গৃহ মন্ত্ৰালয়

সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰষ্কাৰ-২০২৩


সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ বাবে প্ৰতিষ্ঠানিক শ্ৰেণীত নিৰ্বাচিত ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু মিজোৰামৰ লুংলেই অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠান

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদানৰ প্ৰচেষ্টা গ্ৰহণ কৰি ভাৰতৰ ব্যক্তি আৰু সংগঠনে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনাইছে

Posted On: 23 JAN 2023 12:28PM by PIB Guwahati

ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (অ’এছডিএমএ) আৰু মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচন (এলএফএছ), দুয়োটাকে প্ৰতিষ্ঠানিক শাখাত দুৰ্যোগ ব্যৱস্থাপনাত কৰা উৎকৃষ্ট কামৰ বাবে ২০২৩ চনৰ সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে।

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদানৰ প্ৰচেষ্টা  গ্ৰহণ কৰি ভাৰতৰ ব্যক্তি আৰু সংগঠনে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনাইছে৷

প্ৰতি বছৰে ২৩ জানুৱাৰী অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত এই বঁটা ঘোষণা কৰা হয়। এই বঁটাত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৫১ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ আৰু ব্যক্তিৰ ক্ষেত্ৰত ৫ লাখ টকা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত দেশত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি, প্ৰস্তুতি, প্ৰশমন আৰু সঁহাৰি ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিছে যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হতাহতৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

২০২৩ বৰ্ষৰ বঁটাৰ বাবে ২০২২ চনৰ ১ জুলাইৰ পৰা মনোনয়ন আহ্বান কৰা হৈছিল। ২০২৩ বৰ্ষৰ বঁটা আঁচনিখনক ছপা, বৈদ্যুতিক আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্ৰচাৰ কৰা হৈছিল। বঁটা আঁচনিৰ প্ৰতি সঁহাৰি জনাই প্ৰতিষ্ঠান আৰু ব্যক্তিৰ পৰা ২৭৪খন বৈধ মনোনয়ন লাভ কৰা হয়।

২০২৩ চনৰ বঁটা বিজয়ীসকলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা অসাধাৰণ কামৰ সাৰাংশ তলত দিয়া হ’লঃ

  1. ১৯৯৯ চনত ছুপাৰ ঘূৰ্ণীবতাহৰ পিছত ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (অ’এছডিএমএ) স্থাপন কৰা হৈছিল। অ'এছডিএমএই ওড়িশা দুৰ্যোগ সঁহাৰি একচন ফ'ৰ্চ (অ’ডিআৰএএফ), বহু-বিপদ আগতীয়া সতৰ্কবাণী সেৱা (এমএইচইডব্লিউএছ) পৰিকাঠামো, আৰু "সতৰ্ক" (গতিশীল বিপদৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি দুৰ্যোগৰ বিপদৰ তথ্য মূল্যায়ন, অনুসৰণ আৰু সতৰ্কীকৰণ পদ্ধতি)। বিভিন্ন ঘূৰ্ণীবতাহৰ সময়ত অ’এছডিএমএই ফলপ্ৰসূ সঁহাৰি প্ৰদান কৰিছিল, হুদহুদ (২০১৪), ফেনি (২০১৯), আম্ফান (২০২০) আৰু ওড়িশা বানপানীৰ সময়ত (২০২০)। উপকূলৰ পৰা ১.৫ কিলোমিটাৰৰ ভিতৰত অৱস্থিত ৩৮১খন ছুনামী প্ৰৱণ গাঁও/ৱাৰ্ড আৰু ৮৭৯টা বহুমুখী ঘূৰ্ণীবতাহ/বানপানীৰ আশ্ৰয় শিবিৰত সামুহিক স্থিতিস্থাপকতা গঢ়ি তোলাৰ ক্ষেত্ৰত অ’এছডিএমএই দুৰ্যোগ প্ৰস্তুতিৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
  2. মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে ২০২১ চনৰ ২৪ এপ্ৰিলত লুংলেই চহৰক আগুৰি থকা জনবসতিহীন বনাঞ্চল আৰু ১০খনতকৈও অধিক গাঁও পৰিষদ এলেকাত বিয়পি পৰা ভয়ংকৰ অগ্নিকাণ্ড দক্ষতা আৰু ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰে৷ স্থানীয় সাধাৰণ নাগৰিকৰ সহায়ত লুংলেই অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে ৩২ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে কাম কৰিছিল আৰু এই সময়ছোৱাত তেওঁলোকে বাসিন্দাসকলক প্ৰেৰণা দিছিল আৰু থিতাতে প্ৰশিক্ষণ প্ৰদান কৰিছিল। জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলৰ সাহসী, কঠোৰ আৰু তৎকালীন প্ৰচেষ্টাৰ বাবে জীৱন আৰু সম্পত্তিৰ কোনো ক্ষতি নহ’ল আৰু ৰাজ্যৰ অন্যান্য অঞ্চললৈ জুই বিয়পি যোৱাৰ পৰা ৰক্ষা পৰিল।

***

RK/AY/RR/DB



(Release ID: 1893515) Visitor Counter : 148