প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটত পিএমজেএৱাই-এমএ আঁচনি আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভকৰে


"বিশ্বৰ বহুতো দেশত স্বাস্থ্য বীমাৰ বিষয়ে আলোচনা কৰা হয় কিন্তু ভাৰতে ইয়াৰ বাহিৰত আগবাঢ়ি ছে আৰু উন্নত স্বাস্থ্যৰ আশ্বাস দিছে"

"আমাৰ আঁচনিসমূহে আজি সাধাৰণ নাগৰিকৰ প্ৰয়োজনীয়তা পোনপটীয়াকৈ পূৰণ কৰে"

"যেতিয়া দেশৰ নাগৰিকসকল ক্ষমতাশালী হয়, দেশ শক্তিশালী হয়"

"আয়ুষ্মান কাৰ্ড হৈছে ৫ লাখ টকাৰ এটিএম। এইটো এটা এটিএম কাৰ্ড যি প্ৰতি বছৰে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি থাকিব"

"৩০-৪০বছৰৰ ভিতৰত ১.৫-২কোটি চিকিৎসা নিশ্চিত কৰা হৈছে"

Posted On: 17 OCT 2022 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটত পিএমজেএৱাই-এমএ আঁচনি আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পিএমজেএৱাই-এমএ আঁচনি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

বনসকান্থাত তুৱাৰৰ শ্ৰী পীয়ুষভাইৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়াল আৰু তেওঁৰ শেহতীয়া স্বাস্থ্যঅৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। আয়ুষ্মান ভাৰত আঁচনিয়ে তেওঁক এক নতুন জীৱন প্ৰদান কৰিছে বুলি জানি প্ৰধানমন্ত্ৰী আনন্দিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে চৰকাৰে সদায় তেওঁলোকৰ দৰে সকলো লোকৰ যত্ন ল'ব।

প্ৰধানমন্ত্ৰীয়ে মহিসাগৰৰ শ্ৰী দামোৰ লালাভাই সোমাভাইৰ সৈতে কথা পাতি তেওঁক কৰ্কট ৰোগৰ বাবে সঠিক চিকিৎসা প্ৰদান কৰা হৈছে নেকি বুলি সোধা হয়। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত শ্ৰী দামোৰক চিকিৎসা প্ৰদান কৰাত প্ৰধানমন্ত্ৰী সুখী হয় আৰু তেওঁ এক পইচাও খৰচ কৰিব লগা নহয়। তেওঁ শ্ৰীযুত ডামোৰক ধপাত ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি ল'বলৈ আহ্বান জনায় আৰু আঁচনিখনৰ বিষয়ে সজাগতা বিয়পাবলৈ কয়।

গান্ধীনগৰৰ এগৰাকী দৰ্জী ৰমিলাবেনে প্ৰধানমন্ত্ৰীক কয় যে যদি আয়ুষ্মান কাৰ্ড উপলব্ধ নহ’লহেতেন, তেন্তে তেওঁ চিকিৎসাৰ বাবে ঋণ ল'ব লগা হ'লহেঁতেন আৰু তেওঁ অস্ত্ৰোপচাৰ কৰিব নোৱাৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে সুখী যে মাতৃ আৰু ভগ্নীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছ আৰু দেৱালীৰ ঠিক আগতে জনস্বাস্থ্য সম্পৰ্কীয় ইমান ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ ইয়াক কাকতালীয় বুলি বৰ্ণনা কৰে যে ধনতেৰাছ ওচৰত আছে আৰু ভগৱান ধনৱন্তৰী, যাক আয়ুৰ্বেদৰ পিতৃ বুলি গণ্য কৰা হয়, এই উপলক্ষে পূজা কৰা হয়। শাস্ত্ৰৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে "আৰোগ্যম পৰম ভাগ্যম" মন্ত্ৰ উচ্চাৰণ কৰে আৰু আনন্দ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটৰ লাখ লাখ লোকক আৰোগ্য ধন দিয়াৰ বাবে এনে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

'সৰ্বে সন্তু নিৰাময়' অৰ্থাৎ সকলো লোকক ৰোগৰ পৰা মুক্ত হ'বলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান আঁচনিৰ লক্ষ্য হৈছে সকলোৰে স্বাস্থ্য। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণক ৫০ লাখ কাৰ্ড বিতৰণ কৰাৰ অভিযানৰ বৃহত্তৰ পৰিমাণৰ প্ৰশংসা কৰে। এইটো গুজৰাট চৰকাৰৰ সংবেদনশীলতাৰ প্ৰমাণ। "আমি বিশ্বৰ বহুতো দেশত স্বাস্থ্য বীমাৰ বিষয়ে শুনি আহিছো কিন্তু ভাৰতে ইয়াৰ বাহিৰত গৈ আছে, উন্নত স্বাস্থ্যৰ আশ্বাস দিছে।"

প্ৰধানমন্ত্ৰীয়ে পৰিৱৰ্তিত ৰাজনৈতিক চিন্তা ধাৰণ আৰু কৰ্ম সংস্কৃতিৰ ওপৰতো আলোকপাত কৰে। পূৰ্বৱৰ্তী চৰকাৰবোৰত, সাধাৰণ মানুহৰ সুবিধাৰ বাবে আঁচনিবোৰ কেৱল আনুষ্ঠানিকতাহৈ পৰিণত হৈছিল। এই আঁচনিবোৰত খৰচ কৰা ধন এটা নিৰ্দিষ্ট অঞ্চল আৰু ৰাজনৈতিক স্বাৰ্থৰ কথা মনত ৰাখি কৰা হৈছিল। "এই পৰিস্থিতিসলনি কৰাটো প্ৰয়োজনীয় আছিল আৰু আমি এই পৰিৱৰ্তনৰ পথ প্ৰদৰ্শন কৰিছিলো। আজি যেতিয়া পৰিকল্পনা কৰা হয়, আমি প্ৰথমে সাধাৰণ নাগৰিকৰ পৰিস্থিতি আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা অধ্যয়ন কৰোঁ। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, "আমাৰ আঁচনিসমূহে আজি সাধাৰণ নাগৰিকৰ প্ৰয়োজনীয়তা পোনপটীয়াকৈ পূৰণ কৰে"।

"যেতিয়া দেশৰ নাগৰিকসকল ক্ষমতাশালী হয়, দেশ শক্তিশালী হৈ পৰে। সেয়েহে আমি সাধাৰণ নাগৰিক, বিশেষকৈ দেশৰ মহিলাসকলক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। তেওঁ এই পদ্ধতিৰ উদাহৰণ স্বৰূপে বিনামূলীয়া গেছ সংযোগ, পকী ঘৰ, শৌচালয়, বিনামূলীয়া ৰেচন আৰু খোৱা পানীযোগানৰ তালিকা তৈয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত এতিয়ালৈকে সমগ্ৰ দেশৰ প্ৰায় ৪ কোটি দৰিদ্ৰ ৰোগীয়ে স্বাস্থ্যৰ সুবিধা লাভ কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ ভিতৰত প্ৰায় ৫০ লাখ দৰিদ্ৰ ৰোগী গুজৰাটৰ। নিজৰ চৰকাৰৰ সংকল্পসন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই হিতাধিকাৰীসকলৰ চিকিৎসাৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে।

আঁচনিখনৰ বাহিৰত চিকিৎসা ৰখাৰ বাবে হিতাধিকাৰীসকলৰ পকেটৰ পৰা ধন খৰচ কৰা হ'লহেঁতেন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ আধা হিতাধিকাৰীৰ মোৰ মাতৃ-ভগ্নী থকাবুলি সন্তোষ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, এই মাতৃ আৰু ভগ্নীসকলে তেওঁলোকৰ ৰোগ লুকুৱাই ৰাখিছিল আৰু পৰিয়ালৰ স্বাৰ্থত ভুগিছিল কিয়নো তেওঁলোকে চিকিৎসাৰ ওপৰত উচ্চ ব্যয়ৰ বাবে ল'ব লগা ঋণৰ আশংকা কৰিছিল। "আয়ুষ্মান ভাৰত আঁচনিয়ে দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলকো এই সমস্যাৰ পৰা মুক্ত কৰিছে। এইটো এটা এটিএম কাৰ্ড যি প্ৰতি বছৰে লাভালাভ প্ৰদান কৰি থাকিব। এই লাভালাভৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে যদি এজন ব্যক্তি ৩০-৪০ বছৰ জীয়াই থাকে, তেন্তে সেই সময়ছোৱাত ১.৫-২ কোটি টকাৰ চিকিৎসা নিশ্চিত কৰা হ'ব। "আয়ুষ্মান কাৰ্ড হ'ব আপোনাৰ প্ৰকৃত বন্ধু, আটাইতকৈ ডাঙৰ সমস্যা সমাধানকাৰী।"

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ চিৰঞ্জীৱী, বলভোগ আৰু খিখিলাহাট আঁচনিৰ সূচনা কৰিছিল। বহু বছৰ আগতে গুজৰাটত মুখামত্ৰী অমৃতম মুকলি কৰা হৈছিল। পিএমজেএৱাই-এমএ মুকলি কৰাৰ লগে লগে গুজৰাটৰ লোকসকলে গুজৰাটৰ বাহিৰতো বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব।


পটভূমি

গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰীয়ে ২০১২ চনত দৰিদ্ৰ নাগৰিকসকলক চিকিৎসা আৰু ৰোগৰ ভয়ংকৰ ব্যয়ৰ পৰা সুৰক্ষিত কৰিবলৈ 'মুখ্যমন্ত্ৰী অম্ৰুথাম(এমএ) আঁচনি আৰম্ভ কৰিছিল। 2014 চনত, বাৰ্ষিক 4 লাখ টকাৰ উপাৰ্জনসীমা থকা পৰিয়ালবোৰক সামৰি ল'বলৈ 'এম.এ. আঁচনিখন সম্প্ৰসাৰিত কৰা হৈছিল। আঁচনিখন আৰু আন কেইবাটাও গোটলৈ সম্প্ৰসাৰিত কৰা হৈছিল আৰু পিছত মুখ্যমন্ত্ৰী অম্ৰুথাম বৎসল্য (এমএভি) আঁচনি হিচাপে ৰিব্ৰেণ্ড কৰা হৈছিল।

এই আঁচনিৰ সফলতাৰ অভিজ্ঞতাৰ দ্বাৰা আকৰ্ষিত হৈ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেৱাই) আৰম্ভ কৰে। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি। ইয়াৰ অধীনত, পৰিয়ালৰ আকাৰ আৰু বয়সৰ কোনো সীমা অবিহনে প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় স্তৰৰ যত্নৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলক প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকালৈকে আৱৰণ প্ৰদান কৰা হয়। এবি-পিএমজেএৱাই আৰম্ভ হোৱাৰ লগে লগে, গুজৰাটে ২০১৯ চনত এবি-পিএমজেএৱাই আঁচনিৰ সৈতে পিএমজেএৱাই-এমএআঁচনিৰ সৈতে এমএ/এমএভি আঁচনি একত্ৰিত কৰে। ইয়াৰ ফলত এমএ/এমএভি আৰু এবি-পিএমজেএৱাইৰ হিতাধিকাৰীসকল সহ-ব্ৰেণ্ডেড পিএমজেএৱাই-এমএ কাৰ্ডৰ বাবে যোগ্য হৈ পৰিছিল।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে এই কাৰ্ডবিলাক বিতৰণৰ শুভাৰম্ভ কৰে আৰু তাৰ পিছত হিতাধিকাৰীসকলৰ ই-কেৱাইচিৰ পিছত ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ তালিকাভুক্ত সংস্থাসমূহৰ দ্বাৰা সমগ্ৰ গুজৰাটৰ সকলো হিতাধিকাৰীক ৫০ লাখ ৰঙীন আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়।
 

***
 

DS/TS



(Release ID: 1869533) Visitor Counter : 166