প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অযোধ্যাত শ্ৰী ৰাম কথা পাৰ্কত ভগৱান শ্ৰী ৰামৰ ৰাজ্যাভিষেকৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
Posted On:
23 OCT 2022 7:50PM by PIB Guwahati
জয় সিয়া ৰাম।
জয় জয় সিয়া ৰাম।।
কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইয়াৰ জনপ্ৰিয় কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সকলো পূজ্য সন্তগণ, উপস্থিত অন্য সকলো প্ৰবুদ্ধগণ, শ্ৰদ্ধালুগণ, দেৱী আৰু সজ্জনসকল,
শ্ৰীৰামললাৰ দৰ্শন আৰু তাৰ পাছত ৰাজা ৰামৰ অভিষেক, এই সৌভাগ্য ৰামজীৰ কৃপাতেই হয়। যেতিয়া শ্ৰীৰামৰ অভিষেক হয়, তেতিয়া আমাৰ ভিতৰত ভগৱান ৰামৰ আদৰ্শ আৰু মূল্য অধিক দৃঢ় হৈ যায়। ৰামৰ অভিষেকৰ লগতে তেওঁ দেখুওৱা পথ অধিক প্ৰদীপ্ত হৈ উঠে। অযোধ্যাৰ তো শিৰাই শিৰাই, কণাই কণাই তেওঁৰ দৰ্শন সমাহিত হৈ আছে। আজি অযোধ্যাৰ ৰামলীলাৰ মাধ্যমত, সৰযু আৰতিৰ মাধ্যমত, দীপোৎসৱৰ মাধ্যমত, ৰামায়ণৰ ওপৰত গৱেষণা আৰু অনুসন্ধানৰ মাধ্যমত এই দৰ্শন সমগ্ৰ বিশ্বত প্ৰসাৰিত হৈ আছে। মই আনন্দিত যে অযোধ্যাৰ মানুহে, সমগ্ৰ উত্তৰ প্ৰদেশ আৰু দেশৰ মানুহ এই প্ৰবাহৰ অংশ হৈ আছে, দেশত জনকল্যাণৰ ধাৰাক গতি দি আছে। মই এই উপলক্ষত আপোনালোকক, দেশবাসীক আৰু বিশ্বজুৰি বিয়পি থকা ৰাম ভক্তসকলকো আন্তৰিক অভিনন্দন জানাইছো। মই প্ৰভু শ্ৰীৰামৰ পৱিত্ৰ জন্মভূমিৰ পৰা সকলো দেশবাসীক আজি ছোটী দীপাৱলী উৎসৱত কাইলৈৰ দীপাৱলীৰো আন্তৰিক শুভকামনা জানাইছো।
বন্ধুসকল,
এইবাৰ দীপাৱলী এনে এক সময়ত আহিছে, যি সময়ত আমি কিছু আগতেহে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো, আমি আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছো। স্বাধীনতাৰ এই অমৃত কালত ভগৱান ৰামৰ দৰে সংকল্প শক্তিয়ে দেশক নতুন উচ্চতালৈ লৈ যাব। ভগৱান ৰামে নিজৰ বচনত, নিজৰ বিচাৰত, নিজৰ শাসনত, নিজৰ প্ৰশাসনত যিসমূহ মূল্য গঢ়িলে, সেয়া সবকা সাথ সবকা বিকাশৰ প্ৰেৰণা আৰু সবকা বিশ্বাস সবকা প্ৰয়াসৰ আধাৰো। অহা ২৫ বছৰত বিকশিত ভাৰতৰ আকাংক্ষা লৈ আগুৱাই থকা আমি হিন্দুস্তানীৰ বাবে শ্ৰীৰামৰ আদৰ্শ, সেই প্ৰকাশ স্তম্ভৰ দৰে যি আমাক কঠিনতকৈও কঠিন লক্ষ্য আহৰণৰ প্ৰেৰণা দিব।
বন্ধুসকল,
এইবাৰ লালকিলাৰ পৰা মই সকলো দেশবাসীক পঞ্চ পণ আকোৱালি ল'বলৈ আহ্বান জনাইছো। এই পঞ্চ পণৰ শক্তি যি এক তত্ত্বৰে সংযুক্ত সেয়া হৈছে ভাৰতৰ নাগৰিকসকলৰ কৰ্তব্য। আজি অযোধ্যা নগৰীত, দীপোৎসৱৰ এই পৱিত্ৰ উপলক্ষত আমি নিজৰ এই সংকল্প দোহাৰিব লাগিব, শ্ৰীৰামৰ পৰা যিমান শিকিব পাৰো, শিকিব লাগিব। ভগৱান ৰামক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয়। মৰ্যাদাই মান ৰাখিবলৈও শিকায় আৰু মান দিবলৈও শিকায়। আৰু মৰ্যাদা যি বোধৰ আগ্ৰহী, সেই বোধ কৰ্তব্যই হয়। আমাৰ ধৰ্ম গ্ৰন্থত কোৱা হৈছে- “रामो विग्रहवान् धर्मः”॥ অৰ্থাৎ, ৰাম সাক্ষাৎ ধৰ্ম অৰ্থাৎ কৰ্তব্যৰ জীৱন্ত স্বৰূপ। ভগৱান ৰাম যেতিয়াই যি ভূমিকাত আছে, তেওঁ কৰ্তব্যৰ ওপৰত সবাতোকৈ বেছি জোৰ দিছে। তেওঁ যেতিয়া ৰাজকুমাৰ আছিল, তেতিয়া ঋষিসকলৰ, তেওঁলোকৰ আশ্ৰমৰ আৰু গুৰুকুলৰ সুৰক্ষাৰ কৰ্তব্য পালন কৰিছে। ৰাজ্যাভিষেকৰ সময়ত শ্ৰীৰামে এজন আজ্ঞাকাৰী পুত্ৰৰ কৰ্তব্য পালন কৰে। তেওঁ পিতা আৰু পৰিয়ালৰ কথাক প্ৰাথমিকতা দি ৰাজ্য ত্যাগক, বনলৈ যোৱাক নিজৰ কৰ্তব্য বুলি স্বীকাৰ কৰে। তেওঁ যেতিয়া বনত থাকে তেতিয়া বনবাসীক আকোৱালি লয়। আশ্ৰমলৈ যাওঁতে মাতা সবৰীৰ আশীৰ্বাদ লয়। তেওঁ সকলোকে লগত লৈ লংকাত বিজয় প্ৰাপ্ত কৰে আৰু যেতিয়া সিংহাসনত বহে তেতিয়া বনৰ সেই সকলো সংগী ৰামৰ সৈতে থিয় দিয়ে। কিয়নো ৰামে কাকো পিছত নেৰে। ৰামে কৰ্তব্য ভাবনাৰ পৰা মুখ নুঘুৰায়। সেয়ে ৰাম ভাৰতৰ সেই ভাবনাৰ প্ৰতীক যি মানে যে আমাৰ অধিকাৰ আমাৰ কৰ্তব্যৰে স্বয়ংসিদ্ধ হয়। সেয়ে আমি কৰ্তব্যৰ প্ৰতি সমৰ্পিত হোৱা দৰকাৰ। আৰু সংযোগ চাওক, আমাৰ সংবিধানৰ যি মূলপ্ৰতিত ভগৱান ৰাম, মা সীতা আৰু লক্ষ্মণ জীৰ চিত্ৰ অংকিত আছে, সংবিধানৰ সেই পৃষ্ঠায়ো মৌলিক অধিকাৰৰ কথা কয়। অৰ্থাৎ এফালে আমাৰ সাংবিধানিক অধিকাৰৰ নিশ্চয়তা, লগতে প্ৰভু ৰামৰ ৰূপত কৰ্তব্যৰ স্বাশ্বত সাংস্কৃতিক বোধ! সেয়ে আমি যিমানেই কৰ্তব্যৰ সংকল্পক শক্তিশালী কৰিম, ৰাম ৰাজ্যৰ সংকল্পও সিমানেই সাকাৰ হৈ যাব।
বন্ধুসকল,
আজাদী কে অমৃত কালত দেশে নিজৰ ঐতিহ্যৰ ওপৰত গৌৰৱ আৰু দাসত্বৰ মানসিকতাৰ পৰা মুক্তিৰ আহ্বান জনাইছে। এই প্ৰেৰণাও আমি প্ৰভু শ্ৰীৰামৰ পৰা পাইছো। তেওঁ কৈছিল- জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী। অৰ্থাৎ, তেওঁ স্বৰ্ণময়ী লংকাৰ সন্মুখতো হীন ভাবনালৈ অহা নাই, বৰং তেওঁ কয় যে মা আৰু মাতৃভূমি স্বৰ্গতকৈও অধিক। এই আত্মবিশ্বাসেৰেই যেতিয়া তেওঁ অযোধ্যালৈ উভতি আহে তেতিয়া অযোধ্যাৰ বিষয়ে কোৱা হয়- "নৱ গ্ৰহ নিকৰ অনীক বনাই। জনু ঘেৰী অমৰাৱতী আঈ।।" অৰ্থাৎ, অযোধ্যাৰ তুলনা স্বৰ্গৰ সৈতে কৰা হৈছে। সেয়ে ভাতৃ আৰু ভগ্নীসকল, যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প হয়, নাগৰিকৰ মাজত সেৱাভাব হয় তেতিয়াই ৰাষ্ট্ৰ বিকাশৰ অসীম উচ্চতা স্পৰ্শ হয়। এটা সময় আছিল, যেতিয়া ৰামৰ বিষয়ে, আমাৰ সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে কথা পতাও এৰাই চলা হৈছিল। এই দেশত ৰামৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন চিহ্ন লগোৱা হৈছিল। তাৰ পৰিণাম কি হ'ল? আমাৰ ধাৰ্মিক, সাংস্কৃতিক স্থান আৰু নগৰ পিছুৱাই গৈ থাকিল। আমি এই অযোধ্যাৰে ৰামঘাটলৈ আহিলে দুৰ্দশা দেখি মন দুখী হৈ গৈছিল। কাশীৰ বিশৃংখলতা, সেই লেতেৰা আৰু আৱৰ্জনাই অসুবিধাত পেলাইছিল। যি স্থানক আমি নিজৰ পৰিচয়ৰ, নিজৰ অস্তিত্বৰ প্ৰতীক বুলি গণ্য কৰিছিলো, যেতিয়া তাৰেই অৱস্থা বেয়া আছিল, তেতিয়া দেশৰ উত্থাপন মনোবল নিজেনিজে ভাগি পৰিছিল।
বন্ধুসকল,
যোৱা আঠ বছৰত দেশে হীন ভাবনাৰ এই বৃত্ত ভাঙিলে। আমি ভাৰতৰ তীৰ্থসমূহৰ বিকাশৰ এটা সামগ্ৰিক চিন্তা সন্মুখত ৰাখিছো। আমি ৰাম মন্দিৰ আৰু কাশী বিশ্বনাথ ধামৰ পৰা আৰম্ভ কৰি কেদাৰনাথ আৰু মহাকাল-মহালোকলৈকে ঘনঘোৰ অৱহেলাৰ চিকাৰ আমাৰ আস্থাৰ স্থানৰ গৌৰৱ পুনৰুজ্জীৱিত কৰিলো। এটা সামগ্ৰিক প্ৰয়াস কেনেকৈ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ পৰে, আজি দেশ ইয়াৰ সাক্ষী। আজি অযোধ্যাৰ বিকাশৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ নতুন যোজনা আৰম্ভ কৰা হৈছে। পথসমূহৰ বিকাশ হৈ আছে। সংযোগ স্থল আৰু ঘাটসমূহৰ সৌন্দৰ্য বৰ্ধন হৈ আছে। নতুন আন্তঃগাঁথনি হৈ আছে। অৰ্থাৎ অযোধ্যাৰ বিকাশে নতুন পৰিসৰ লাভ কৰিছে। অযোধ্যা ৰে'লৱে ষ্টেচনৰ সমান্তৰালকৈ ৱৰ্ল্ড ক্লাছ এয়াৰপৰ্টো নিৰ্মাণ কৰা হ'ব। অৰ্থাৎ, কানেক্টিভিটী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ মুনাফা এই সমগ্ৰ অঞ্চলে পাব। অযোধ্যাৰ বিকাশৰ সমান্তৰালকৈ ৰামায়ণ চাৰ্কিটৰ বিকাশৰ কামো চলি আছে। অৰ্থাৎ, অযোধ্যাৰ পৰা যি বিকাশ অভিযান আৰম্ভ হ'ল, তাৰ বিস্তাৰ ওচৰ-পাজৰৰ সকলো ঠাইৰ হ'ব।
বন্ধুসকল,
এই সাংস্কৃতিক বিকাশৰ কেইবাটাও সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় দিশো আছে। শৃংগবীৰপুৰ ধামত নিষাদৰাজ পাৰ্ক নিৰ্মাণ কৰি থকা হৈছে। ইয়াত ভগৱান ৰাম আৰু নিষাদৰাজৰ ৫১ ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমা বনাই থকা হৈছে। এই প্ৰতিমাই ৰামায়ণৰ সেই সৰ্বসমাৱেশী বাৰ্তাও জনমানসত সৃষ্টি কৰিব যি আমাক সমতা আৰু সংহতিৰ বাবে সংকল্পবদ্ধ কৰে। এনেকৈ, অযোধ্যাত কুইন-হো মেমৰিয়েল পাৰ্ক নিৰ্মাণ কৰা হৈছে। এই পাৰ্ক ভাৰত আৰু দক্ষিণ কোৰিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক গভীৰ কৰিবলৈ, দুয়োখন দেশৰ সাংস্কৃতিক সম্পর্ক শক্তিশালী কৰাৰ এটা মাধ্যম হ'ব। আপোনালোকে কল্পনা কৰিব পাৰে যে এই বিকাশৰ ফলত, পৰ্যটনৰ এই সম্ভাৱনাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সংস্থাপনৰ কিমান সুযোগ সৃষ্টি হ'ব। চৰকাৰে যি ৰামায়ণ এক্সপ্ৰেছ ট্ৰেইন চলাইছে, সি স্পিৰিচুৱেল টুৰিজিমৰ দিশত এটা উৎকৃষ্ট আৰম্ভণি। আজি দেশত চাৰধাম প্ৰকল্পই হওক, বুদ্ধ চাৰ্কিট হওক, বা প্ৰসাদ যোজনাৰ জৰিয়তে চলি থকা বিকাশৰ কাম হওক, আমাৰ এই সাংস্কৃতিক উৎকৰ্ষে নতুন ভাৰতৰ সামগ্ৰিক উত্থানৰ সংকেত।
বন্ধুসকল,
আজি অযোধ্যা নগৰীৰ পৰা মোৰ সমগ্ৰ দেশৰ মানুহৰ বাবে এটা প্ৰাৰ্থনাও আছে, এটা বিনম্ৰ নিবেদনো আছে। অযোধ্যা ভাৰতৰ মহান সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিবিম্ব। ৰাম, অযোধ্যাৰ ৰাজকুমাৰ আছিল। কিন্তু আৰাধ্য তেওঁ সমগ্ৰ দেশৰ। তেওঁৰ প্ৰেৰণা, তেওঁৰ তপস্যা, তেওঁ দেখুওৱা পথ, প্ৰতিজন দেশবাসীৰ বাবে। ভগৱান ৰামৰ আদৰ্শৰ ওপৰত চলাটো আমি সকলো ভাৰতীয়ৰ কৰ্তব্য। তেওঁৰ আদৰ্শক আমি নিৰন্তৰ জীয়াব লাগিব, জীৱনলৈ নমাব লাগিব। আৰু এই আদৰ্শ পথত চলি অযোধ্যাবাসীৰ ওপৰত দুগুণ দায়িত্ব আছে। আপোনালোকৰ ডবল ৰেস্পন্সিবিলিটী আছে মোৰ অযোধ্যাৰ ভাতৃ আৰু ভগ্নীসকল! সেই দিন দূৰত নাই যেতিয়া বিশ্বজুৰি ইয়ালৈ অহা লোকৰ সংখ্যা বহুগুণ বাঢ়ি যাব। য'ত কণাই কণাই ৰাম ব্যাপ্ত হৈ আছে, তাৰ মানুহ কেনেকুৱা, তাৰ মানুহৰ মন কেনেকুৱা, এয়াও সিমানেই বিশেষ। যেনেকৈ ৰামজীয়ে সকলোকে আপোনত্ব দিলে, তেনেকৈ অযোধ্যাবাসীয়ে ইয়ালৈ আহিবলগা প্ৰত্যেক ব্যক্তিৰ আদৰণি আপোনত্বৰে কৰিব লাগিব। অযোধ্যাৰ পৰিচয় কৰ্তব্য নগৰী হিচাপেও হোৱা উচিত। অযোধ্যা, সকলোতকৈ স্বচ্ছ নগৰী হওক, ইয়াৰ পথ ওখ হওক, সুন্দৰতা অপৰিসীম হওক, ইয়াৰ বাবে যোগীজীৰ চৰকাৰে দিব্য দৃষ্টিৰে অনেক প্ৰকল্প আগবঢ়াই আছে, প্ৰয়াস কৰি আছে। কিন্তু এই প্ৰয়াসত অযোধ্যাৰ মানুহৰ সংগ যদি আৰু বাঢ়ি যায় তেন্তে অযোধ্যাৰ দিব্যতাও আৰু উজ্জ্বলি উঠিব। মবিচাৰিম যে যেতিয়াই নাগৰিক মৰ্যদাৰ কথা হয় , নাগৰিক অনুশাসনৰ কথা হয়, অযোধ্যাৰ মানুহৰ নাম সবাতোকৈ আগত আহে। মই অযোধ্যাৰ পূণ্য ভূমিত প্ৰভু শ্ৰীৰামৰ পৰা এয়াই কামনা কৰো, দেশৰ প্ৰতিজনৰ কৰ্তব্য শক্তিৰে ভাৰতৰ সামৰ্থ্য শিখৰলৈ পাওক। নতুন ভাৰতৰ আমাৰ স্বপ্ন মানৱতাৰ কল্যাণৰ মাধ্যম হওক। এই কামনাৰেই, মই নিজৰ বক্তব্য সমাপ্ত কৰিছো। এবাৰ আকৌ সকলো দেশবাসীক দীপাৱলীৰ বহুত বহুত অভিনন্দন জানাইছো। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!
কওক- সিয়াৱৰ ৰামচন্দ্ৰ কী জয়!
সিয়াৱৰ ৰামচন্দ্ৰ কী জয়!
সিয়াৱৰ ৰামচন্দ্ৰ কী জয়!
ধন্যবাদ জী!
***
DS/SH/AV/AK
(Release ID: 1870737)
Visitor Counter : 270
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam