প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 NOV 2022 9:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে মোৰ বন্ধু @netanyahuক মাজেল টোভ৷ ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমাৰ যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী।"

"ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি আপোনাৰ অগ্ৰাধিকাৰৰ বাবে @yairlapidক ধন্যবাদ জনাইছো। আমাৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে আমাৰ ফলপ্ৰসূ ধাৰণা বিনিময় অব্যাহত ৰাখিব বুলি আশা কৰিছো।"

***

DS/ST/DB


(रिलीज़ आईडी: 1874024) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada