প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপতিৰ এটি লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 08 MAR 2023 7:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ এটা লেখা শ্বেয়াৰ কৰিছে। "হাৰ ষ্টৰী, মাই ষ্টৰী — হোৱাই আই এম হ’পফুল এবাউট জেণ্ডাৰ জাষ্টিচ" শীৰ্ষক লেখাটোৰে ভাৰতীয় নাৰীৰ অদম্য মনোভাৱ আৰু তেওঁৰ নিজৰ যাত্ৰাৰ অৱলোকন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"ত্ৰিপুৰাৰপৰা ঘূৰি অহাৰ পথত মই এই লেখাটো পঢ়িলো আৰু ইয়াক অতিশয় অনুপ্ৰেৰণামূলক হিচাপে বিবেচনা কৰিছো। মই আনকো লেখাটো পঢ়িবলৈ আহ্বান জনাইছো। নাৰী দিৱসৰ দিনা ইয়াত এগৰাকী অতি প্ৰেৰণাদায়ক নাৰীৰ জীৱন-যাত্ৰাৰ অৱলোকন কৰা হৈছে, যিয়ে নিজৰ জীৱনটো সেৱাৰ বাবে উৎসৰ্গা কৰিছিল আৰু আহি-আহি ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছে।"

***

DS/AK/SB



(Release ID: 1905513) Visitor Counter : 67