প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমতী মুক্তা তিলকৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
22 DEC 2022 9:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেৰ প্ৰাক্তন মেয়ৰ তথা মহাৰাষ্ট্ৰৰ বিধায়ক শ্ৰীমতী মুক্তা তিলকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“শ্ৰীমতী মুক্তা তিলক জীয়ে কঠোৰ পৰিশ্ৰমেৰে সমাজ সেৱা আগবঢ়াইছিল। জনসমৰ্থক বিষয় উত্থাপন কৰি তেওঁ এক সুকীয়া স্থান দখল কৰিছিল আৰু পুনেৰ মেয়ৰ হিচাপেও উল্লেখযোগ্য কাৰ্যকাল সম্পন্ন কৰিছিল। বিজেপিৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক কৰ্মকৰ্তাসকলে সদায় পালন কৰিব। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো।ওম শান্তি।”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1886883)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam