যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কাইলৈ পঞ্জাৱৰ ৰোপাৰৰ পৰা সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব লগা ‘যুৱ উত্সৱ-India@2047’ ৰ শুভাৰম্ভ ঘোষণা কৰিব

প্ৰথম পৰ্যায়ত দেশৰ ১৫০খন জিলাত ‘যুৱ উত্সৱ’ অনুষ্ঠিত কৰা হ’ব

Posted On: 03 MAR 2023 11:55AM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে ৪ মাৰ্চ ২০২৩ তাৰিখে পঞ্জাৱৰ ৰোপাৰৰ পৰা ‘যুৱ উৎসৱ-India@2047’ৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানটোত শ্ৰী অনুৰাগ ঠাকুৰে যুৱ উৎসৱৰ ‘ডেশ্বব'ৰ্ডো’ মুকলি কৰিব। 

৪ মাৰ্চ ২০২৩ত ‘যুৱ উৎসৱ’ একেসময়তে প্ৰতাপগড় (উত্তৰ প্ৰদেশ), হৰিদ্বাৰ (উত্তৰাখণ্ড), ধাৰ আৰু হোচাঙ্গাবাদ (মধ্য প্ৰদেশ), হনুমানগড় (ৰাজস্থান), চাৰাইকেলা(ঝাৰখণ্ড), জলগাঁও(মহাৰাষ্ট্ৰ), বিজয়ৱাৰা (অন্ধ্ৰ প্ৰদেশ), কৰিমনগৰ (তেলেংগানা), পলাখাড় (কেৰালা), কুড়ালোৰ(তামিলনাডু)তো অনুষ্ঠিত হ'ব।

২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পন্ন হ’ব লগা প্ৰথমটো পৰ্যায়ত সমগ্ৰ দেশৰ ১৫০ খন জিলাত ‘যুৱ উৎসৱ’ অনুষ্ঠিত কৰা হ'ব। 

‘যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে’ ইয়াৰ প্ৰধান যুৱ সংগঠন ‘নেহৰু যুৱ কেন্দ্ৰ সংগঠন’ (এনৱাইকেএছ)ৰ জৰিয়তে সমগ্ৰ দেশৰ সকলো জিলাতে "যুৱ উৎসৱ-ভাৰত @২০৪৭" কাৰ্যসূচীৰ আয়োজন কৰিছে। যুৱ শক্তিৰ উদযাপনৰ এই সমগ্ৰ ভাৰততে অনুষ্ঠিত হ'বলগীয়া কাৰ্যক্ৰম জিলা পৰ্যায়ৰ এদিনীয়া যুৱ উৎসৱৰে আৰম্ভ হৈ ২০২৩ৰ মাৰ্চৰ পৰা জুন মাহলৈ তিনিটা পৰ্যায়ত সম্পন্ন হ’ব।  

প্ৰথম পৰ্যায়ত কাৰ্যসূচীসমূহ জিলাসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ দ্বাৰা আয়োজন কৰা হৈছে, য'ত যুৱ স্বেচ্ছাসেৱক আৰু নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ সৈতে সংযুক্ত যুৱ স্বেচ্ছাসেৱক আৰু যুৱ সংঘৰ সদস্যসকলৰ উপৰিও অঞ্চলসমূহৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব।

জিলা পৰ্যায়ৰ বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ ‘যুৱ উৎসৱ’ত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ ৰাজধানীসমূহত ২০২৩ৰ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহলৈ ৰাজ্যিক পৰ্যায়ৰ ‘যুৱ উত্সৱ’সমূহ ২দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সেইদৰে ৰাজ্যিক পৰ্যায়ৰ বিজয়ীসকলে দিল্লীত অক্টোবৰ, ২০২৩-ৰ তৃতীয় বা চতুৰ্থ সপ্তাহত অনুষ্ঠিত হ'বলগীয়া ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ উৎসৱ’ত অংশগ্ৰহণ কৰিব।

তিনিটা পৰ্যায়ত অনুষ্ঠিত উত্সৱত যুৱ শিল্পী, লেখক, আলোকচিত্ৰ শিল্পী, বক্তাসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু পৰম্পৰাগত শিল্পীসকলে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিব। ‘যুৱ উৎসৱ’ৰ বিষয়বস্তু হ'ব ‘পঞ্চ প্ৰাণ’।

০ উন্নত ভাৰতৰ লক্ষ্য,

০ দাসত্ব বা ঔপনিৱেশিক মানসিকতাৰ যিকোনো চিহ্ন আঁতৰোৱাৰ সংকল্প,

০ আমাৰ ঐতিহ্য আৰু উত্তৰাধিকাৰীত্বক লৈ গৌৰৱবোধৰ জাগৰণ,

০ একতা আৰু সংহতি, আৰু

০ নাগৰিকসকলৰ মাজত কৰ্তব্যবোধৰ জাগৰণ।

যুৱপ্ৰজন্মৰ অংশগ্ৰহণকাৰীসকলে ‘অমৃত কাল’ৰ দৃষ্টিভংগীক ৰাজহুৱা আলোচনাৰ বিষয়বস্তু কৰি তুলিব, যাৰ মূল হৈছে ৫টা সংকল্প (পঞ্চ প্ৰাণ)। “যুৱ শক্তিৰ পৰা জন অংশীদাৰিত্ব" ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ এই বিশাল উদযাপনৰ বাবে চালিকা শক্তি হ'ব, যিয়ে দেশক India@2047 লৈ আগুৱাই নিব।

১৫ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকল জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী/প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য হ’ব আৰু প্ৰতিটো পৰ্যায়ৰ বিজয়ীসকল পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাব।

যুৱ উৎসৱৰ প্ৰভাগসমূহ:

০ যৱ শিল্পীৰ প্ৰতিভা সন্ধান- পেইণ্টিং:

০ যুৱ লেখকৰ প্ৰতিভা সন্ধান -

০ আলোকচিত্ৰ শিল্পীৰ প্ৰতিভা সন্ধান:

০ বক্তৃতা প্ৰতিযোগিতা

০ সাংস্কৃতিক উৎসৱ- দলীয় অনুষ্ঠানসমূহ:

‘যুৱ উৎসৱ’ৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ/সংস্থা আৰু ‘পিএছইউ’সমূহে দেশৰ যুৱপ্ৰজন্মৰ বাবে তেওঁলোকৰ সাফল্য আৰু উদ্ভাৱন প্ৰদৰ্শন কৰিব। সেয়েহে, ‘যুৱ উৎসৱ’ৰ মূল উপাদানসমূহৰ উপৰিও, বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সৈতে সমন্বয় সাধন কৰি ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সাফল্য প্ৰদৰ্শন কৰাৰ বাবে নিম্নলিখিত সহযোগী প্ৰদৰ্শনী তথা প্ৰদৰ্শন বিপনীসমূহৰ পৰিকল্পনা কৰা হৈছে। ‘যুৱ উৎসৱ’ কাৰ্যসূচীৰ সৈতে পৰিকল্পনা কৰা কেতবোৰ বিপনী হৈছে:

০ ‘ফিট ইণ্ডিয়া’ বিপনী আৰু ত্ৰীড়া

০ প্ৰদৰ্শনী আৰু ‘ড্ৰোণ’ৰ প্ৰদৰ্শন

০ গ্ৰামোন্নয়ন বিভাগৰ বিপনীসমূহ

০ ‘এমএছএমই’ আৰু বিত্তীয় সেৱা বিভাগৰ বিপনীসমূহ

০ ৫জি প্ৰযুক্তি প্ৰদৰ্শন

০ কৃষি বিভাগৰ বিপনী

০ স্বাস্থ্য বিভাগৰ বিপনীসমূহ

০ হেৰিটেজ বিপনীসমূহ

০ দক্ষতা বিকাশৰ বিপনীসমূহ

০ সাংস্কৃতিক প্ৰদৰ্শন

০' ব্লক চেইন প্ৰমাণপত্ৰ

০ বীৰ গাথা- জিলাসমূহৰ অখ্যাত নায়কসকল

ভাৰত হৈছে যুৱ নাগৰিক আৰু পুৰাতন ইতিহাসৰে সমৃদ্ধ এখন ৰাষ্ট্ৰ। দেশৰ দীঘলীয়া ইতিহাস, বৈচিত্ৰপূৰ্ণ সংস্কৃতি, সমৃদ্ধ ঐতিহ্য আৰু শক্তিশালী পৰম্পৰা হৈছে সাংস্কৃতিক মূলধন, যাক লৈ যুৱ নাগৰিকে ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপনৰ সময়ত India@2047 দৃষ্টিভংগী উপলব্ধি কৰিব।

স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ আৰু নাগৰিকসকলৰ গৌৰৱময় ইতিহাস, সংস্কৃতি আৰু কৃতিত্ব, ‘পঞ্চ প্ৰাণ’ৰ মন্ত্ৰ সাৰোগত কৰি ভাৰতে যিহেতু ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন আৰু স্মৰণ কৰি আছে-; অমৃত কালৰ এই দৃষ্টিভংগীয়ে India@2047ত ভাৰতক উন্নত দেশসূহৰ শাৰীত উপনীত কৰিবগৈ।

******

 NB/SK/KB



(Release ID: 1904011) Visitor Counter : 153