প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী মন্তব্যৰ অনুবাদ

Posted On: 21 MAR 2022 1:54PM by PIB Guwahati

মোৰ প্ৰিয় বন্ধু স্কট, নমস্কাৰ!

নিৰ্বাচনত জয়লাভ আৰু হোলী উৎসৱ উপলক্ষে আপোনাৰ শুভেচ্ছা লাভ কৰি মই আপোনালোকৰ ওচৰত কৃতজ্ঞ।

সকলো ভাৰতীয়ৰ হৈ মই কুইন্সলেণ্ড আৰু নিউ ছাউথ ৱেলছত বানপানীৰ ফলত জীৱন আৰু সম্পত্তি হানিৰ বাবে সমবেদনা জ্ঞাপন কৰিছোঁ।

আমাৰ অন্তিম ভাৰ্চুৱেল সন্মিলনত, আমি আমাৰ সম্পৰ্কক এক সৰ্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰিছোঁ। আৰু মই সুখী যে আজি আমি দুয়োখন দেশৰ মাজত বাৰ্ষিক সন্মিলনৰ গঠন প্ৰক্ৰিয়া স্থিৰ কৰিছোঁ। আমাৰ সম্পৰ্কৰ নিয়মীয়া পৰ্যালোচনাৰ ক্ষেত্ৰত ই এক গণতান্ত্ৰিক কৌশল হিচাপে গঢ়ি উঠিব।

মহামহিমসকল,

বিগত কেইবছৰমানত আমাৰ সম্পৰ্কই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, শিক্ষা আৰু উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি– এই সকলো ক্ষেত্ৰতেই আমাৰ অতি ঘনিষ্ঠ সহযোগিতা আছে। কোভিড-১৯ গৱেষণা, পুনৰনৱীকৰণযোগ্য শক্তি, জল ব্যৱস্থাপনা আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে আন বহুতো ক্ষেত্ৰত আমাৰ সহযোগিতা দ্ৰুতগতিত বৃদ্ধি পাইছে।

বাংগালুৰুত চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজি পলিচি স্থাপনৰ ঘোষণাক মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। চাইবাৰ আৰু গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ মাজত উন্নত সহযোগিতা থকাটো অতি প্ৰয়োজনীয়। এই সমস্ত উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত উপযুক্ত আন্তৰ্জাতিক মান গ্ৰহণ কৰাটো আমাৰ দৰে একে মূল্যবোধসম্পন্ন দেশবোৰৰ দায়িত্ব।

মহামহিমসকল,

এইক্ষেত্ৰত আমাৰ সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি–"চিইচিএ"ক লৈ আপুনি কোৱাৰ দৰে, ময়ো ক'ব বিচাৰো যে অতি কম সময়ৰ ভিতৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। মই নিশ্চিত যে বাকী থকা বিষয়বোৰৰ ক্ষেত্ৰতো আমি শীঘ্ৰেই সহমত পোষণ কৰিম। আমাৰ অৰ্থনৈতিক সম্পৰ্ক, অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণ আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে "চিইচিএ" আগতীয়াকৈ সম্পূৰ্ণ হোৱাটো গুৰুত্বপূৰ্ণ।

কোৱাডৰ ক্ষেত্ৰতো আমাৰ মাজত ভাল সহযোগিতা আছে। আমাৰ এই সহযোগিতাই এক উন্মুক্ত, মুকলি আৰু সামগ্ৰিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। আঞ্চলিক আৰু গোলকীয় স্থিৰতাৰ বাবে কোৱাডৰ সফলতা অতি গুৰুত্বপূৰ্ণ।

মহামহিমসকল,

প্ৰাচীন ভাৰতীয় শিল্পকলা ঘূৰাই দিয়াৰ বাবে লোৱা উদ্যোগৰ বাবে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপুনি প্ৰেৰণ কৰা শিল্পকলাবোৰৰ ভিতৰত আছে ৰাজস্থান, পশ্চিম বংগ, গুজৰাট, হিমাচল প্ৰদেশৰ লগতে আন বহুতো ভাৰতীয় ৰাজ্যৰ পৰা অবৈধভাৱে চোৰাংকৈ অনা শ শ বছৰ পুৰণি মূৰ্তি আৰু চিত্ৰ। আৰু ইয়াৰ বাবে মই সকলো ভাৰতীয়ৰ হৈ আপোনাসৱলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আপুনি আমাক ঘূৰাই দিয়া সকলো মূৰ্তি আৰু অন্যান্য বস্তুবোৰ মূল ঠাইলৈ ঘূৰাই পঠোৱা হ'ব। সকলো ভাৰতীয় নাগৰিকৰ হৈ মই পুনৰ এবাৰ এই পদক্ষেপৰ বাবে আপোনাসৱলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আপোনাক বহুত অভিনন্দন। শনিবাৰৰ খেলখনত অষ্ট্ৰেলিয়া জয়ী হৈছে, কিন্তু প্ৰতিযোগিতাখন এতিয়াও শেষ হোৱা নাই। দুয়োখন দেশৰ দললৈ মোৰ শুভেচ্ছা জনাইছোঁ।

মহামহিমসকল,

পুনৰ এবাৰ, আজি আপোনাৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পোৱাৰ বাবে মই আনন্দ প্ৰকাশ কৰিছোঁ।

এতিয়া মই সংবাদ মাধ্যমৰ বন্ধুসকলক ধন্যবাদ জনাই মুকলি অধিৱেশনৰ সামৰণি মাৰিব বিচাৰিছোঁ। কিছু মুহূৰ্তৰ বিৰতিৰ পিছত, মই পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ত মোৰ মতামত আগবঢ়াম।

 

*******************************************************

DS/LP/KG



(Release ID: 1870211) Visitor Counter : 79