প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা জনায়


পৰম্পৰাগত চিকিৎসা আৰু যোগৰ ক্ষেত্ৰত কৰ্মৰত লোকৰ প্ৰয়াসৰ প্ৰশংসা

বিশ্বজনীন আয়ুষ শিখৰ সন্মিলনত দিয়া নিজৰ শেহতীয়া ভাষণ শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 22 OCT 2022 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছৰ পৱিত্ৰ উপলক্ষত দেশবাসীক শুভেচ্ছা জনাইছে। স্বাস্থ্য আৰু কল্যাণৰ সৈতে ধনতেৰাছৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰম্পৰাগত ঔষধি আৰু যোগৰ দিশত বিশ্বৰ সন্মতিক মান্যতা প্ৰদান কৰি এই ক্ষেত্ৰত কাম কৰি থকা লোকসকলৰ প্ৰশংসা কৰে। তেওঁ বিশ্বজনীন আয়ুষ সন্মিলনত দিয়া নিজৰ শেহতীয়া ভাষণো শ্বেয়াৰ কৰিছে।

নিজৰ টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"ধনতেৰাছৰ পৱিত্ৰ উপলক্ষত শুভেচ্ছা। আমাৰ দেশবাসীয়ে প্ৰচুৰ মাত্ৰাত ভাল স্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক। এয়ে কামনা যে আমাৰ সমাজত সমৃদ্ধি সৃষ্টিৰ ভাবনা নিৰন্তৰ অব্যাহত থাকক।"

"ধনতেৰাছৰ স্বাস্থ্য আৰু কল্যাণৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে। চলিত বছৰবিলাকত, ভাৰতৰ পৰম্পৰাগত ঔষধি আৰু যোগে বিশ্বজনীন মনোযোগ নিজৰ ফালে আকৰ্ষিত কৰিছে। মই এই ক্ষেত্ৰসমূহত কৰ্মৰত লোকসকলৰ প্ৰশংসা কৰিছো। অলপতে বিশ্বজনীন আয়ুষ শিখৰ সন্মিলনত দিয়া নিজৰ সম্বোধন শ্বেয়াৰ কৰিছো।"

***

DS/TS


(रिलीज़ आईडी: 1870754) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam