প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 24 MAR 2023 2:33PM by PIB Guwahati

হৰ হৰ মহাদেৱ।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

 

মোৰ বাবে এয়া বহুত আনন্দৰ কথা যে ‘One World TB Summit’ কাশীত হৈ আছে। সৌভাগ্যবশতঃ মই কাশীৰ সাংসদো। কাশী নগৰী, সেই শাশ্বত ধাৰা, যি হাজাৰ হাজাৰ বছৰ ধৰি মানৱতাৰ প্ৰয়াস আৰু পৰিশ্ৰমৰ সাক্ষী হৈ আছে। কাশীয়ে এই কথাৰ সাক্ষ্য দিয়ে যে প্ৰত্যাহ্বান লাগে যিমানেই ডাঙৰ নহওক কিয়, যেতিয়া সকলোৰে প্ৰয়াস হয়, তেতিয়াই নতুন পথো ওলায়। মোৰ বিশ্বাস আছে যে টিবিৰ দৰে বেমাৰৰ বিৰুদ্ধে আমাৰ বিশ্বজনীন সংকল্পক কাশীয়ে এটা নতুন শক্তি দিব।

 

মই ‘One World TB Summit’ত দেশ-বিদেশৰ পৰা কাশীলৈ অহা সকলো অতিথিকে হৃদয়ৰ পৰা আদৰণি জনাইছো, তেওঁলোকক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এখন দেশ হিচাপে ভাৰতৰ বিচাৰধাৰাৰ প্ৰতিবিম্ব 'বসুধৈৱ কুটুম্বকম', অৰ্থাৎ- গোটেই পৃথিৱী এটা পৰিয়াল! এই ভাবনাৰে জিলিকে। এই প্ৰাচীন বিচাৰে আজি আধুনিক বিশ্বক সমন্বিত দৃষ্টিভংগী দি আছে, সমন্বিত সমাধান দি আছে। সেয়ে প্ৰেছিডেণ্ট হিচাপে, ভাৰতৰ জি20 ছামিটৰো থীম হৈছে ‘One world, One Family, One Future’! এই থীম এটা পৰিয়াল হিচাপে সমগ্ৰ বিশ্বৰ উমৈহতীয়া ভৱিষ্যতৰ সংকল্প। কিছু সময়ৰ আগতেই ভাৰতে ‘One earth, One health’ দৃষ্টিভংগীকো আগবঢ়োৱাৰ পদক্ষেপ লৈছে। আৰু এতিয়া ‘One World TB Summit’ৰ জৰিয়তে ভাৰতে Global Goodৰ আৰু এটা সংকল্প সম্পূৰ্ণ কৰি আছে।

 

বন্ধুসকল,

২০১৪ৰ পাছৰ পৰাই ভাৰতে যি নতুন চিন্তা আৰু পদক্ষেপেৰে টিবিৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰে, সেয়া নিতান্তই অভূতপূৰ্ব। ভাৰতৰ এই প্ৰয়াস আজি সমগ্ৰ বিশ্বই এই কাৰণেও জানিব বিচাৰিব, কিয়নো এয়া টিবিৰ বিৰুদ্ধে বিশ্বজনীন যুদ্ধৰ এটা নতুন মডেল। যোৱা ৯ বছৰত ভাৰতে টিবিৰ বিৰুদ্ধে এই যুদ্ধত অনেক প্ৰয়াসত একেলগে কাম কৰিছে। যেনে People’s participation- জন অংশগ্ৰহণ, Enhancing nutrition- পোষণৰ বাবে বিশেষ অভিযান, Treatment innovation- চিকিৎসাৰ বাবে নতুন ৰণনীতি, Tech integration- টেকনিকৰ ভৰপূৰ ব্যৱহাৰ, আৰু Wellness and prevention, ভাল স্বাস্থ্যক উদগণি দিয়া ফিট ইণ্ডিয়া, খেলো ইণ্ডিয়া, যোগৰ দৰে অভিযান।

 

বন্ধুসকল,

টিবিৰ বিৰুদ্ধে যুঁজত ভাৰতে যি বহুত ডাঙৰ কাম কৰিছে, সেয়া হৈছে People’s Participation, জন অংশগ্ৰহণ। ভাৰতে কেনেকৈ এক অভিনৱ অভিযান চলালে, এয়া জনাটো বিদেশৰ পৰা অহা আমাৰ অতিথিসকলৰ বাবে বহুত হৃদয়স্পৰ্শী হ'ব।

 

বন্ধুসকল,

আমি 'টিবি-মুক্ত ভাৰত'ৰ অভিযানত সংযুক্ত হ'বলৈ দেশৰ মানুহক 'নি-ক্ষয়মিত্ৰ' হোৱাৰ আহ্বান জনাইছিলো। ভাৰতত টিবিৰ বাবে স্থানীয় ভাষাত ক্ষয় শব্দ প্ৰচলিত। এই অভিযানৰ পাছত, প্ৰায় ১০ লাখ টিবি ৰোগীক, দেশৰ সাধাৰণ নাগৰিকে এডপ্ট কৰে, আঁকোৱালি লয়। আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ দেশত ১০-১২ বছৰৰ শিশুও 'নি-ক্ষয়মিত্ৰ' হৈ টিবিৰ বিৰুদ্ধে যুঁজ আগবঢ়াই আছে। এনেধৰণৰ কিমান যে শিশু আছে, যি নিজৰ 'পিগিবেংক' ভাঙি টিবি ৰোগীক এডপ্ট কৰিছে। টিবিৰ ৰোগীৰ বাবে এই 'নি-ক্ষয়মিত্ৰ'ৰ অৰ্থনৈতিক সহযোগ এক হাজাৰ কোটি টকাতকৈ ওপৰ পাইছেগৈ। টিবিৰ বিৰুদ্ধে পৃথিৱীত ইমান ডাঙৰ কমিউনিটি ইনিচিয়েটিভ চলাটো, অত্যন্ত প্ৰেৰণাদায়ক। মই আনন্দিত যে বিদেশত থকা প্ৰবাসী ভাৰতীয়য়ো বৃহৎ সংখ্যাত এই প্ৰয়াসত ভাগ লৈছে। আৰু মই আপোনালোকৰ ওচৰতো কৃতজ্ঞ। আপোনালোকে আজি বাৰাণসীৰ পাঁচজন লোকৰ বাবে ঘোষণা কৰি দিলে।

 

বন্ধুসকল,

'নি-ক্ষয়মিত্ৰ' এই অভিযানে এটা ডাঙৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত টিবিৰ ৰোগীসকলক বহুত সহায় কৰিছে। এই প্ৰত্যাহ্বান হৈছে- টিবিৰ ৰোগীৰ পোষণ, তেওঁলোকৰ Nutrition। ইয়াক দেখিয়েই ২০১৮ত আমি টিবি ৰোগীৰ বাবে Direct Benefit Transferৰ ঘোষণা কৰিছিলো। তেতিয়াৰ পৰা এতিয়ালৈকে টিবি ৰোগীৰ বাবে, প্ৰায় ২ হাজাৰ কোটি টকা, পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ পঠিওৱা হৈছে। প্ৰায় ৭৫ লাখ ৰোগী ইয়াৰ দ্বাৰা উপকৃত হৈছে। এতিয়া 'নি-ক্ষয়মিত্ৰ'ৰ পৰা পোৱা শক্তিয়ে টিবি ৰোগীসকলক নতুন শক্তি দি আছে।

 

বন্ধুসকল,

পুৰণি এপ্ৰোচেৰে আগবাঢ়ি নতুন পৰিণতি পোৱা কঠিন। কোনো টিবি ৰোগী চিকিৎসাৰ পৰা আঁতৰি নাথাকক, ইয়াৰ বাবে আমি নতুন ৰণনীতিৰ ওপৰত কাম কৰিলো। টিবি ৰোগীৰ ষ্ক্ৰিণিঙৰ বাবে, তেওঁলোকৰ ট্ৰিটমেণ্টৰ বাবে, আমি আয়ুষ্মান ভাৰত যোজনাৰে সংযুক্ত কৰিলো। টিবিৰ বিনামূলীয়া পৰীক্ষাৰ বাবে, আমি দেশজুৰি লেবৰ সংখ্যা বঢ়ালো। এনেধৰণৰ ঠাই, য'ত টিবি ৰোগীৰ সংখ্যা বেছি, তাত আমি বিশেষ কাৰ্য যোজনা প্ৰস্তুত কৰিছো। আজি এই পদক্ষেপতে এইটো বহুত ডাঙৰ কাম হৈছে 'টিবি-মুক্ত পঞ্চায়ত', এই 'টিবি-মুক্ত পঞ্চায়ত'ত প্ৰতিখন গাঁৱৰ নিৰ্বাচিত জন প্ৰতিনিধি লগ হৈ সংকল্প কৰিব যে এতিয়া আমাৰ গাঁৱত এজনো টিবি ৰোগী নাথাকিব। তেওঁলোকক আমি সুস্থ কৰিমেই। আমি টিবি ৰোধ কৰিবলৈ ৬ মাহৰ কোৰ্ছৰ ঠাইত কেৱল ৩ মাহৰ চিকিৎসাও আৰম্ভ কৰি আছো। আগতে ৰোগীয়ে ৬ মাহলৈকে প্ৰতিদিনেই ঔষধ ল'ব লাগিছিল। এতিয়া নতুন ব্যৱস্থাত ৰোগীয়ে সপ্তাহত কেৱল এবাৰ ঔষধ ল'ব লাগিব। অৰ্থাৎ ৰোগীৰ সুস্থতাও বাঢ়িব আৰু তেওঁৰ ঔষধৰ ক্ষেত্ৰতো সহজ হ'ব।

 

বন্ধুসকল,

টিবি-মুক্ত হ'বলৈ ভাৰতে টেকনলজিৰো যিমান পাৰি বেছি ব্যৱহাৰ কৰি আছে। প্ৰত্যেক টিবি ৰোগীৰ বাবে আৱশ্যকীয় যতন ট্ৰেক কৰিবলৈ আমি নি-ক্ষয় পৰ্টেল বনাইছো। আমি ইয়াৰ বাবে ডেটা ছাইঞ্চৰো বহুত আধুনিক ৰূপত ব্যৱহাৰ কৰি আছো। স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰে লগলাগি sub-national disease surveillanceৰ বাবে এটা নতুন পদ্ধতিও ডিজাইন কৰিছে। গ্লবেল লেভেলত ডব্লিউ এইচ অ'ৰ উপৰিও, ভাৰত এনেধৰণৰ মডেল বনোৱা একমাত্ৰ দেশ।

 

বন্ধুসকল,

এনেধৰণৰ প্ৰয়াসৰ বাবেই আজি ভাৰতত টিবি ৰোগীৰ সংখ্যা কমি আছে। কৰ্ণাটক আৰু জম্মু-কাশ্মীৰক টিবি-মুক্ত পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। জিলা স্তৰতো ভাল কামৰ বাবে পুৰস্কাৰ ঘোষণা কৰা হৈছে। মই এই সফলতা প্ৰাপ্ত কৰা সকলোকে বহুত বহুত অভিনন্দন জনাইছো। টিবি শেষ কৰাৰ গ্লবেল টাৰ্গেট হৈছে ২০৩০। ভাৰতে এতিয়া ২০২৫ পৰ্যন্ত টিবি শেষ কৰাৰ লক্ষ্যৰ ওপৰত কাম কৰি আছে। পৃথিৱীতকৈ পাঁচ বছৰৰ আগতেই আৰু ইমান ডাঙৰ দেশে বহুত ডাঙৰ সংকল্প লৈছে। ভাৰতত আমি কোভিডৰ সময়ত স্বাস্থ্য আন্তঃগাঁথনিৰ সক্ষমতা বৃদ্ধি কৰিছো। আমি Trace, Test, Track, Treat and Technologyৰ ওপৰত কাম কৰি আছো। এই ৰণনীতিয়ে টিবিৰ বিৰুদ্ধে আমাৰ যুদ্ধতো যথেষ্ট সহায় কৰি আছে। ভাৰতৰ এই লোকেল এপ্ৰোচত, বৃহৎ গ্লবেল সম্ভাৱনা আছে, যাক আমি একেলগে প্ৰয়োগ কৰা দৰকাৰ। আজি টিবিৰ চিকিৎসাৰ বাবে ৮০ শতাংশ ঔষধ ভাৰতত হয়। ভাৰতৰ ফাৰ্মা কোম্পানীসমূহৰ এই সামৰ্থ্য, টিবিৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ বহুত ডাঙৰ শক্তি। মই বিচাৰো ভাৰতৰ এনে সকলো শক্তিৰ, সকলো ইনভেচনৰ, আধুনিক টেকনলজিৰ, এই সকলো প্ৰয়াসৰ মুনাফা সৰ্বাধিক দেশে পাওক, কিয়নো আমি গ্লবেল গুডৰ বাবে সংকল্পবদ্ধ। এই ছামিটত অন্তৰ্ভুক্ত আমি সকলো দেশে ইয়াৰ বাবে এটা ব্যৱস্থাপনা বিকশিত কৰিব পাৰো। মোৰ বিশ্বাস আছে যে আমাৰ এই সংকল্প নিশ্চয় সিদ্ধ হ'ব- Yes, We can End TB। 'টিবি হাৰিব, ভাৰত জিকিব' আৰু যেনেকৈ আপোনালোকে কৈছে- 'টিবি হাৰিব, পৃথিৱী জিকিব'।

 

বন্ধুসকল,

মোৰ মনলৈ এটা পুৰণি কাহিনী আহিছে। আপোনালোক সকলোৱেই জানে যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে লেপ্ৰছি সমাপ্ত কৰিবলৈ বহুত কাম কৰিছিল। আৰু যেতিয়া তেওঁ সবৰমতী আশ্ৰমত আছিল, এবাৰ তেওঁক আহমেদাবাদৰ এখন লেপ্ৰছি হাস্পতাল উদ্ঘাটন কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল। গান্ধীজীয়ে তেতিয়া মানুহক কৈছিল যে মই উদ্ঘাটনৰ বাবে নাহো। গান্ধীজীৰ নিজৰ এটা বিশেষত্ব আছিল। ক'লে যে মই উদ্ঘাটনৰ বাবে নাযাওঁ। মোৰ তো আনন্দ তেতিয়া হ'ব যেতিয়া আপোনালোকে মোক সেই লেপ্ৰোছি হাস্পতালত তলা লগাবলৈ মাতিব। অৰ্থাৎ তেওঁ লেপ্ৰোছি সমাপ্ত কৰি সেই হাস্পতালখনেই বন্ধ কৰিব বিচাৰিছিল। গান্ধীজীৰ নিধনৰ পাছতো সেই হাস্পতাল দশক দশক ধৰি একেদৰে চলি থাকিল। ২০০১ চনত গুজৰাটৰ মানুহে মোক যেতিয়া সেৱাৰ সুযোগ দিলে, তেতিয়া মোৰ মনত আছিল যে গান্ধীজীৰ এটা কাম ৰৈ গ'ল তলা লগোৱাৰ, মই অলপ চেষ্টা কৰা ভাল। তেতিয়াই লেপ্ৰোছিৰ বিৰুদ্ধে অভিযানক নতুন গতি দিয়া হয়। আৰু পৰিণাম কি হ'ল? গুজৰাটত লেপ্ৰোছিৰ হাৰ, ২৩ শতাংশৰ পৰা কমি ১ শতাংশৰো কম হ'ল। ২০০৭ চনত মই মুখ্যমন্ত্ৰী হৈ থাকোতে সেই লেপ্ৰোছি হাস্পতালত তলা লাগিল, গান্ধীজীৰ সপোন পূৰণ হ'ল। আৰু সেইবাবেই মই টিবিৰ বিৰুদ্ধে ভাৰতৰ সফলতাক লৈ বহুত আশ্বস্ত।

 

আজিৰ নতুন ভাৰতক নিজৰ লক্ষ্য আহৰণ কৰা বাবে জনা যায়। ভাৰতে Open Defecation Free হোৱাৰ সংকল্প ল'লে আৰু তাক প্ৰাপ্ত কৰি দেখুৱালে। ভাৰতে সৌৰ শক্তি জেনেৰেচন কেপাচিটিৰো লক্ষ্য সময়ৰ আগতেই আহৰণ কৰি দেখুৱাই দিলে। ভাৰতে পেট্ৰলত নিৰ্ধাৰিত শতাংশৰ ইথানল ব্ৰেণ্ডিঙৰ লক্ষ্যও সময়ৰ আগতেই আহৰণ কৰি দেখুৱালে। জনভাগিদাৰীৰ এই শক্তিয়ে সমগ্ৰ বিশ্বৰ বিশ্বাস বঢ়াই আছে। হয়, মোৰ আপোনালোকৰ প্ৰতি এটা আহ্বানো আছে। টিবি ৰোগীৰ মাজত প্ৰায়ে সজাগতা কম দেখা যায়, কিবা নহয় কিবা পুৰণি সামাজিক চিন্তাৰ কাৰণে তেওঁলোকৰ এই ৰোগ লুকুৱাই ৰখাৰ চেষ্টা দেখা যায়। সেয়ে আমি এই ৰোগীসকলক যিমান পাৰি বেছি সজাগ কৰাৰ ওপৰতো সমানেই মনোযোগ দিব লাগিব।

 

বন্ধুসকল,

যোৱা বছৰবোৰত কাশীত স্বাস্থ্য সেৱাৰ দ্ৰুত বিকাশ হোৱাৰ ফলতো টিবিৰ লগতে বিভিন্ন ৰোগৰ ৰোগীসকলৰ যথেষ্ট সহায় হৈছে। আজি ইয়াত National Centre for Disease Controlৰ বাৰাণসী শাখাৰো শিলান্যাস হৈছে। জনস্বাস্থ্য নিৰীক্ষণ গোটৰ কামো আৰম্ভ হৈছে। আজি বিএইচইউত চাইল্ড কেয়াৰ ইউনিটেই হওক, ব্লাডবেংকৰ আধুনিকীকৰণ হওক, আধুনিক ট্ৰমা চেণ্টাৰ নিৰ্মাণেই হওক, ছুপাৰ স্পেচিয়েলিটি ব্লক হওক, বেনাৰসৰ মানুহৰ বহুত কামত আহিছে। পণ্ডিত মদন মোহন মালব্য কেঞ্চাৰ চেণ্টাৰত এতিয়ালৈকে ৭০ হাজাৰৰো অধিক ৰোগীৰ চিকিৎসা কৰা হৈছে। এই লোকসকলে চিকিৎসাৰ বাবে লক্ষ্ণৌ, দিল্লী বা মুম্বাইলৈ যোৱাৰ প্ৰয়োজন হোৱা নাই। একেদৰে বেনাৰসত কবীৰচৌৰা হাস্পতাল হওক, জিলা চিকিৎসালয় হওক, ডাইলিছিছ, চিটী স্কেনৰ দৰে বহু সুবিধা বঢ়োৱা হৈছে। কাশী অঞ্চলৰ গাঁওসমূহতো আধুনিক স্বাস্থ্য সুবিধা বিকশিত কৰি থকা হৈছে। জিলাসমূহত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰবিলাককো বহু সুবিধাৰে সংযুক্ত কৰা হৈছে। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে বেনাৰসৰ দেৰলাখৰো অধিক মানুহে হাস্পতালত ভৰ্তি হৈ নিজৰ বিনামূলীয়া চিকিৎসা কৰাইছে। প্ৰায় ৭০ ঠাইত জন ঔষধি কেন্দ্ৰৰ পৰা ৰোগীয়ে সস্তাত ঔষধ পাই আছে। এই সকলো প্ৰয়াসৰ লাভ পূৰ্বাঞ্চলৰ মানুহে, বিহাৰৰ পৰা অহা মানুহেও পাই আছে।

 

বন্ধুসকল,

ভাৰতে নিজৰ অভিজ্ঞতা, নিজৰ বিশেষজ্ঞতা, নিজৰ ইচ্ছাশক্তিৰ সৈতে টিবি-মুক্তিৰ অভিযানত লাগি আছে। ভাৰতে প্ৰতিখন দেশৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈও নিৰন্তৰ তৎপৰ। টিবিৰ বিৰুদ্ধে আমাৰ অভিযান, সকলোৰে প্ৰয়াসতে সফল হ'ব। মোৰ বিশ্বাস আছে যে আমাৰ আজিৰ প্ৰয়াসে আমাৰ সুৰক্ষিত ভৱিষ্যতক শক্তিশালী কৰিব, আমি অনাগত প্ৰজন্মক এখন উন্নত পৃথিৱী দিব পাৰিম। মই আপোনালোকৰো বহুত কৃতজ্ঞ। আপোনালোকে ভাৰতৰ ইমান ডাঙৰ প্ৰশংসা কৰিলে। মোক নিমন্ত্ৰণ দিলে। মই আপোনালোকৰ ওচৰত হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই এক শুভ আৰম্ভণি আৰু ‘World TB Day’ৰ দিনা মোৰ সকলোকে ইয়াৰ সফলতা আৰু এক দৃঢ় সংকল্পৰ সৈতে আগবাঢ়িবলৈ অনেক শুভকামনা জনাইছো। বহুত বহুত ধন্যবাদ!

**********

 

DS/ST/TK



(Release ID: 1912554) Visitor Counter : 98