প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰখ্যাত মাৰাঠী লাৱনী গায়ক সুলোচনা টাই চাৱনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 10 DEC 2022 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত মাৰাঠী লাৱনী গায়ক সুলোচনা টাই চাৱনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“মহাৰাষ্ট্ৰৰ সংস্কৃতিৰ প্ৰসাৰ, বিশেষকৈ লাৱনীৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকাৰ বাবে সুলোচনা টাই চাৱনক ভৱিষ্যত প্ৰজন্মই সদায় স্মৰণ কৰিব৷ সংগীত আৰু থিয়েটাৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়াল আৰু গুনমুগ্ধসকলকলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি৷”

***

DS/SH/DB



(Release ID: 1882580) Visitor Counter : 97