প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহান ৰাজ্য অৰুণাচল প্ৰদেশৰ বাবে কাম কৰি আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনাক বাস্তৱায়িত কৰাত সহায় কৰাটো এক গৌৰৱৰ কথা: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰীয়ে অৰুণাচলৰ উন্নয়নমূলক কাম সন্দৰ্ভত জনসাধাৰণৰ মতামতৰ প্ৰতি সঁহাৰি জনায়

Posted On: 20 NOV 2022 9:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ দ্বাৰা আৰম্ভ কৰা উন্নয়নমূলক পদক্ষেপৰ শলাগ লোৱাৰ বাবে টুইটাৰত ৰাইজৰ প্ৰতি সঁহাৰি জনাইছে। কালি প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’লো বিমানবন্দৰ উদ্বোধন কৰাৰ লগতে ৬০০ মেগাৱাট শক্তিৰ কামেং জলবিদ্যুৎ কেন্দ্ৰ দেশবাসীৰ বাবে উচৰ্গা কৰে।

উত্তৰ-পূবত বিমান সংযোগৰ ব্যাপক বৃদ্ধিৰ সন্দৰ্ভত এটা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয়,“হয় উত্তৰ-পূবৰ সংযোগৰ ক্ষেত্ৰত ই এক বৃহৎ পৰিৱৰ্তন। ইয়াৰ দ্বাৰা অধিক পৰ্যটকে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব আৰু উত্তৰ-পূবৰ লোকসকলে আন অঞ্চললৈ সহজে যাত্ৰা কৰিব পাৰিব।”

যেতিয়া এজন নাগৰিকে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাক আলোকপাত কৰিছিল, তেতিয়া শ্ৰী মোদীয়ে এইদৰে ইয়াৰ উত্তৰ দিয়ে,‘অৰুণাচল প্ৰদেশৰ জনসাধাৰণ ব্যতিক্ৰমী। তেওঁলোকৰ দেশপ্ৰেমৰ মনোভাৱ অদম্য। এই মহান ৰাজ্যখনৰ বাবে কাম কৰা আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰাটো এক সন্মানৰ কথা।”

***

DS/MS



(Release ID: 1879206) Visitor Counter : 91