প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতে জি-২০ৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এটা ব্লগ লিখিছে


"ভাৰতৰ জি-২০ প্ৰেচিডেন্সিক এক নিৰাময়, সম্প্ৰীতি আৰু আশাৰ প্ৰেচিডেন্সি হিচাপে গঢ়ি তুলিবলৈ আমি একগোট হও আহক"

Posted On: 01 DEC 2022 10:20AM by PIB Guwahati

ভাৰতে আজি জি-২০ৰ সভাপতিত্বৰ দায়িত্ব লাভ কৰাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই আনন্দপূৰ্ণ মুহূৰ্ত সম্পৰ্কে তেওঁৰ মনৰ ভাব এটা ব্লগৰ জৰিয়তে প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফল পৰা এইদৰে টুইট কৰিছেঃ

"ভাৰতে জি-২০ প্ৰেচিডেন্সিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী @narendramodiয়ে এটা অন্তৰ্দৃষ্টিসম্পন্ন ব্লগ লিখিছে।"

"ভাৰতৰ জি-২০ প্ৰেচিডেন্সিয়ে সামগ্ৰিকভাৱে মানৱ জাতিক লাভান্বিত কৰাৰ বাবে কাম কৰিব।"

"এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত।"

"আজি বিশ্বই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানবোৰ একেলগে কাম কৰিহে সমাধান কৰিব পাৰি।"

"ভাৰত এই বিশ্বৰ এক ক্ষুদ্ৰ জগত।"

"সামূহিক সিদ্ধান্ত গ্ৰহণৰ আটাইতকৈ প্ৰাচীন পৰম্পৰাৰ সৈতে ভাৰতে গণতন্ত্ৰৰ আধাৰশিলা ডিএনএত অৰিহণা যোগাইছে।"

"নাগৰিক কল্যাণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ।"

"আমাৰ প্ৰাথমিকতাবোৰৰ লক্ষ্য হব আমাৰ এক পৃথিৱীক আৰোগ্য কৰা যাতে আমাৰ এক পৰিয়ালৰ মাজত সমন্বয় গঢ়ি উঠে আৰু আমাৰ ‘এক ভৱিষ্যত’ আশাব্যঞ্জক হয়।"

"ভাৰতৰ জি-২০ কাৰ্যসূচী অন্তৰ্ভুক্ত, উচ্চাকাংক্ষী, কাৰ্যমুখী আৰু নিৰ্ণায়ক হ'ব"

"ভাৰতৰ জি-২০ প্ৰেচিডেন্সিক এক নিৰাময়, সম্প্ৰীতি আৰু আশাৰ প্ৰেচিডেন্সি হিচাপে গঢ়ি তুলিবলৈ আমি একগোট হও আহক"

প্ৰধানমন্ত্ৰীয়ে @narendramodiৰ পৰাও বিৱৰণসমূহ ভাগ বতৰা কৰে আৰু জি-২০ দেশৰ নেতাসকলৰ উদ্দেশ্যে বাৰ্তা দিয়ে।

তেওঁ টুইট কৰি কয়,

"আজিৰ পৰা ভাৰতৰ জি-২০ৰ প্ৰেচিডেন্সি আৰম্ভ হল। কিদৰে আমি আগন্তুক দিনত বিশ্বৰ কল্যাণৰ বাবে এক সামগ্ৰিক, উচ্চাকাংক্ষী, কাৰ্যকৰী আৰু নিৰ্ণায়ক কাৰ্যসূচীৰ ভিত্তিত কাম কৰিব বিচাৰো সেই সন্দৰ্ভত কিছু চিন্তা-ধাৰা লিখিছোঁ। #G20India

@JoeBiden @planalto

মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এয়াই আৰু অধিক আগুৱাই যোৱাৰ আৰু সমগ্ৰ মানৱজাতিৰ কল্যাণত মৌলিক মানসিকতাৰ পৰিৱৰ্তন ঘটোৱাৰ সৰ্বশ্ৰেষ্ঠ সময়।

#G20India

@MohamedBinZayed @AlsisiOfficial @RishiSunak @vonderleyen

এয়াই আমাৰ আধ্যাত্মিক পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ সময় যিয়ে একতা আৰু গোলকীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে একেলগে কাম কৰাৰ পোষকতা কৰে। #G20India

@sanchezcastejon @KumarJugnauth @BDMOFA @President_KR"

 

***

DS/KG



(Release ID: 1880893) Visitor Counter : 91