বিত্ত মন্ত্ৰালয়

নিবনুৱাৰ হাৰ ২০১৮-১৯ বৰ্ষৰ ৫.৮শতাংশৰ পৰা ২০২০-২১ বৰ্ষত ৪.২ শতাংশলৈ হ্ৰাস পাইছে


গ্ৰামীণ মহিলাশক্তিৰ অংশগ্ৰহণৰ হাৰ ২০১৮-১৯ বৰ্ষৰ ১৯.৭শতাংশৰ পৰা ২০২০-২১ বৰ্ষত ২৭.৭ শতাংশলৈ বৃদ্ধি হৈছে

মহিলাৰ কামৰ মাপ জোখাৰ দিগন্ত বিস্তৃত হোৱাৰ প্ৰয়োজন আছে

‘ই-শ্ৰম পৰ্টেল’ত অসংগঠিত খণ্ডৰ ২৮.৫ কোটি শ্ৰমিকৰ পঞ্জীয়ণ হৈছে

স্ব-নিয়োজিতসকলৰ অংশীদাৰিত্ব বৃদ্ধি হোৱাৰ বিপৰীতে ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত নিয়মীয়া মজুৰি-বেতনভোগী শ্ৰমিকৰ অংশীদাৰিত্ব কমিছে

‘ইপিএফঅ’ৰ অধীনত যোগ দিয়া মুঠ গড় মাহিলী গ্ৰাহকৰ সংখ্যা ২০২১ৰ এপ্ৰিল-নৱেম্বৰৰ ৮.৮ লাখৰ পৰা ২০২২ৰ এপ্ৰিল-নৱেম্বৰত ১৩.২ লাখলৈ বৃদ্ধি পাইছে

Posted On: 31 JAN 2023 1:38PM by PIB Guwahati

‘বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা’ দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা ‘অৰ্থনৈতিক সমীক্ষা ২০২২-২৩’ত কোৱা হৈছে যে যদিও মহামাৰীয়ে শ্ৰমিক বজাৰ আৰু নিযুক্তিৰ অনুপাত দুয়োটাতে প্ৰভাৱ পেলাইছে, বিশেষ তত্পৰতা লগতে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে আৰু যোৱা কেইবছৰমানত গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ সুবাদত  এতিয়া শ্ৰমিক বজাৰবোৰ, নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে প্ৰাক-কভিড সময়ৰ পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে বুলি যোগান আৰু চাহিদা শৃংখলত হোৱা  নিযুক্তিৰ তথ্যই প্ৰতীয়মান কৰা দেখা গৈছে।

শ্ৰমিক সংস্কাৰৰ প্ৰগতিশীল পদক্ষেপসমূহ:

২০১৯ আৰু ২০২০ চনত, ২৯ খন কেন্দ্ৰীয় শ্ৰমিক আইন একত্ৰিত কৰা হৈছিল, যুক্তিসঙ্গত কৰা হৈছিল, আৰু চাৰিখন শ্ৰমিক সংহিতাত সৰল কৰা হৈছিল, যেনে মজুৰিৰ সংহিতা, ২০১৯ (আগষ্ট ২০১৯), ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০, সামাজিক সুৰক্ষা সংহিতা, ২০২০, আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কাৰ্যকৰী চৰ্ত সংহিতা, ২০২০ (২০২০)।

সমীক্ষা অনুসৰি, সংহিতাৰ অধীনত উপস্থাপন কৰা নিয়মবোৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু উপযুক্ত পৰ্।যায়ত অৰ্পণ কৰা হৈছে। ১৩ ডিচেম্বৰ ২০২২ তাৰিখলৈকে, ৩১ খন ৰাজ্যই মজুৰি সংহিতা, ঔদ্যোগিক সম্পৰ্ক সংহিতাৰ অধীনত, ২৮ খন ৰাজ্যই সামাজিক সুৰক্ষা সংহিতাৰ অধীনত, ২৮ খন ৰাজ্যই বৃত্তিগত সুৰক্ষা, আৰু  ২৬ খন ৰাজ্যই স্বাস্থ্য আৰু কৰ্মপৰিস্থিতি সংহিতাৰ অধীনত খচৰা নিয়মবোৰৰ পূৰ্বপ্ৰকাশ কৰিছে।

উন্নত হৈছে নিযুক্তিৰ প্ৰৱণতা

নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে শ্ৰমিক বজাৰবোৰৰ পৰিসস্থিতি প্ৰাক-ক’ভিড অৱস্থাতকৈয়ো উন্নত পৰ্যায়লৈ  উন্নত হৈছে, নিবনুৱাৰ হাৰ ২০১৮-১৯ বৰ্ষত ৫.৮ শতাংশৰ পৰা ২০২০-২১ চনত ৪.২ শতাংশলৈ হ্ৰাস পাইছে।

‘পিএলএফএছ’ ২০১৯-২০ আৰু ২০১৮-১৯ ৰ তুলনাত পিএলএফএছ ২০২০-২১(জুলাই-জুন) ‘পিএলএফএছ’ত শ্ৰমিক বাহিনীৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ), শ্ৰমিক জনসংখ্যা অনুপাত (ডব্লিউপিআৰ) আৰু নিবনুৱাৰ হাৰ (ইউআৰ) সচৰাচৰ স্থিতি অনুসৰি উন্নত হৈছে।

পুৰুষৰ বাবে শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ  ২০১৮-১৯ বৰ্ষত ৫৫.৬%ৰ বিপৰীতে ২০২-২১ বৰ্ষত ৫৭.৫% লৈ বৃদ্ধি হৈছে। মহিলা শ্ৰমিক বাহিনীৰ অংশগ্ৰহণৰ হাৰ ২০২০-২১ বৰ্ষত ২০১৮-১৯ বৰ্ষৰ ১৮.৬% ৰ পৰা ২৫.১% লৈ বৃদ্ধি হৈছে। গ্ৰাম্য মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ২০১৮-১৯ বৰ্ষত ১৯.৭% ৰ পৰা ২০২০-২১ বৰ্ষত ২৭.৭% লৈ উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে।

মহিলাৰ কামৰ মাপ জোখাৰ দিগন্ত বিস্তৃত হোৱাৰ প্ৰয়োজন আছে। নিযুক্তিৰ বিস্তৃত স্থিতি অনুসৰি, স্ব-নিয়োজিতসকলৰ অংশ বৃদ্ধি পোৱাৰ লগতে ২০১৯-২০ বৰ্ষৰ তুলনাত নিয়মীয়া মজুৰি/বেতনভোগী শ্ৰমিকৰ অংশ ২০২০-২১ চনত হ্ৰাস পাইছে। গ্ৰাম্য অঞ্চলৰ দ্বাৰা চালিত নৈমিত্তিক শ্ৰমিকৰ অংশ সামান্য হ্ৰাস পাইছিল। কামৰ উদ্যোগৰ ওপৰত আধাৰিত অৰ্থনৈতিক সমীক্ষা অনুসৰি, কৃষিত নিয়োজিত শ্ৰমিকৰ অংশীদাৰিত্ব ২০১৯-২০ বৰ্ষৰ ৪৫.৬ শতাংশৰ পৰা ২০২০-২১ বৰ্ষত ৪৬.৫ শতাংশলৈ সামান্য বৃদ্ধি পাইছে, উৎপাদনৰ অংশ ১১.২ শতাংশৰ পৰা ১০.৯ শতাংশলৈ হ্ৰাস পাইছে, নিৰ্মাণৰ অংশ ১১.৬ শতাংশৰ পৰা ১১.১২ শতাংশলৈ বৃদ্ধি হৈছে।  আৰু বাণিজ্য, হোটেল আৰু ৰেষ্টুৰেণ্টৰ অংশ একে সময়তে ১৩.২ শতাংশৰ পৰা ১২.২ শতাংশলৈ হ্ৰাস পাইছে।

‘ই-শ্ৰম পৰ্টেল’ত অসংগঠিত খণ্ডৰ ২৮.৫ কোটি শ্ৰমিকৰ পঞ্জীয়ণ হৈছে। স্ব-নিয়োজিতসকলৰ অংশীদাৰিত্ব বৃদ্ধি হোৱাৰ বিপৰীতে ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত নিয়মীয়া মজুৰি-বেতনভোগী শ্ৰমিকৰ অংশীদাৰিত্ব কমিছে। সেইদৰে, ‘ইপিএফঅ’ৰ অধীনত যোগ দিয়া মুঠ গড় মাহিলী গ্ৰাহকৰ সংখ্যা ২০২১ৰ এপ্ৰিল-নৱেম্বৰৰ ৮.৮ লাখৰ পৰা ২০২২ৰ এপ্ৰিল-নৱেম্বৰত ১৩.২ লাখলৈ বৃদ্ধি পাইছে।

 

***

NB/JJ/KB



(Release ID: 1895260) Visitor Counter : 198