প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

শিৱমোগ্গা বিমান বন্দৰো উদ্বোধন কৰে

দুটা ৰেল প্ৰকল্প আৰু একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

বহু-গাওঁ আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

৪৪ টা স্মাৰ্ট চিটি প্ৰকল্প উদ্বোধন কৰে

"ই কেৱল বিমান বন্দৰেই নহয়, এনে এক অভিযান য'ত যুৱ প্ৰজন্মৰ সপোনবোৰ সাকাৰ হ'ব পাৰে"

"কৰ্ণাটকৰ প্ৰগতিৰ পথ ৰে'লৱে, পথ, বায়ুপথ আৰু আইৱেৰ অগ্ৰগতিৰ জৰিয়তে প্ৰশস্ত হৈছে"

"শিৱমোগ্গাত বিমান বন্দৰ এনে এক সময়ত উদ্বোধন কৰা হৈছে যি সময়ত ভাৰতত বিমান যাত্ৰাৰ প্ৰতি উৎসাহ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে"

"আজি এয়াৰ ইণ্ডিয়াক নতুন ভাৰতৰ সম্ভাৱনা হিচাপে স্বীকৃতি দিয়া হৈছে য'ত ই সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰিছে"

"ভাল যাতায়াত ব্যৱস্থাৰ সৈতে আন্তঃগাঁথনিয়ে সমগ্ৰ অঞ্চলটোত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ গৈ আছে"

"ডাবল ইঞ্জিনৰ এইখন চৰকাৰ গাঁৱৰ চৰকাৰ, দৰিদ্ৰৰ চৰকাৰ, আমাৰ মাতৃ আৰু ভগ্নীৰ চৰকাৰ"

Posted On: 27 FEB 2023 1:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। তেওঁ শিৱমোগ্গা বিমান বন্দৰ উদ্বোধন কৰে আৰু তাত উপলব্ধ সা-সুবিধাসমূহৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গাত দুটা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যাৰ ভিতৰত আছে শিৱমোগা-শিকাৰীপুৰা-ৰানেবেন্নুৰ নতুন ৰে'ললাইন আৰু কোটেগানগুৰু ৰে'লৱে কোচিং ডিপো। তেওঁ ২১৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগা একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ লগতে জল জীৱন মিছনৰ অধীনত ৯৫০ কোটি টকাৰ অধিক মূল্যৰ বহু-গাওঁ আঁচনিৰ আধাৰশিলা উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ শিৱমোগ্গা চহৰত ৮৯৫ কোটি টকাৰ অধিক মূল্যৰ ৪৪ টা স্মাৰ্ট চিটি প্ৰকল্পও উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় কবি কুভেম্পুৰ ভূমিত মূৰ দোৱাই, যাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতি সমৰ্পণৰ ভাবনা আজিও জীৱিত আছে। শিৱমোগ্গাত নতুনকৈ উদ্বোধন কৰা বিমান বন্দৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু দিনৰ পিছত আজি নাগৰিকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে। বিমান বন্দৰৰ সুন্দৰ সৌন্দৰ্য আৰু নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ পৰম্পৰা আৰু প্ৰযুক্তিৰ একত্ৰীকৰণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ই কেৱল বিমান বন্দৰেই নহয়, ই এক অভিযান য'ত যুৱ প্ৰজন্মৰ সপোনবোৰ সাকাৰ হ'ব পাৰে। তেওঁ 'হৰ ঘৰ নল চে জল' প্ৰকল্পৰ লগতে পথ আৰু ৰে'ল প্ৰকল্পৰ কথাও উল্লেখ কৰে যাৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে। তেওঁ এই জিলাসমূহৰ নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰী বি এছ য়েদিয়ুৰাপ্পাক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু ৰাজহুৱা জীৱনলৈ তেওঁৰ অৱদানৰ কথা সোঁৱৰণ কৰে। তেওঁ কয় যে বিধানসভাত তেওঁ আগবঢ়োৱা শেহতীয়া ভাষণ ৰাজহুৱা জীৱনৰ সকলোৰে বাবে অনুপ্ৰেৰণা। প্ৰধানমন্ত্ৰীয়ে ম'বাইলৰ ফ্লাছ লাইট জ্বলাই শ্ৰী বি এছ য়েদিয়ুৰাপ্পাক সন্মান জনোৱাৰ বাবে কৰা অনুৰোধৰ প্ৰতি জনসাধাৰণে ব্যাপক সঁহাৰি দিয়ে আৰু জ্যেষ্ঠ নেতাজনৰ প্ৰতি ৰাইজে তেওঁলোকৰ মৰম প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ উন্নয়ন অব্যাহত আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰগতিৰ এই মাৰ্গ পথ, বায়ুপথ আৰু আইৱে (ডিজিটেল সংযোগ)ৰ দ্বাৰা প্ৰশস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্ণাটকৰ প্ৰগতিৰ ৰথক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ বৃহৎ মহানগৰকেন্দ্ৰিক উন্নয়নৰ বিপৰীতে দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনৰ গাওঁ আৰু ২-৩ স্তৰৰ চহৰসমূহলৈ কৰ্ণাটকৰ উন্নয়নৰ ব্যাপক প্ৰসাৰৰ কথাও উল্লেখ কৰে। "শিৱমোগাৰ বিকাশ এই চিন্তা প্ৰক্ৰিয়াৰ ফলাফল", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে শিৱমোগাৰ বিমানবন্দৰটো এনে এক সময়ত উদ্বোধন কৰা হৈছে যি সময়ত ভাৰতত বিমান ভ্ৰমণৰ উৎসাহ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে। তেওঁ জানিবলৈ দিয়ে যে শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই বিশ্বৰ সৰ্ববৃহৎ যাত্ৰীবাহী বিমান ক্ৰয় কৰাৰ চুক্তি সম্পূৰ্ণ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ আগতে কংগ্ৰেছৰ শাসনকালত এয়াৰ ইণ্ডিয়াৰ বিষয়ে সাধাৰণতে নেতিবাচক দৃষ্টিৰে আলোচনা কৰা হৈছিল আৰু ইয়াৰ পৰিচয় সদায় কেলেংকাৰীৰ সৈতে সম্পৰ্কিত হৈ আছিল য'ত ইয়াক লোকচানৰ ব্যৱসায়িক মডেল বুলি গণ্য কৰা হৈছিল। বৰ্তমান এয়াৰ ইণ্ডিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই নতুন ভাৰতৰ সম্ভাৱনা হিচাপে স্বীকৃত য'ত ই সফলতাৰ শিখৰত উপনীত হৈছে। তেওঁ ভাৰতৰ বিস্তৃত বিমান বজাৰৰ কথা উল্লেখ কৰে আৰু জনায় যে অদূৰ ভৱিষ্যতে দেশখনক হাজাৰ হাজাৰ বিমানৰ প্ৰয়োজন হ'ব য'ত কৰ্মশক্তি হিচাপে হাজাৰ হাজাৰ যুৱ নাগৰিকৰ প্ৰয়োজন হ'ব। আমি আজি এই বিমানসমূহ আমদানি কৰি আছোঁ যদিও, প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সেই দিনটোলৈ বেছি দূৰ নাই যেতিয়া ভাৰতৰ নাগৰিকসকলে মেড ইন ইণ্ডিয়া যাত্ৰীবাহী বিমানত উৰা মাৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সেইসমূহ নীতিৰ বিষয়ে বৰ্ণনা কৰে যাৰ ফলত বিমান খণ্ডৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দৃষ্টিভংগীৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে সৰু চহৰসমূহৰ বিমান বন্দৰৰ নিৰ্মাণত জোৰ দিছিল। তেওঁ জনায় যে ২০১৪ চনলৈকে স্বাধীনতাৰ প্ৰথম ৭ দশকত দেশত ৭৪ টা বিমানবন্দৰ আছিল। আনহাতে যোৱা ৯ বছৰত আৰু ৭৪ টা বিমানবন্দৰ যোগ কৰা হৈছে, যি বহুতো সৰু চহৰক সংযোগ কৰিছে। প্ৰধানমন্ত্ৰীয়ে হাৱাই চেণ্ডেল পৰিধান কৰা সাধাৰণ নাগৰিকসকলক উৰা জাহাজত ভ্ৰমণ কৰিবলৈ সক্ষম কৰাৰ তেওঁৰ সপোন সাকাৰ কৰিবলৈ সুলভ বিমান ভ্ৰমণৰ বাবে উড়ান আঁচনিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "নতুন বিমান বন্দৰে প্ৰকৃতি, সংস্কৃতি আৰু কৃষিৰ ভূমি শিৱমোগ্গাৰ বাবে উন্নয়নৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে"। তেওঁ কয় যে শিৱমোগ্গা হৈছে মালেনাডু অঞ্চলৰ এক প্ৰৱেশদ্বাৰ যি পশ্চিম ঘাট আৰু সেউজীয়া পৰিৱেশ, বন্যপ্ৰাণী অভয়াৰণ্য, নদী, বিখ্যাত যোগ জলপ্ৰপাত আৰু হাতী শিবিৰ, সিম্হা ধামৰ সিংহ চাফাৰী আৰু আগুম্বেৰ পৰ্বতমালাৰ ঘৰৰ বাবে বিখ্যাত।প্ৰধানমন্ত্ৰীয়ে এই প্ৰবাদৰ কথা স্মৰণ কৰি কয় যে যিসকলে গংগাত ডুব দিয়া নাই আৰু তুংগভদ্ৰা নদীৰ পানী খোৱা নাই তেওঁলোকৰ জীৱন অসম্পূৰ্ণ হৈ আছে।

শিৱমোগ্গাৰ সাংস্কৃতিক সমৃদ্ধিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰকবি কুভেম্পু আৰু বিশ্বৰ একমাত্ৰ জীৱিত সংস্কৃত গাওঁ মাত্তুৰ আৰু শিৱমোগ্গাত বিশ্বাসৰ বহুতো কেন্দ্ৰৰ কথাও উল্লেখ কৰে। তেওঁ ইছ্ছুৰু গাঁৱৰ স্বাধীনতা সংগ্ৰামৰ কথাও উল্লেখ কৰে।

শিৱমোগ্গাৰ কৃষিৰ স্বকীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই দেশৰ আটাইতকৈ উৰ্বৰ অঞ্চলসমূহৰ ভিতৰত অন্যতম। তেওঁ অঞ্চলটোৰ শস্যৰ আকৰ্ষণীয় প্ৰকাৰৰ কথা উল্লেখ কৰে। এই কৃষি সম্পদে দ্বৈত ইঞ্জিন চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা শক্তিশালী যোগাযোগ ব্যৱস্থাৰ দ্বাৰা গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন বিমান বন্দৰে পৰ্যটনৰ উন্নয়নত সহায় কৰিব আৰু ইয়াৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি হব। ৰে'ল সংযোগে কৃষকসকলৰ বাবে নতুন বজাৰ নিশ্চিত কৰিব বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে শিৱমোগ্গা-শিকাৰীপুৰা- ৰাণীবেন্নুৰ নতুন লাইন সম্পূৰ্ণ হ'লে হাভেৰী আৰু দাভাংগেৰে জিলাও লাভান্বিত হ'ব। তেওঁ কয় যে এই লাইনত কোনো লেভেল ক্ৰছিং নহ'ব যাৰ ফলত ইয়াত এক সুৰক্ষিত ৰে'ল লাইন সৃষ্টি হ'ব য'ত দ্ৰুত ৰে'লসমূহ সুচাৰুৰূপে চলিব পাৰিব। তেওঁ উল্লেখ কৰে যে নতুন কোচিং টাৰ্মিনেল নিৰ্মাণৰ পিছত কোটাগংগৌৰ ষ্টেচনৰ ক্ষমতা বৃদ্ধি পাব, যিটো এটা চমু হল্ট ষ্টেচন আছিল। তেওঁ কয় যে এতিয়া ইয়াক ৪ টা ৰে'ললাইন, ৩টা প্লেটফৰ্ম আৰু ৰে'লৱে কোচিং ডিপোৰে বিকশিত কৰা হৈছে। শিৱমোগ্গা অঞ্চলটোৰ এক শৈক্ষিক কেন্দ্ৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত যাতায়াত ব্যৱস্থাই ওচৰৰ অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে শিৱমোগ্গা ভ্ৰমণ কৰাটো সহজ কৰি তুলিব। তেওঁ এইটোও উল্লেখ কৰে যে ই অঞ্চলটোৰ ব্যৱসায় আৰু উদ্যোগসমূহৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাল যাতায়াত ব্যৱস্থাৰ সৈতে আন্তঃগাঁথনিৰ ফলত সমগ্ৰ অঞ্চলটোত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হ'ব"।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ জল জীৱন মিছনক শিৱমোগ্গাৰ মহিলাসকলৰ জীৱন যাপনৰ ব্যৱস্থা সহজ কৰাৰ বাবে এক ডাঙৰ অভিযান বুলি অভিহিত কৰে। তেওঁ কয় যে যে জল জীৱন মিছন আৰম্ভ হোৱাৰ আগতে শিৱমোগ্গাৰ ৩ লাখ পৰিয়ালৰ ভিতৰত মাত্ৰ ৯০ হাজাৰ পৰিয়ালৰহে নলৰ পানীৰ সংযোগ আছিল। এতিয়া, ডাবল ইঞ্জিন চৰকাৰে ১.৫ লাখ পৰিয়ালক নলৰ পানীৰ সংযোগ প্ৰদান কৰিছে আৰু এই সুবিধা সুনিশ্চত কৰাৰ বাবে কাম চলি আছে। যোৱা ৩.৫ বছৰত, ৪০ লাখ পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "দ্বৈত ইঞ্জিনৰ চৰকাৰখন গাওঁ, দৰিদ্ৰ, আমাৰ মাতৃ আৰু ভগ্নীৰ চৰকাৰ"। শৌচালয়, গেছ সংযোগ আৰু নলৰ পানী যোগানৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মাতৃ-ভগ্নীসকলৰ সৈতে সম্পৰ্কিত সকলো সমস্যাৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ পুনৰ কয় যে ডাবল ইঞ্জিন চৰকাৰে সম্পূৰ্ণ সততাৰে প্ৰতিটো ঘৰত পাইপযুক্ত পানী উপলব্ধ কৰাৰ চেষ্টা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "কৰ্ণাটকৰ জনসাধাৰণে ভালদৰে জানে যে এয়া হৈছে ভাৰতৰ অমৃত কাল, উন্নত ভাৰত গঢ়াৰ সময়।" তেওঁ উল্লেখ কৰে যে ভাৰতৰ স্বাধীনতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যে এনে সুযোগ আহিছে আৰু বিশ্বৰ মঞ্চত ভাৰতৰ কণ্ঠ শুনা গৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিব বিচাৰে আৰু ইয়াৰ ফলত কৰ্ণাটক আৰু ইয়াৰ যুৱসকল লাভান্বিত হব। ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে আশ্বাস দিয়ে যে কৰ্ণাটকৰ উন্নয়নৰ বাবে এই অভিযানে অধিক গতি লাভ কৰিব। সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, "আমি একেলগে খোজকাঢ়িব লাগিব। আমি একেলগে আগবাঢ়িব লাগিব"।

এই অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েদিয়ুৰাপ্পা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত আছিল।

 

পৃষ্ঠভূমি

সমগ্ৰ দেশতে বিমান যোগাযোগ উন্নত কৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে আৰোপ কৰা গুৰুত্বই শিৱমোগ্গা বিমান বন্দৰৰ উদ্বোধনৰ লগে লগে আৰু এক উৎসাহ লাভ কৰিব। নতুন বিমান বন্দৰটো প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰৰ যাত্ৰী বাহী টাৰ্মিনেল ভৱনটোৱে প্ৰতি ঘণ্টাত ৩০০জন যাত্ৰী পৰিচালনা কৰিব পাৰে আৰু মালনাদ অঞ্চলৰ শিৱমোগ্গা আৰু অন্যান্য চুবুৰীয়া অঞ্চলৰ যাতায়াত ব্যৱস্থা আৰু উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গাত দুটা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে শিৱমোগ্গা–চিকাৰীপুৰা–ৰানেবেন্নুৰ নতুন ৰে'ললাইন আৰু কোটেগানগুৰু ৰে'লৱে কোচিং ডিপো। শিৱমোগ্গা–চিকাৰীপুৰ-ৰানেবেন্নুৰ নতুন ৰে'লপথটো ৯৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব আৰু ই বেংগালুৰু-মুম্বাই মুখ্য লাইনৰ সৈতে মালনাদ অঞ্চলক উন্নত যাতায়াত ব্যৱস্থা প্ৰদান কৰিব। শিৱমোগ্গা চহৰৰ কোটেগানগুৰু ৰেলৱে কোচিং ডিপোটো ১০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব যাৰ ফলত শিৱমোগ্গাৰ পৰা নতুন ৰেল আৰম্ভ কৰাত সহায় হব আৰু বেংগালুৰু আৰু মহীশূৰত ৰক্ষণাবেক্ষণৰ সুবিধাসমূহ হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে একাধিক পথ উন্নয়ন মূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ২১৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত আছে বাইণ্ডুৰ– ৰাণীবেন্নুৰক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ ৭৬৬চিত শিকাৰীপুৰা নগৰৰ বাবে এটা নতুন বাইপাছ পথ নিৰ্মাণ; মেগাৰাবল্লিৰ পৰা আগুম্বেলৈ ৰাষ্ট্ৰীয় ঘাইপথ-১৬৯এ বহল কৰা আৰু ১৬৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তীৰ্থহাল্লি তালুকৰ ভাৰতীপুৰাত এখন নতুন দলং নিৰ্মাণ।

প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত জল জীৱন মিছনৰ অধীনত ৯৫০ কোটি টকাৰ অধিক মূল্যৰ বহু-গাওঁ আঁচনিৰ আধাৰশিলা উদ্বোধন আৰু স্থাপনো কৰে। ইয়াৰ ভিতৰত আছে গৌতমপুৰা আৰু আন ১২৭খন গাওঁৰ বাবে এটা বহু-গাওঁ আঁচনি উদ্বোধন আৰু মুঠ ৮৬০কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আন তিনিটা বহু-গাওঁ আঁচনিৰ আধাৰশিলা স্থাপন। চাৰিখন আঁচনিয়ে কাৰ্যকৰী ঘৰুৱা পাইপযুক্ত পানীৰ সংযোগ প্ৰদান কৰিব আৰু মুঠ ৪.৪ লাখতকৈও অধিক লোক উপকৃত হ'ব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গা চহৰত ৮৯৫ কোটি টকাৰ অধিক মূল্যৰ ৪৪ টা স্মাৰ্ট চিটি প্ৰকল্পও উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮টা স্মাৰ্ট ৰোড পেকেজ; ইণ্টিগ্ৰেটেড কমাণ্ড আৰু কণ্ট্ৰোল চেণ্টাৰ আৰু মাল্টি-লেভেল কাৰ পাৰ্কিং; স্মাৰ্ট বাছ আশ্ৰয় প্ৰকল্প; এক উন্নত কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী; শিৱাপ্পা নায়ক প্ৰাসাদৰ দৰে ঐতিহ্যবাহী প্ৰকল্পবোৰক এক ইন্টাৰেক্টিভ মিউজিয়ামলৈ বিকাশ কৰা, ৯০টা কনজাৰ্ভেন্সি লেন, উদ্যান নিৰ্মাণ আৰু ৰিভাৰফ্ৰণ্ট উন্নয়ন প্ৰকল্প আদি।

 

*************************

DS/TS /KG



(Release ID: 1902987) Visitor Counter : 71