণীয় হৈ উঠিব।”

****

DS/ST/SB



(Release ID: 1913579) Visitor Counter : 100