প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নেল্লোৰ, অন্ধ্ৰপ্ৰদেশত জনসভাত সংঘটিত দুৰ্ঘটনাৰ কাৰণে হোৱা জনহানিত দুখ প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰীয়ে 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য কোষ'ৰ পৰা অনুগ্ৰহ ৰাশি দিয়াৰ ঘোষণা কৰে

পোষ্ট কৰা হৈছে: 29 DEC 2022 10:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত এখন জনসভাত সংঘটিত দুৰ্ঘটনাৰ কাৰণে হোৱা জনহানিত গভীৰ দুখ প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এই ঘোষণাও কৰিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য কোষৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক দুই লাখ টকাকৈ আৰু দুৰ্ঘটনাত আহত হোৱাসকলক ৫০-৫০ হাজাৰ টকাকৈ অনুগ্ৰহ ৰাশি প্ৰদান কৰা হ'ব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটত কোৱা হৈছে:

"অন্ধ্ৰপ্ৰদেশত নেল্লোৰৰ এখন জনসভাত হোৱা দুৰ্ঘটনাত ব্যথিত হৈছো। শোক-সন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা। আহতসকল শীঘ্ৰে সুস্থ হোৱাৰ কামনা কৰিছো। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য কোষৰ পৰা মৃতকসকলৰ নিকটাত্মীয়ক দুই-দুই লাখ টকাকৈ আৰু আহতসকলক ৫০-৫০ হাজাৰ টকাকৈ অনুগ্ৰহ ৰাশি প্ৰদান কৰা হ'ব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী"

***

DS/ST


(ৰিলিজ আই ডি : 1887713) অতিথি কক্ষ : 116