প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় বায়ু সেনাই আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়াসক সহযোগ কৰাৰ লগতে অংশীদাৰী হ’বলৈ দেশৰ শৈক্ষিক ক্ষেত্ৰ, বৈজ্ঞানিক সমুদায় আৰু ঔদ্যোগিক ক্ষেত্ৰৰ লোকসকলক আমন্ত্ৰণ জনাইছে


প্ৰধানমন্ত্ৰীয়ে ইয়াক দেশৰ অতি প্ৰতিভাশালী লোক আৰু গতিশীল উদ্যোগীসকলৰ বাবে এক মহান সুযোগ বুলি অভিহিত কৰে

प्रविष्टि तिथि: 13 FEB 2023 9:15AM by PIB Guwahati

ভাৰতীয় বায়ু সেনাই আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়াসক সহযোগ কৰাৰ লগতে অংশীদাৰী হ’বলৈ দেশৰ শৈক্ষিক ক্ষেত্ৰ, বৈজ্ঞানিক সমুদায় আৰু ঔদ্যোগিক ক্ষেত্ৰৰ লোকসকলক আমন্ত্ৰণ জনাইছে। এৰো ইণ্ডিয়া ২০২৩ৰ প্ৰাকমুহূৰ্তত আগ্ৰহ প্ৰকাশৰ বাবে ৩১ টা আমন্ত্ৰণ আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অতি প্ৰতিভাশালী লোক আৰু গতিশীল উদ্যোগীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাৰ ই এক মহান সুযোগ বুলি অভিহিত কৰে। ভাৰতীয় বায়ু সেনাই কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ অতি প্ৰতিভাশালী লোক আৰু গতিশীল উদ্যোগীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ অভিযানত গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাৰ এক উত্তম সুযোগ আৰু সেয়াও হৈছে প্ৰতিৰক্ষা খণ্ডত, যিয়ে আমাৰ দেশক সদায়ে গৌৰৱান্বিত কৰি আহিছে।"

 

***

DS/ST/KG


(रिलीज़ आईडी: 1899075) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam