স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
জি-20 হেল্থ ট্ৰেক
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰৱিণ পাৱাৰ আৰু বিদেশ ৰাজ্যমন্ত্ৰী শ্ৰী এছভি মুৰলীধৰণে কেৰালাৰ তিৰুৱনন্তপুৰমত প্ৰথম জি-20 স্বাস্থ্য কৰ্ম-গোট বৈঠকৰ অধ্যক্ষতা কৰে
মহামাৰী সম্পৰ্কীয় নীতি আমাৰ স্বাস্থ্য নীতিৰ নিৰ্ণায়ক অংশ হোৱা দৰকাৰ কিয়নো আজি পাৰস্পৰিক ৰূপত সংযুক্ত বিশ্বৰ বহুমাত্ৰিক প্ৰকৃতিৰ কাৰণে যিকোনো স্বাস্থ্য সংকট অৰ্থনৈতিক সংকট হ'ব পাৰে
"মহামাৰীৰ শিক্ষা আমাৰ প্ৰস্তুতি আৰু সামূহিক প্ৰতিক্ৰিয়াৰ বাবে এজেণ্ডাত অন্তৰ্ভুক্ত হোৱা দৰকাৰ। আমি নিজৰ ক্ষমতাক প্ৰসাৰিত কৰা আৰু এয়া সুনিশ্চিত কৰা প্ৰয়োজন যে আমি যিকোনো স্বাস্থ্য সংকটৰ সময়ত সামূহিক ৰূপত মোকাবিলা কৰিবলৈ তৎপৰ হৈ থাকিম"
পোষ্ট কৰা হৈছে:
18 JAN 2023 11:47AM by PIB Guwahati
"মহামাৰী সম্পৰ্কীয় নীতি আমাৰ স্বাস্থ্য নীতিৰ নিৰ্ণায়ক অংশ হোৱা দৰকাৰ কিয়নো আজি পাৰস্পৰিক ৰূপত সংযুক্ত বিশ্বৰ বহুমাত্ৰিক প্ৰকৃতিৰ কাৰণে যিকোনো স্বাস্থ্য সংকট অৰ্থনৈতিক সংকট হ'ব পাৰে।" কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰৱিণ পাৱাৰে আজি ইয়াত জি 20 ভাৰত অধ্যক্ষতাৰ জৰিয়তে প্ৰথম স্বাস্থ্য-গোট বৈঠকত ভাষণ দি কয়। এই উপলক্ষে বিদেশ ৰাজ্য মন্ত্ৰী শ্ৰী এছভি মুৰলীধৰণ আৰু নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভিকে পালো উপস্থিত আছিল।

ডাঃ পাৱাৰে উল্লেখ কৰে যে মহামাৰীৰ প্ৰতিৰোধ, তাৰ বাবে প্ৰস্তুতি আৰু গতিবিধিৰ বাবে বিভিন্ন প্ৰকাৰৰ অনেক খণ্ড তথা অনেক এজেঞ্চিৰ মাজত সমন্বিত প্ৰয়াসৰ প্ৰয়োজন। তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে সমুদায়ক মজবুত আৰু শক্তিসম্পন্ন কৰিব লাগিব, যাতে তেওঁলোকে সম্ভাব্য স্বাস্থ্য জৰুৰীকালীন স্থিতিত সময়সাপেক্ষ পদক্ষেপ ল'ব পাৰে। তেওঁ কয়, "কোভিড-১৯ শেষ মহামাৰী নহ'ব। মহামাৰীৰ শিক্ষা আমাৰ প্ৰস্তুতি আৰু সামূহিক প্ৰতিক্ৰিয়াৰ বাবে এজেণ্ডাত অন্তৰ্ভুক্ত হোৱা দৰকাৰ। আমি নিজৰ ক্ষমতাক প্ৰসাৰিত কৰা আৰু এয়া সুনিশ্চিত কৰা প্ৰয়োজন যে আমি যিকোনো স্বাস্থ্য সংকটৰ সময়ত সামূহিক ৰূপত মোকাবিলা কৰিবলৈ তৎপৰ হৈ থাকিম।"
ডাঃ পাৱাৰে প্ৰতিটো পৰিস্থিতিৰ কথা মনত ৰাখি কাম কৰা স্বাস্থ্য প্ৰণালী প্ৰস্তুত কৰা তথা জীৱনৰক্ষক ভেকচিন, চিকিৎসা আৰু নিদানত বিনিয়োগ কৰাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে।
ভাৰতৰ চিকিৎসা পদ্ধতি আৰু নৱোন্মেষণৰ সুদৃঢ় সংস্কৃতিক ৰেখাংকিত কৰি শ্ৰী এছভি মুৰলীধৰণে মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বান "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ" উল্লেখ কৰি কয় যে এয়া আমাৰ গ্ৰহৰ প্ৰতি আগ্ৰহ যে ক্ৰমবৰ্ধমান গোলকীকৰণৰ স্থিতিত প্ৰকৃতিৰ সৈতে সংগতি স্থাপন কৰাটোৱেই উচিত হ'ব।

শ্ৰী মুৰলীধৰণে প্ৰতিনিধিসকলক আহ্বান জনায় যে "এই কথাৰ প্ৰয়োজন আছে যে আমি নিজৰ এজেণ্ডাক প্ৰস্তুতি আৰু তৎপৰতাৰ সৈতে সংযুক্ত কৰিব লাগিব, যাতে আমি যিকোনো স্বাস্থ্য জৰুৰীকালীন স্থিতিৰ মোকাবিলা প্ৰভাৱশালী ৰূপত কৰিব পাৰো।" তেওঁ কয় যে আমি ভৱিষ্যতৰ প্ৰতিটো স্বাস্থ্য প্ৰত্যাহ্বানৰ সামূহিক ৰূপত মোকাবিলা কৰিবলৈ সাজু থাকিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে কয় যে জি-20ৰ অধ্যক্ষতাৰ সময়ত ভাৰতৰ লক্ষ্য হৈছে যে স্বাস্থ্য সহযোগ সম্পৰ্কীয় বিভিন্ন বহুমাত্ৰিক বিষয়ৰ আলোচনাত একতা আনিব লাগিব। তেওঁ জি-20 হেল্থ ট্ৰেকৰ বাবে তিনিটা প্ৰাথমিকতা উল্লেখ কৰে– স্বাস্থ্য জৰুৰীকালীন স্থিতিৰ প্ৰতিৰোধ, প্ৰস্তুতি আৰু তৎপৰতা (য'ত ৱান-হেল্থ আৰু এএমআৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত হ'ব); সুৰক্ষিত, ফলপ্ৰসু, উন্নত আৰু সস্তা চিকিৎসা উপায় (ভেকচিন, চিকিৎসা আৰু নিদান)ৰ প্ৰতি মনোযোগ দি ফাৰ্মা ছেক্টৰত সহযোগ মজবুত কৰা; তথা সাৰ্বভৌমিক স্বাস্থ্য কৱচ আৰু স্বাস্থ্য সেৱা যোগানত সংশোধন সম্পৰ্কীয় ডিজিটেল নৱোন্মেষণ তথা সমাধান।
ইণ্ডোনেছিয়া আৰু ব্ৰাজিলৰ ত্ৰিগোট সদস্যসকলে তিনিটা স্বাস্থ্য প্ৰাথমিকতা প্ৰতিষ্ঠাৰ বাবে ভাৰতীয় অধ্যক্ষতাৰ প্ৰশংসা কৰে। তেওঁলোকে কয় যে মহামাৰীৰ পৰা আমি এই সুযোগ পাইছো যে আমি নিজৰ স্বাস্থ্য প্ৰণালীক মজবুত কৰিব লাগিব। আজি এই কথাৰ প্ৰয়োজন যে আমি সাৰ্বভৌমিক স্বাস্থ্য কৱচক সুনিশ্চিত কৰিবলৈ নিজৰ প্ৰয়াস দ্ৰুত কৰিব লাগিব।
এই উপলক্ষে স্বাস্থ্য গৱেষণা বিভাগৰ সচিব ডাঃ ৰাজীৱ বহল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী লৱ অগ্ৰৱাল, বিদেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অভয় ঠাকুৰ, জি-20 সদস্য দেশসমূহ, বিশেষভাৱে আমন্ত্ৰিত দেশসমূহ, আন্তঃৰাষ্ট্ৰীয় সংগঠন, মঞ্চ তথা বিশ্ব স্বাস্থ্য সংস্থা, বিশ্ব বেংক, ডব্লিউইএফ আদিৰ প্ৰতিনিধিসহ কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াও উপস্থিত আছিল।
***
MV
HFW/G20 1st HWG Meeting Inauguration/18thJan2023/2
(ৰিলিজ আই ডি : 1892118)
অতিথি কক্ষ : 276
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam