যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষাঃ ক্ৰীড়া বিভাগ


২২টা স্বৰ্ণ পদসহ মুঠ ৬১টা পদকেৰে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছত ভাৰতৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন

ইতিহাসত প্ৰথমবাৰলৈ ভাৰতৰ পুৰষ দলে ১৪ বাৰৰ বিশ্ব চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় থমাছ কাপত বিজয়

৪৪গৰাকী বিশিষ্ট খেলুৱৈ/প্ৰশিক্ষকক ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহকিক বঁটা প্ৰদান

১৭ বছৰ অনূৰ্ধ্ব মহিলাৰ ফিফা বিশ্বকাপ, ৪৪সংখ্যক ফিডে দবা অলিম্পিয়াড আৰু ৱাডা এথলীট বায়’লজিকেল পাছপৰ্ট ছীম্পছিয়াম-২০২২ৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন ভাৰতৰ

গুজৰাটত সফলতাৰে ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন

ক্ৰীড়াত ড’পিং বিৰোধী কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংস্থাক বিধিগত সংস্থা হিচাপে গঠন কৰাৰ ব্যৱস্থা কৰিবলৈ সংসদে ৰাষ্ট্ৰীয় এণ্টি ড’পিং বিল ২০২২ গৃহীত

খেলো ইণ্ডিয়া ইউথ গেমছৰ চতুৰ্থ আৰু পঞ্চম সংস্কৰণ আৰু খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ দ্বিতীয় সংস্কৰণৰ সফলতাৰে আয়োজন

পঞ্চদশ বিত্ত আয়োগৰ চক্ৰ (২০২১-২২ৰ পৰা ২০২৫-২৬)ৰ বাবে দুখন গুৰুত্বপূৰ্ণ আঁচনি “ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহক সহায়” আৰু “খেলো ইণ্ডিয়া–ক্ৰীড়াৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী” অ

Posted On: 20 DEC 2022 3:52PM by PIB Guwahati

২০২২ বৰ্ষত ক্ৰীড়া বিভাগে লাভ কৰা প্ৰধানমন্ত্ৰী সফলতাসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ভাৰতৰ প্ৰশংসনীয় প্ৰদৰ্শন:

  • ভাৰতীয় দলটোৱে ২২টা সোণৰ পদককে ধৰি মুঠ ৬১টা পদক লাভ কৰি চতুৰ্থ স্থানেৰে বাৰ্মিংহাম কমনৱেলথ গেমছ অভিযানৰ সামৰণি মাৰে। শ্বুটিং আৰু গ্ৰেকো-ৰোমান মল্লযুঁজৰ দৰে উচ্চ পদকৰ সম্ভাৱনাপূৰ্ণ শাখা নথকাৰ পিছতো ভাৰতীয় খেলুৱৈসকলে দেশক মল্লযুঁজ(১২) আৰু ভাৰোত্তোলন (১০) শাখাত অসাধাৰণ প্ৰদৰ্শনেৰে কমনৱেল্থ গেমছত শ্ৰেষ্ঠতম সফলতা অৰ্জন কৰে। ভাৰতীয় লন বলৰ দলসমূহে চিডব্লিউজিত এক উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে, য’ত মহিলা দল আৰু পুৰুষৰ দলে ক্ৰমে সোণ আৰু ৰূপৰ পদক লাভ কৰে।

  • থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় থমাছ কাপ (বেডমিণ্টন) প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় পুৰুষ দলে ১৪ বাৰ বিশ্ব চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে। এই ঐতিহাসিক অনুষ্ঠানটো উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ২১ মে’ত দলৰ সদস্যসকলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়। উবেৰ কাপ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় মহিলা বেডমিণ্টন দলকো সম্বৰ্ধনা জনোৱা হয়।
  • ২০২১ৰ ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ১৬টা পদক (৮টা সোণ, ১টা ৰূপ আৰু ৭টা ব্ৰঞ্জ) লাভেৰে অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ভাৰতীয় দলক ২০২২ চনৰ ২১ মে’ত প্ৰধানমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।

 

ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহিক বঁটা ২০২২:

 

ৰাষ্ট্ৰপতি ভৱনত ২০২২ৰ ৩০ নৱেম্বৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটা প্ৰদান কৰে। এই সংস্কৰণত মুঠ ৪৪টা বঁটা প্ৰদান কৰা হয়। কিংবদন্তি টেবুল টেনিছ খেলুৱৈ শৰথ কমলে এইবাৰৰ একমাত্ৰ সন্মানীয় মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিছে। এই উপলক্ষে প্ৰদান কৰা আন আন বঁটাসমূহৰ ভিতৰত দ্ৰোনাচাৰ্য বঁটা, অৰ্জুন বঁটা, ক্ৰীড়া আৰু খেলৰ জীৱনজোৰা সাফল্যৰ বাবে ধ্যান চান্দ বঁটা, ৰাষ্ট্ৰীয় খেল প্ৰোৎসান পুৰুষ, মৌলানা আবুল কালাম আজাদ ট্ৰফী আৰু টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা উল্লেখযোগ্য।

IMG_256

২০২২ বৰ্ষত ভাৰতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা

  • ২০২২ৰ ১১ অক্টোবৰত ভুৱনেশ্বৰৰ কলিংগা ষ্টেডিয়ামত ১৭ বছৰ অনূৰ্ধ্ব ফিফা মহিলা ফুটবল বিশ্বকাপ ইণ্ডিয়া, ২০২২ উদ্বোধন কৰা হয়। বিগত পাঁচ বছৰত দেশখনে আয়োজন কৰা এইটোৱেই আছিল দ্বিতীয়টো বৃহৎ ফুটবল প্ৰতিযোগিতা। ৩০.১০.২০২২ তাৰিখে মুম্বাইত অনুষ্ঠিত ফাইনেলত কলম্বিয়াক পৰাস্ত কৰি স্পেইনে চেম্পিয়নৰ মুকুট পিন্ধিছিল।

  • প্ৰধানমন্ত্ৰীয়ে ২৮.০৭.২০২২ তাৰিখে চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত ৪৪সংখ্যক ফিডে দবা অলিম্পিয়াড (২৮ জুলাই, ২০২২ৰ পৰা ১০ আগষ্ট, ২০২২) উদ্বোধন কৰে। ১৮৮খন দেশৰ ২০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, যিটো দবা অলিম্পিয়াডৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক। ২০২২ চনৰ ১৯ জুনৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত “দবা অলিম্পিয়াডৰ বাবে শিখা দৌৰ” অনুষ্ঠিত হয়। এই শিখা ৪০ দিনৰ ভিতৰত দেশৰ ৭৫টা আইকনিক স্থানলৈ লৈ যোৱা হয় আৰু অৱশেষত দবা অলিম্পিয়াডৰ স্থান তামিলনাডুৰ মহাবলীপুৰমত উপস্থিত হৈছিল।
  • ২০২২ চনৰ ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ নতুন দিল্লীত বিশ্ব এণ্টি ডপিং এজেন্সী (ৱাডা) এথলীট বায়’লজিকেল পাছপ’ৰ্ট (এবিপি) চিম্পোজিয়াম-২০২২ৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আলোচনা চক্ৰৰ মুকলি অধিবেশনত ভাষণ দিয়ে। ৫৬খন দেশৰ দুই শতাধিক অংশগ্ৰহণকাৰী, বিভিন্ন ৰাষ্ট্ৰীয় এণ্টি-ডপিং সংস্থা, এথলীট পাছপ’ৰ্ট মেনেজমেণ্ট ইউনিট (এপিএমইউ) আৰু ৱাডা স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰৰ প্ৰতিনিধি আৰু বিশেষজ্ঞই এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।

The Union Minister for Information & Broadcasting, Youth Affairs and Sports, Shri Anurag Singh Thakur at the opening session of the “WADA Athlete Biological Passport (ABP) Symposium- 2022”, in New Delhi on October 12, 2022.

গুজৰাটত সফলতাৰে আয়োজন ৰাষ্ট্ৰীয় ক্ৰীড়া

গুজৰাটৰ চুৰাটৰ পণ্ডিত দীনদয়াল ইনড’ৰ ষ্টেডিয়ামত ২০২২ৰ ১২ অক্টোবৰত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে সামৰণি পৰে। এই ক্ৰীড়া মহোৎসৱত ছাৰ্ভিচেছ স্প’ৰ্টছ কণ্ট্ৰ’ল ব’ৰ্ডে ১২৮টা পদক (৬১টা সোণকে ধৰি)ৰে শীৰ্ষস্থান দখল কৰাৰ লগতে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। ২৯ ছেপ্টেম্বৰত আহমেদাবাদত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছ, ২০২২ উদ্বোধন কৰে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৫,০০০ৰো অধিক খেলুৱৈ, প্ৰশিক্ষক, আৰু বিষয়াই ৩৬টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰি ইয়াক এতিয়ালৈকে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় খেল হিচাপে পৰিগণিত কৰে।

খেলো ইণ্ডিয়া আঁচনিৰ অধীনত আয়োজিত প্ৰতিযোগিতাঃ

  • কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অহা বছৰ মধ্যপ্ৰদেশত আয়োজিত হ’বলগীয়া পঞ্চম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সম্পৰ্কে ২০২২ চনৰ ২০ অক্টোবৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

  • মহামাৰীৰ বাবে পলম হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীডাৰ চতুৰ্থ সংস্কৰণ হাৰিয়ানাৰ পঞ্চকুলাত ০৪.০৬.২০২২ৰ পৰা ১৩.০৬.২০২২লৈ আয়োজন কৰা হয়। ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭০০ৰো অধিক প্ৰতিযোগীয়ে ৫বিধ থলুৱা খেলকে ধৰি ২৫টা ভিন্ন শাখাত কেআইৱাইজিত অংশগ্ৰহণ কৰে। ২০২১ চনৰ কেআইৱাইজিত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰে। কেআইৱাইজি, ২০২১ত ভাৰোত্তোলন আৰু এথলেটিকছকে ধৰি বিভিন্ন ক্ৰীড়া শাখাত কেইবাটাও ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি হয়।
  • খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ দ্বিতীয় সংস্কৰণ ২৪.০৪.২০২২ৰ পৰা ০৩.০৫.২০২২লৈ কৰ্ণাটকৰ বাংগালুৰুৰ জৈন বিশ্ববিদ্যালয়কে ধৰি ৫টা স্থানত সফলতাৰে অনুষ্ঠিত হয়। দুই শতাধিক বিশ্ববিদ্যালয়ৰ পৰা মুঠ ৩৮৯৪ গৰাকী প্ৰতিযোগীয়ে মল্লখম্বা আৰু যোগাসনৰ দৰে থলুৱা ক্ৰীড়াকে ধৰি ২০টা ভিন্ন শাখাত কেআইইউজিত অংশগ্ৰহণ কৰে। ২৪.০৪.২০২২ত কান্থীৰাভা ষ্টেডিয়ামত কৰ্ণাটকৰ ৰাজ্যপাল, এমৱাইএএছ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হয়। ২০২২ৰ ৩ মে'ত একেটা স্থানতে কান্থীৰাভা ষ্টেডিয়ামত গৃহমন্ত্ৰীয়ে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। পদক তালিকাত জৈন বিশ্ববিদ্যালয়ে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি আৰু পাঞ্জাব বিশ্ববিদ্যালয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।

ফিট ইণ্ডিয়া অভিযানৰ অধীনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহঃ

  • খেলো ইণ্ডিয়া আঁচনিৰ ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশৰ বিদ্যালয়সমূহে বিভিন্ন ক্ৰীড়া কাৰ্য্যকলাপ আৰু পদক্ষেপ যেনে- বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন, ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মূল্যায়ন, যোগাসন আৰু খিলঞ্জীয়া কাৰ্যসূচীৰ প্ৰসাৰ আদি হিচাপে একেদৰে ফিট ইণ্ডিয়া কুইজৰ দ্বিতীয় সংস্কৰণৰ প্ৰতি দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ পৰা এক আপ্লুত সঁহাৰি লাভ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২২ চনৰ ৮ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাৰম্ভিক ৰাউণ্ডৰ বাবে ৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪২,৪৯০খন বিদ্যালয়ৰ পৰা মুঠ ১,৭৪,৪৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে।

IMG_256

ৰাষ্ট্ৰীয় ড’পিংবিৰোধী বিধেয়ক, ২০২১:

নেচনেল এণ্টি ডপিং সংস্থা (নাডা), ৰাষ্ট্ৰীয় ড’প পৰীক্ষণ পৰীক্ষাগাৰ (এনডিটিএল) আৰু অন্যান্য ড’প পৰীক্ষণ সুবিধাসমূহৰ কাম-কাজৰ বাবে বিধিগত কাঠামোৰ ব্যৱস্থা কৰা ৰাষ্ট্ৰীয় ড’পিংবিৰোধী বিধেয়ক, ২০২১, ২৭.০৭.২০২২ত লোকসভাত আৰু ০৩.০৮.২০২২ত ৰাজ্যসভাত গৃহীত হয়। এই নতুন আইনখনে দেশৰ ক্ৰীড়াত এণ্টি ড’পিং কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে নেশ্যনেল ব’ৰ্ড ফৰ এণ্টি ড’পিং ইন স্প’ৰ্টছ গঠনৰ পথ প্ৰশস্ত কৰিব।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ সন্মিলন

ভাৰতৰ ক্ৰীড়া পৰিৱেশক শক্তিশালী কৰাৰ বাবে এক ঐক্যবদ্ধ পন্থাৰ বাবে আগবাঢ়ি যোৱাৰ পথৰ বিষয়ে আলোচনা কৰাৰ বাবে ২৪ আৰু ২৫ জুন, ২০২২ৰ ভিতৰত কেৱাডিয়া (গুজৰাট)ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত ১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আৰু ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

সুস্থতাৰ বাবে ৭৫ কোটি টকাৰ সূৰ্য্য নমস্কাৰ প্ৰকল্প:

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে সুস্থতা, সজীৱতা আৰু ফিটনেছৰ বাবে ৭৫ কোটি টকাৰ সূৰ্য্য নমস্কাৰ প্ৰকল্পক মন্ত্ৰালয়ে ফিট ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াইছে। বিশিষ্ট খেলুৱৈসকলে প্ৰকল্পটোৰ বিষয়ে সজাগতা বিয়পোৱাত সহায় কৰিছে। এই পৰ্যন্ত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১০১ কোটিৰো অধিক সূৰ্য্য নমস্কাৰ সম্পন্ন কৰা হৈছে।

ক্ৰীড়াত মহিলাসকলৰ অন্তৰ্ভুক্তিৰ প্ৰসাৰঃ

ক্ৰীড়াত মহিলাসকলৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ বিশেষ প্ৰচেষ্টা হিচাপে খেলো ইণ্ডিয়া আঁচনিৰ ৩৬সংখ্যক বিভাগীয় প্ৰকল্প অনুমোদন সমিতিয়ে বিভিন্ন ক্ৰীড়াত মহিলা লীগ আয়োজন কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ অংশ হিচাপে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত আয়োজিত খণ্ড আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বয়সৰ গোটত বিভিন্ন ক্ৰীড়া শাখাৰ কেইবাখনো লীগ আয়োজন কৰা হয়৷

২০২২ৰ ২৯ আগষ্টত সমগ্ৰ দেশতে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ক্ৰীড়া প্ৰচাৰ ব’ৰ্ড, খেলো ইণ্ডিয়া একাডেমী, ৰাজ্যিক পৰ্যায়ৰ খেলো ইণ্ডিয়া কেন্দ্ৰ, ছাই কেন্দ্ৰ আদিকে ধৰি বিভিন্ন সংগঠনৰ দ্বাৰা সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজন কৰা এক বৃহৎ অনুষ্ঠানতো এই মন্ত্ৰালয়ৰ বিষয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ক্ৰীড়া তাৰকা যোগেশ্বৰ দত্ত, অখিল কুমাৰ, জাফৰ ইকবাল, কমনৱেল্থৰ পদক বিজয়ী তেজস্বীন শংকৰ আৰু ১৫ অনূৰ্ধ্বৰ জুডো কেডেট বিশ্ব চেম্পিয়ন লিন্থোই চানাম্বমে অনুষ্ঠানত উপস্থিত থাকে৷

প্ৰাসংগিক লিংকসমূহঃ

 

https://pib.gov.in/PressReleasePage.aspx?PRID=1880090

https://pib.gov.in/PressReleasePage.aspx?PRID=1848085

https://pib.gov.in/PressReleasePage.aspx?PRID=1856708

https://pib.gov.in/PressReleasePage.aspx?PRID=1833632

https://pib.gov.in/PressReleasePage.aspx?PRID=1850063

https://pib.gov.in/PressReleasePage.aspx?PRID=1867058

https://pib.gov.in/PressReleasePage.aspx?PRID=1820921

 

***

NB/OA/DB



(Release ID: 1886507) Visitor Counter : 210