প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বেংগালুৰু টেক ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

Posted On: 16 NOV 2022 11:02AM by PIB Guwahati

টেক জগতখনৰ নেতৃত্ববৃন্দ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি আৰু বন্ধুসকল,

আল্লাৰিগু নমস্কাৰ ভাৰতলৈ স্বাগতম! নম্মা কানাড়া নাদিগে স্বাগতা, নম্মা বেংগালুৰিগে স্বাগতা।

পুনৰ এবাৰ বেংগালুৰু টেক সন্মিলন সম্বোধন কৰিবলৈ পাই আনন্দিত হৈছো। আপোনালোক সকলোৱে কৰ্ণাটকৰ দৰদী লোকসকল আৰু স্পন্দনশীল সংস্কৃতিক ভাল পাইছে বুলি মই নিশ্চিত।

বন্ধুসকল,

বেংগালুৰু হৈছে প্ৰযুক্তি আৰু চিন্তা নেতৃত্বৰ কেন্দ্ৰ। ই এখনি সৰ্বাংগীন চহৰ। ইয়াৰোপৰি ই এক উদ্ভাৱনীমূলক চহৰো। বহু বছৰ ধৰি ভাৰতৰ উদ্ভাৱন সূচকাংকত বেংগালুৰুৱে প্ৰথম স্থান লাভ কৰি আহিছে।

বন্ধুসকল,

ভাৰতৰ প্ৰযুক্তি আৰু উদ্ভাৱনে ইতিমধ্যে বিশ্ববাসীক আপ্লুত কৰিছে। কিন্তু ভৱিষ্যত আমাৰ বৰ্তমানতকৈ ইয়াৰ বৰ্ধন ঘটিব। কাৰণ ভাৰতত আছেঃ উদ্ভাৱনী মনৰ যুৱক-যুৱতীসকল আৰু বৰ্ধিত টেক এক্সেছ।

বন্ধুসকল,

ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি সমগ্ৰ বিশ্বতে পৰিচিত। তেওঁলোকে টেক গ্ল’বেলাইজেশ্যন আৰু টেলেন্ট গ্ল’বেলাইজেশ্যন নিশ্চিত কৰিছে। স্বাস্থ্যসেৱা, ব্যৱস্থাপনা, বিত্ত - আদি বহু ডমেইনৰ নেতৃত্বত ভাৰতীয় যুৱক-যুৱতীসকল থকাটো দেখিবলৈ পাব। আমি আমাৰ প্ৰতিভাসমূহক বিশ্বৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিছো। ভাৰততো তেওঁলোকৰ প্ৰভাৱ দেখা গৈছে। বিশ্ব উদ্ভাৱন সূচকাংকত চলিত বৰ্ষত ভাৰতে ৪০ নম্বৰ স্থানলৈ অগ্ৰগতি লাভ কৰিছে। ২০১৫ ত আমাৰ স্থান আছিল ৮১! ২০২১ ৰপৰা ভাৰতত ইউনিকৰ্ণ ষ্টাৰ্ট-আপৰ সংখ্যা দুগুণ হৈছে! আমি এতিয়া বিশ্বৰ ৩য় বৃহত্তম ষ্টাৰ্ট-আপ হাব। আমাৰ ৮১,০০০ ৰোধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ আছে। ভাৰতত শ-শ আন্তঃৰাষ্ট্ৰীয় কোম্পানী আছে যাৰ আৰএণ্ডডি চেন্টাৰ আছে। ইয়াৰ কাৰণ হৈছে ভাৰতৰ টেলেন্ট পুল।

বন্ধুসকল,

টেক এক্সেছৰ বৰ্ধনেৰে ভাৰতীয় যুৱক-যুৱতীসকলক সমৃদ্ধ কৰা হৈছে। দেশখনত এটি ম’বাইল আৰু ডাটা বিপ্লৱৰ সূচনা হৈছে। যোৱা ৮ বছৰত ব্ৰডবেণ্ড সংযোগ ৬ কোটিৰপৰা ৮১ কোটিলৈ বৃদ্ধি পাইছে, স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ১৫ কোটিৰপৰা ৭৫ কোটিলৈ বৃদ্ধি পাইছে। চহৰতকৈ গ্ৰামাঞ্চলসমূহত ইন্টাৰনেটৰ প্ৰসাৰ ক্ষীপ্ৰ হৈ পৰিছে। তথ্য ছুপাৰহাইৱে’ৰ সৈতে নতুন জনগাঁথনি সংযোজিত হৈ পৰিছে।

বন্ধুসকল,

দীৰ্ঘদিন ধৰি প্ৰযুক্তি এক এক্সক্লুছিভ ডমেইন হিচাপে পৰিগণিত হৈ আহিছিল। ইয়াক কেৱল উচ্চ শ্ৰেণীৰ লোকসকলৰ আহিলা বুলি কোৱা হৈছিল। কিন্তু ভাৰতে কেনেকৈ প্ৰযুক্তিবিদ্যাক গণতান্ত্ৰিক কৰি তুলিব পাৰি, তাৰ নিদৰ্শন দাঙি ধৰিছে। ভাৰতে টেকক কেনেকৈ মানৱীয় স্পৰ্শৰে সংপৃক্ত কৰিব পাৰি, সেই কথাও দেখুৱাইছে। ভাৰতত প্ৰযুক্তি হৈছে সমতা আৰু সবলীকৰণৰ চালিকা-শক্তি। বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতে প্ৰায় ২০ কোটি পৰিয়ালক সুৰক্ষা কৱচ প্ৰদান কৰিছে। মানে, প্ৰায় ৬০ কোটি লোক! এই কাৰ্য্যক্ৰমটোক এটা টেক প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি পৰিচালনা কৰা হয়। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ ক’ভিড-১৯ ৰ টিকাকৰণ অভিযান সফলতাৰে অব্যাহত ৰাখিছে। ইয়াক ক’উইন (COWIN) নামৰ টেক আধাৰিত প্লেটফৰ্মৰ জৰিয়তে চলোৱা হয়। আহক, আমি স্বাস্থ্য খণ্ডৰপৰা এইবাৰ শিক্ষালৈ যাওঁ।

ভাৰতত মুকলি পাঠ্যক্ৰম (open courses) ৰ অন্যতম বৃহৎ অনলাইন ভঁৰাল আছে। ইয়াত বিভিন্ন বিষয়ত হাজাৰ-হাজাৰ পাঠ্যক্ৰম উপলব্ধ। ১০ নিযুতৰো অধিক সফল প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। এই সকলোবোৰ অনলাইন আৰু বিনামূলীয়াকৈ সম্পন্ন হয়। আমাৰ ডাটা মাচুল বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। ক’ভিড-১৯ ৰ সময়ছোৱাত নিম্ন ডাটা ব্যয়ে দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীসকলক অনলাইন ক্লাছত অংশগ্ৰহণত সহায় কৰিছিল। ইয়াৰ অবিহনে তেওঁলোকৰ বাবে দুটা বহুমূলীয়া বছৰ হেৰাই গ’লহেঁতেন।

বন্ধুসকল,

ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজখনত প্ৰযুক্তিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। স্বামিত্ব আঁচনি (Svamitva scheme) ৰ অধীনত আমি ড্ৰোনৰ ব্যৱহাৰেৰে গ্ৰামাঞ্চলসমূহৰ ভূমিৰ মানচিত্ৰণ কৰিছো। তাৰ পিছত ৰাইজক সম্পত্তিৰ কাৰ্ড প্ৰদান কৰা হয়। ইয়াৰ ফলত ভূমি বিবাদ হ্ৰাস পাইছে। ইয়াৰোপৰি, দৰিদ্ৰ লোকসকলক বিত্তীয় সেৱা আৰু ঋণ লাভত সহায় আগবঢ়োৱা হৈছে। ক’ভিড-১৯ ৰ সময়ছোৱাত বহু দেশে এটা সমস্যাৰে যুঁজিছিল। তেওঁলোকে জানিছিল যে মানুহক সহায়ৰ প্ৰয়োজন হৈছে। তেওঁলোকে জানিছিল যে লাভ হস্তান্তৰৰ জৰিয়তে জনসাধাৰণক সহায় কৰিবপৰা যাব। কিন্তু তেওঁলোকৰ আন্তঃগাঁথনি নাছিল। ইয়াৰ বিপৰীতে ভাৰতে এই ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেকৈ সহায় কৰিব পাৰে, তাৰ দৃষ্টান্ত দাঙি ধৰিলে। আমাৰ জনধন-আধাৰ-ম’বাইল ট্ৰিনিটিয়ে আমাক প্ৰত্যক্ষভাৱে লাভসমূহ হস্তান্তৰৰ ক্ষমতা প্ৰদান কৰিছিল। সুবিধাসমূহ পোনপটীয়াকৈ প্ৰমাণিত আৰু পৰীক্ষিত হিতাধিকাৰীৰ হাতলৈ গৈছিল। কোটি-কোটি টকা দৰিদ্ৰ লোকৰ বেংক একাউন্টত সোমাইছিল। ক’ভিড-১৯ ৰ সময়ছোৱাত ক্ষুদ্ৰ ব্যৱসায়ক লৈ সকলো চিন্তিত হৈ পৰিছিল। আমি তেওঁলোকক সহায়ৰ লগতে আমি এখোজ আগুৱায়ো গৈছিলো। আমি ব্যৱসায় পুনৰ আৰম্ভ কৰিবলৈ পথ বিক্ৰেতাসকলক ৱৰ্কিং কেপিটেল লাভত সহায় কৰিছিলো। ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাসকলক প্ৰৰোচনা প্ৰদান কৰা হয়। ইয়াৰ ফলশ্ৰুতিত ডিজিটেল লেনদেন তেওঁলোকৰ এক জীৱনশৈলী হৈ পৰিছে।

বন্ধুসকল,

এখন চৰকাৰে সফল ই-কমাৰ্চ প্লেটফৰ্ম চলাই থকাৰ কথা শুনিছেনে? এয়া কিন্তু ভাৰতত হৈছে। আমাৰ চৰকাৰী ই-মাৰ্কেটপ্লেচ আছে, যাক জিইএম (GeM) হিচাপে পৰিচিত। এয়া এনে এক মঞ্চ যাৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলে চৰকাৰখনৰ প্ৰয়োজনীয়তা পূৰণ কৰে। প্ৰযুক্তিয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক গ্ৰাহক বিচাৰি উলিওৱাত সহায় কৰিছে। একে সময়তে, ইয়াৰ জৰিয়তে দুৰ্নীতি হ্ৰাস পাইছে। একেদৰে, প্ৰযুক্তিয়ে অনলাইন নিবিদাত সহায় কৰিছে। ইয়াৰ ফলশ্ৰতিত প্ৰকল্পসমূহ ত্বৰান্বিত হৈছে আৰু স্বচ্ছতা বৃদ্ধি পাইছে। ইয়াৰোপৰি, যোৱা বছৰ এক ট্ৰিলিয়ন টকা মূল্যৰ ক্ৰয় সম্পন্ন হৈছে।

বন্ধুসকল,

উদ্ভাৱন অতিশয় গুৰুত্বপূৰ্ণ। ইয়াক সংহতিয়ে এক শক্তিত পৰিণত কৰে। চাইল’ৰ অন্ত পেলাবলৈ, সমন্বয় সাধন আৰু সেৱা নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। সহভাজিত প্লেটফৰ্মত কোনো চাইল’ নাথাকে। উদাহৰণস্বৰূপে, প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেনৰ কথা উল্লেখ কৰিব খুজিছো। আগন্তুক কেইবছৰমানৰ ভিতৰত ভাৰতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০০ ট্ৰিলিয়ন টকাৰো অধিক বিনিয়োগ কৰিব। যিকোনো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অংশীদাৰৰ সংখ্যা বিপুল। পৰম্পৰাগতভাৱে ভাৰতত বৃহৎ প্ৰকল্পসমূহৰ ৰূপায়ণ প্ৰায়েই পলম হৈছিল। ব্যয় আৰু সময়সীমা বৃদ্ধি কৰাটো পূৰ্বে সাধাৰণ কথা আছিল। কিন্তু এতিয়া, আমাৰ হাতত গতি শক্তিৰ সহভাজিত প্লেটফৰ্ম আছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, বিভিন্ন বিভাগে ইয়াৰ জৰিয়তে সমন্বয় সাধন কৰিছে। ইয়াৰ জৰিয়তে পৰস্পৰে-পৰস্পৰৰ সকলো কথা জ্ঞাত হৈছে। প্ৰকল্প, ভূমিৰ ব্যৱহাৰ আৰু প্ৰতিষ্ঠান সম্পৰ্কীয় তথ্যৰাজি একে ঠাইতে উপলব্ধ হৈছে। গতিকে, প্ৰতিজন অংশীদাৰে একে তথ্যই প্ৰত্যক্ষ কৰিছে। ইয়াৰ ফলত সমন্বয়ৰ বৰ্ধন ঘটিছে আৰু সমস্যাৰ উদ্ভৱ হোৱাৰ পূৰ্বেই সমাধান হৈছে। ইয়াৰদ্বাৰা অনুমোদন আৰু ক্লিয়াৰেন্স ত্বৰান্বিত হৈছে।

বন্ধুসকল,

ভাৰতত এতিয়া ৰেড টেপৰ আচ্ছাদন নাই। বৰঞ্চ বিনিয়োগকাৰীৰ বাবে ৰেড কাৰ্পেট হিচাপেহে ভাৰত সম্প্ৰতি জনাজাত। সেয়া এফডিআই সংস্কাৰেই হওঁক বা ড্ৰোন বিধিৰ উদাৰীকৰণেই হওঁক বা ছেমি-কণ্ডাক্টৰ খণ্ডৰ পদক্ষেপই হওঁক বা বিভিন্ন খণ্ডলৈ উৎপাদন প্ৰৰোচনা আঁচনিয়েই হওঁক বা ইজ অৱ ডুয়িং বিজনেছৰ উত্থানেই হওঁক, সকলোতে স্বচ্ছতা বিৰাজমান।

বন্ধুসকল,

ভাৰতত একাধিক উৎকৃষ্ট কাৰক একত্ৰিত হৈছে। আপোনালোকৰ বিনিয়োগ আৰু আমাৰ উদ্ভাৱনে আশ্চৰ্য্য সাধন কৰিব পাৰে। আপোনালোকৰ আস্থা আৰু আমাৰ টেক টেলেন্টে কামবোৰ সম্ভৱ কৰি তুলিব পাৰে। আমি আপোনালোক সকলোকে আমাৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছো। আমি বিশ্বখনক সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছো। এই বেংগালুৰু টেক সন্মিলনত আপোনালোকৰ আলোচনাৰাজি আকৰ্ষণীয় আৰু ফলপ্ৰসূ হৈ উঠিব বুলি মই নিশ্চিত। এই কামনাৰেই আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

***

DS/VJ/AK/SB



(Release ID: 1876699) Visitor Counter : 135