প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ অনুষ্ঠানৰ পূৰ্বে আৰম্ভ হোৱা ১০০ দিনীয়া গণনা উপলক্ষে উদযাপন কৰিবলৈ ৩দিনীয়া যোগ উৎসৱ ২০২৩ ত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়
प्रविष्टि तिथि:
13 MAR 2023 11:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ৰ পূৰ্বে ১০০ দিনীয়া গণনাৰ আৰম্ভণি উপলক্ষে আয়োজিত তিনিদিনীয়া যোগ মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। তিনিদিনীয়া যোগ মহোৎসৱ ২০২৩ ১৩-১৪ মাৰ্চত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আৰু ১৫ মাৰ্চত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব।
আয়ুষ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট বাৰ্তাটোত লিখিছে;
যোগ দিৱসৰ এশ দিন উদযাপনৰ সৈতে, মই আপোনালোক সকলোকে উৎসাহেৰে উদযাপন কৰিবলৈ অনুৰোধ জনাইছো। যদি আপুনি এতিয়াও যোগক আপোনাৰ জীৱনৰ অংশ কৰা নাই, তেন্তে যিমান সম্ভৱ সোনকালে কৰিব।
***
DS/TS
(रिलीज़ आईडी: 1907879)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam