প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘চিআৰপিএফ’ জোৱানৰ গছপুলি ৰোপণ অভিযানক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
29 OCT 2022 10:30PM by PIB Guwahati
‘বিশ্বনাথ ধাম’ আৰু ‘জ্ঞানৱাপী’ত কৰ্তব্যৰত ‘চিআৰপিএফ’ বাহিনীৰ জোৱানসকলে চৌহদ দুটাত ৭৫,০০০ গছ পুলি ৰোপণ কৰা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এয়া সমগ্ৰ দেশৰ বাবেই নিদৰ্শন হ’ব পৰা প্ৰয়াস বুলি অভিহিত কৰে।
এই সন্দৰ্ভত তেওঁ টুইট কৰে:
“চিআৰপিএফ’ জোৱানসকলৰ এই পদক্ষেপ সকলো অনুপ্ৰাণিত কৰিব পৰা ধৰণৰ। সুৰক্ষা প্ৰহৰীৰ ৰূপত পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁলোকে গ্ৰহণ কৰা এই প্ৰয়াস সমগ্ৰ দেশৰ বাবেই এক নিদৰ্শন স্বৰূপ।@crpfindia”
***
DS/AK/KB
(ৰিলিজ আই ডি : 1872947)
অতিথি কক্ষ : 154
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam