প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত প্ৰায় ৫৮৬০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে


লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১১০০ তকৈও অধিক ঘৰ উৎসৰ্গা কৰে

ইণ্ডিয়া আৰ্বান হাউচিং কনক্লেভ ২০২২ উদ্বোধন কৰে

"আমি উন্নত ভাৰতৰ বাবে উন্নত গুজৰাটৰ মন্ত্ৰৰ সৈতে আগবাঢ়ি আছোঁ"

"ৰাজকোটে মোক শিকাই আছিল আৰু মই শিকি আছিলোঁ। ৰাজকোট মোৰ প্ৰথম বিদ্যালয় আছিল"

"মৌলিক সুবিধা আৰু মৰ্যাদাপূৰ্ণ জীৱন অবিহনে দৰিদ্ৰতাৰ পৰা মুক্তি পোৱাটো অসম্ভৱ"
"দশক পূৰ্বে দিয়া 'গৰীবি হটাও, ৰুটী-কাপড়া-মকান'ৰ শ্লোগান কেৱল শ্লোগান হৈয়ে আছিল"

"পূৰ্বৰ চৰকাৰসমূহে দৰিদ্ৰ লোকৰ বাবে দায়িত্ব হিচাপে নহয়, অনুগ্ৰহ হিচাপেহে ঘৰ নিৰ্মাণ কৰিছিল। দৰিদ্ৰ লোকসকলৰ ঘৰ উন্নত কৰাটো আমাৰ নিৰন্তৰ প্ৰয়াস"

"যোৱা দুটা দশকত ৰাজকোটৰ পৰা ইঞ্জিনীয়াৰিঙৰ সৈতে জড়িত সামগ্ৰীৰ ৰপ্তানি ৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে"

"পৃথিৱীৰ ১৩ শতাংশতকৈও অধিক চিৰামিক কেৱল মৰবিত উৎপাদিত হয়"

Posted On: 19 OCT 2022 8:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত প্ৰায় ৫৮৬০ কোটি টকাৰ আধাৰশিলা আধাৰশিলা স্থাপন কৰে আৰু আৰু সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া আৰ্বান হাউচিং কনক্লেভ ২০২২ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১১০০তকৈও অধিক ঘৰো উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে পানী যোগান প্ৰকল্পঃ ব্ৰহ্মানী-২ বান্ধৰ পৰা নৰ্মদা কেনেল পাম্পিং ষ্টেচনলৈ মৰবি-বাল্ক পাইপলাইন প্ৰকল্প, এটা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, ফ্লাইঅভাৰ দলং আৰু পথ যোগাযোগ সম্পৰ্কীয় অন্যান্য প্ৰকল্প।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ ৰাজকোট-গোন্দল-জেটপুৰ শাখাৰ বৰ্তমানৰ চাৰি লেন পথছোৱা ছয় লেনলৈ উন্নীত কৰাৰ আধাৰশিলা স্থাপন কৰে। তেওঁ মৰবি, ৰাজকোট, বোটাড, জামনগৰ আৰু কচ্ছৰ বিভিন্ন স্থানত প্ৰায় ২৯৫০ কোটি টকাৰ জিআইডিচি ঔদ্যোগিক সম্পত্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে গঢ়কাত আমূল-ফেড দুগ্ধ প্ৰকল্প, ৰাজকোটত এটা ইনড'ৰ ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ, দুটা পানী যোগান প্ৰকল্প আৰু পথ আৰু ৰে'ল খণ্ডত অন্যান্য প্ৰকল্প।

এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইয়া বছৰৰ এনে এক সময় যি সময়ত নতুন সংকল্প লোৱা হয় আৰু নতুন আৰম্ভণি কৰা হয়। একে সময়তে ৰাজকোটকে ধৰি কাঠিয়াৱাড়ৰ উন্নয়ন সম্পৰ্কীয় কিছুমান প্ৰকল্প আজি সম্পূৰ্ণ হৈছে আৰু কিছুমান নতুন প্ৰকল্প আৰম্ভ হৈছে। যোগাযোগ, উদ্যোগ, পানী আৰু ৰাজহুৱা সুবিধাৰ সৈতে সম্পৰ্কিত এই প্ৰকল্পবোৰে অঞ্চলবাসীৰ জীৱন সহজ কৰি তুলিব।

তেওঁ কয় যে দেশৰ ৬ স্থানৰ ভিতৰত ৰাজকোট হৈছে লাইট হাউচ প্ৰকল্পৰ অন্যতম স্থান আৰু শেহতীয়া প্ৰযুক্তিৰে নিৰ্মাণ কৰা ১১৪৪ টা ঘৰ আজি উৎসৰ্গা কৰা হয়। দেৱালীৰ আগতে আধুনিক প্ৰযুক্তিৰে নিৰ্মিত সুন্দৰ ঘৰবোৰ ৰাজকোটৰ শ শ দৰিদ্ৰ পৰিয়ালক হস্তান্তৰ কৰাৰ আনন্দই সুকীয়া। প্ৰধানমন্ত্ৰীয়ে কয়, "মই বিশেষকৈ এই ঘৰবোৰৰ গৰাকী হোৱা ভগ্নীসকলক অভিনন্দন জনাইছোঁ আৰু কামনা কৰিম যে এই দেৱালীত লক্ষ্মী দেৱীয়ে আপোনাসৱৰ এই নতুন ঘৰত থিতাপি লওক"।

বিগত ২১ বছৰত একেলগে আমি সপোন দেখিছোঁ, বহুতো পদক্ষেপ লৈছোঁ আৰু বহুতো সফলতা অৰ্জন কৰিছোঁ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, "ৰাজকোটে মোক শিকাই আছিল আৰু মই শিকি আছিলোঁ। ৰাজকোট মোৰ প্ৰথম বিদ্যালয় আছিল"। তেওঁ স্মৰণ কৰে যে ৰাজকোট এনে এখন ঠাই য'ত মহাত্মা গান্ধীয়েও শিকিবলৈ আহিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, মই কেতিয়াও ৰাজকোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। এজন শিক্ষাৰ্থী হিচাপে আমাৰ সফলতাৰ সৰ্বোচ্চ প্ৰমাণ হৈছে আজিৰ স্কুল-কলেজত অধ্যয়ন কৰি থকা বা কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত থকা সহকৰ্মীসকল।

প্ৰধানমন্ত্ৰীয়ে ৰাজকোট আৰু সমগ্ৰ ৰাজ্যৰ আইন-শৃংখলাৰ উন্নত পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়, "যেতিয়া মই যুৱ বন্ধুসকলক নিশালৈকে ভয় নোহোৱাকৈ বাহিৰত ঘূৰি ফুৰা, তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ কাম কৰা দেখিবলৈ পাওঁ, ই মোক অপৰিসীম সন্তুষ্টি প্ৰদান কৰে। সন্তুষ্টি এই কথাৰ পৰা আহিছে যে আমি অপৰাধী, মাফিয়া, দাংগাকাৰী, সন্ত্ৰাসবাদী আৰু দখলকাৰী দলৰ পৰা পৰিত্ৰাণ পাবলৈ দিন-ৰাতি অতিবাহিত কৰিছিলোঁ আৰু আমাৰ প্ৰচেষ্টা বিফল হোৱা নাছিল। প্ৰতিজন অভিভাৱকে তেওঁলোকৰ সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে যি শান্তি আৰু সম্প্ৰীতিৰ সৈতে ইয়াত কঠোৰ পৰিশ্ৰম কৰি আছে সেয়া দেখি আনন্দিত হও"।

প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা দশকবোৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে যে প্ৰত্যেক গুজৰাটীয়ে যিমান সম্ভৱ যোগ্য আৰু সক্ষম হ'ব লাগে। ইয়াৰ বাবে যি পৰিৱেশৰ প্ৰয়োজন, তেওঁলোকক য'তেই উৎসাহিত কৰিব লাগে, সেয়া চৰকাৰে কৰি আছে। আমি 'উন্নত ভাৰতৰ বাবে বিকশিত গুজৰাট' মন্ত্ৰৰ সৈতে আগবাঢ়ি আছো। প্ৰধানমন্ত্ৰীয়ে কয় যে এফালে আমি ভাইব্ৰেণ্ট গুজৰাট অভিযানৰ জৰিয়তে উদ্যোগ আৰু বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, আনহাতে, কৃষি মহোৎসৱ আৰু গৰিব কল্যাণ মেলাৰ জৰিয়তে গাওঁ আৰু দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছোঁ। আৰু আমি দেখিছোঁ যে, যেতিয়া দৰিদ্ৰলোকক ক্ষমতা প্ৰদান কৰা হয়, তেতিয়া তেওঁলোকে দৰিদ্ৰতাৰ পৰা দ্ৰুত গতিত বাহিৰ ওলাই আহিবলৈ আৰম্ভ কৰে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে মৌলিক সুবিধা আৰু মৰ্যাদাপূৰ্ণ জীৱন অবিহনে দৰিদ্ৰতাৰ পৰা মুক্তি পোৱাটো অসম্ভৱ। তেওঁ কয় যে শৌচালয়, বিদ্যুৎ, পাইপযুক্ত পানী, ৰন্ধন গেছ আৰু ইণ্টাৰনেট সংযোগেৰে সজ্জিত এটা ঘৰ দৰিদ্ৰ লোকসকলৰ বাবে নিশ্চিত কৰা হৈছে। একেদৰে, পৰিয়ালবোৰক দৰিদ্ৰতালৈ ঠেলি দিয়াৰ বাবে ৰোগৰ এটা যুঁজ যথেষ্ট। সেয়েহে দৰিদ্ৰ পৰিয়ালবোৰৰ বাবে গুণগত বিনামূলীয়া চিকিৎসা নিশ্চিত কৰাৰ বাবে আয়ুষ্মান ভাৰত আৰু পিএমজেএৱাই-এমএৰ দৰে আঁচনি ৰূপায়ণ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "পূৰ্বৰ চৰকাৰসমূহে দৰিদ্ৰ লোকৰ এই অৱস্থা, দৰিদ্ৰ লোকৰ অনুভূতি বুজি পোৱা নাছিল। এইকাৰণেই দশক পূৰ্বে দিয়া গৰীবি হাটাও, ৰোটি-কাপড়া-মকানৰ শ্লোগান কেৱল এটা শ্ল'গান হৈয়ে আছিল। শ্ল'গান দিয়া হৈছিল আৰু ভোট লাভ কৰা হৈছিল আৰু স্বাৰ্থ পূৰণ কৰা হৈছিল", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৮ বছৰত দেশৰ গাওঁ আৰু চহৰসমূহত দৰিদ্ৰ লোকসকলক ৩ কোটিতকৈও অধিক পকী ঘৰ দিয়া হৈছে। এই সময়ছোৱাত গুজৰাট চহৰৰ দৰিদ্ৰ লোকসকলৰ বাবে ১০ লাখ পকী ঘৰৰ অনুমোদন জনোৱা হৈছে আৰু ইতিমধ্যে ৭ লাখ ঘৰ সম্পূৰ্ণ কৰা হৈছে। তেওঁ কয়, "ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ দলটোৱে দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণত প্ৰশংসনীয় কাম কৰি আছে। কেৱল দৰিদ্ৰই নহয়, আমি মধ্যবিত্ত শ্ৰেণীৰ নিজৰ ঘৰৰ সপোন পূৰণ কৰাৰ বাবেও প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছোঁ । কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ লাখ লাখ মধ্যবিত্ত পৰিয়ালক তেওঁলোকৰ নিজৰ ঘৰৰ বাবে প্ৰায় ১১ হাজাৰ কোটি টকা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, কেৱল এয়াই নহয়, সহ-চহৰবোৰত কাম কৰিবলৈ অহা শ্ৰমিকসকলেও কম ভাড়াত উন্নত ঘৰ পাব লাগে। এই আঁচনিক লৈ দ্ৰুত গতিত কাম চলি আছে"।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "পূৰ্বৰ চৰকাৰসমূহে দৰিদ্ৰ লোকৰ বাবে দায়িত্ব হিচাপে নহয়, অনুগ্ৰহ হিচাপে ঘৰ নিৰ্মাণ কৰিছিল। আমি পথ সলনি কৰিছোঁ"। প্ৰধানমন্ত্ৰীয়ে জনায় যে ঘৰত থকা লোকসকলক তেওঁলোকৰ নিজৰ ঘৰ নিৰ্মাণ আৰু তেওঁলোকে বিচৰা ধৰণে সজোৱাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু স্বাধীনতা প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয়, "দৰিদ্ৰ লোকসকলৰ ঘৰখন উন্নত কৰাৰ বাবে ই আমাৰ নিৰন্তৰ প্ৰয়াস। তেওঁ উল্লেখ কৰে যে ৰাজকোটৰ লাইট হাউচ প্ৰকল্পটো এনে এটা প্ৰচেষ্টা। ইয়াৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে ৰাজকোটত এই আৰ্হি চাবলৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আজি গুজৰাটেই কেৱল আধুনিক প্ৰযুক্তিৰে নিৰ্মিত ১১শতকৈও অধিক ঘৰ লাভ কৰা নাই, ভৱিষ্যতে পকী ঘৰ লাভ কৰিবলৈ যোৱা লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবেও ই এক ডাঙৰ খবৰ"। এই লাভালাভৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজকোটৰ এই আধুনিক ঘৰসমূহ দেশত দ্ৰুত গতিত সুলভ ঘৰ নিৰ্মাণৰ দিশত এক বৃহৎ পদক্ষেপ। "ই গৃহ নিৰ্মাণ খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ গৈ আছে"। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে হাজাৰ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দি আৰু দেশত নতুন ষ্টাৰ্ট-আপক উৎসাহিত কৰি এইধৰণৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ নিজৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰস্তুত কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাস্তা, বজাৰ, মল আৰু প্লাজাৰ বাহিৰেও নগৰীয়া জীৱনৰ আন এক দায়িত্ব আছে। "প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে পথৰ বিক্ৰেতাসকলৰ দায়িত্ব বুজি পাইছে। প্ৰথমবাৰৰ বাবে, আমি তেওঁলোকক বেংকৰ সৈতে সংযোগ কৰিছোঁ। আজি এই সহকৰ্মীসকলে স্বনিধি আঁচনিৰ জৰিয়তে সহজ ঋণ লাভ কৰিছে আৰু তেওঁলোকে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ কথা ভাবিব পাৰিছে। আজি আপোনাসৱে দেখিছে, এই বিক্ৰেতাসকলে ডিজিটেল লেনদেনৰ জৰিয়তে ডিজিটেল ইণ্ডিয়াক শক্তি প্ৰদান কৰিছে।

ৰাজকোটত এমএছএমইৰ সংখ্যা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চহৰখনৰ এখন ঔদ্যোগিক চহৰ আৰু এমএছএমইৰ কেন্দ্ৰ হিচাপে যথেষ্ট খ্যাতি আছে। তেওঁ লগতে কয় যে দেশৰ এনে কোনো অংশ নাই যিয়ে ৰাজকোটত তৈয়াৰ কৰা পাম্প, যন্ত্ৰ আৰু সঁজুলিৰ দৰে কোনো সামগ্ৰী ব্যৱহাৰ নকৰে। ফালকন পাম্প, ফিল্ড মাৰ্শ্বেল, এঞ্জেল পাম্প, ফ্লোটেক ইঞ্জিনিয়াৰিং, জলগংগা পাম্প, চিলভাৰ পুপ, ৰোটেক পাম্প, সিদ্ধি ইঞ্জিনীয়াৰিং, গুজৰাট ফৰ্জিং আৰু টপলেণ্ডৰ দৰে উদাহৰণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজকোটৰ এই সামগ্ৰীসমূহে দেশ আৰু বিশ্বত নিজৰ এক চিনাকী বনাবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা দুটা দশকত ৰাজকোটৰ পৰা ইঞ্জিনীয়াৰিং সৈতে জড়িত সামগ্ৰীৰ ৰপ্তানিয়ে ৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে।" তেওঁ উল্লেখ কৰে যে কাৰখানাৰ সংখ্যা দুগুণতকৈও অধিক হৈছে আৰু শ্ৰমিকৰ সংখ্যাও বহুগুণে বৃদ্ধি পাইছে। সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে, আন হাজাৰ হাজাৰ লোকেও ইয়াত নিযুক্তি লাভ কৰিছে। একেদৰে, মৰবিয়েও এক সুন্দৰ কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মৰবিৰ চিৰামিক টাইলসমূহ সমগ্ৰ বিশ্বতে বিখ্যাত। "পৃথিৱীৰ ১৩ শতাংশতকৈও অধিক চিৰামিক কেৱল মৰবিত উৎপাদিত হয়", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয যে মৰবি ৰপ্তানি উৎকৰ্ষ নগৰ বুলিও জনাজাত। "দেৱাল, মজিয়া, বাথৰুম আৰু শৌচালয় হওঁক, সেইবোৰ মৰবি অবিহনে অসম্পূৰ্ণ।" তেওঁ কয় যে ১৫ হাজাৰ কোটি বিনিয়োগেৰে মৰবিত এখন চিৰামিক উদ্যান নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক ইয়াৰ প্ৰগতিশীল ঔদ্যোগিক নীতিৰ বাবে প্ৰশংসা কৰি তেওঁৰ ভাষণৰ সামৰণি মাৰে।

অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী শ্ৰী কৌশল কিশোৰ, গুজৰাটৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰী বাজুভাই বালা, গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰুপানী আৰু সাংসদ শ্ৰী মোহনভাই কুণ্ডাৰিয়া আৰু শ্ৰী ৰামভাই কোমাৰিয়া উপস্থিত আছিল।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত প্ৰায় ৫৮৬০ কোটি টকাৰ আধাৰশিলা আধাৰশিলা স্থাপন কৰে আৰু আৰু সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। তেওঁ ইণ্ডিয়া আৰ্বান হাউচিং কনক্লেভ ২০২২ উদ্বোধন কৰে, য'ত ভাৰতত গৃহ নিৰ্মাণ সম্পৰ্কীয় বিভিন্ন দিশ সামৰি আলোচনা কৰা হ'ব, য'ত পৰিকল্পনা, ডিজাইন, নীতি, নিয়মাৱলী, ৰূপায়ণ, অধিক স্থিৰতা আৰু অন্যান্যসকলৰ মাজত অন্তৰ্ভুক্তি চামিল আছে। ৰাজহুৱা অনুষ্ঠানৰ পিছত প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনী মূলক নিৰ্মাণ পদ্ধতিৰ ওপৰত এখন প্ৰদৰ্শনীও উদ্বোধন কৰে।

ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১১০০ তকৈও অধিক ঘৰ উৎসৰ্গা কৰে। এই ঘৰবোৰৰ চাবিও হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে পানী যোগান প্ৰকল্পঃ ব্ৰহ্মানী-২ বান্ধৰ পৰা নৰ্মদা কেনেল পাম্পিং ষ্টেচনলৈ মৰবি-বাল্ক পাইপলাইন প্ৰকল্প, এটা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, ফ্লাইঅভাৰ দলং আৰু পথ যোগাযোগ সম্পৰ্কীয় অন্যান্য প্ৰকল্প।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ ৰাজকোট-গোন্দল-জেটপুৰ শাখাৰ বৰ্তমানৰ চাৰি লেন পথছোৱা ছয় লেনলৈ উন্নীত কৰাৰ আধাৰশিলা স্থাপন কৰে। তেওঁ মৰবি, ৰাজকোট, বোটাড, জামনগৰ আৰু কচ্ছৰ বিভিন্ন স্থানত প্ৰায় ২৯৫০ কোটি টকাৰ জিআইডিচি ঔদ্যোগিক সম্পত্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে গঢ়কাত আমূল-ফেড দুগ্ধ প্ৰকল্প, ৰাজকোটত এটা ইনড'ৰ ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ, দুটা পানী যোগান প্ৰকল্প আৰু পথ আৰু ৰে'ল খণ্ডত অন্যান্য প্ৰকল্প।

 

***

DS/TS/KG



(Release ID: 1869887) Visitor Counter : 117