প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮ অক্টোবৰত লোথালত থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ স্থানৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে


ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সতভাৰতৰ চহকী আৰু বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্যক গৌৰৱেৰে প্ৰদৰ্শন কৰা হ’ব

এন এম এইচ চিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলী হিচাপে গঢ়ি তোলা হ’ব

প্ৰায় ৩৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প

Posted On: 17 OCT 2022 7:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০২২ চনৰ ১৮ অক্টোবৰত বিয়লি প্ৰায় ৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেগুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সস্থানৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। ইয়াৰ পিছতে এই উপলক্ষে তেওঁ ভাষণ প্ৰদান কৰিব।

লোথাল হৰপ্পা সভ্যতাৰ অন্যতম বিশিষ্ট চহৰ আছিল আৰু ই আটাইতকৈ পুৰণি মানৱসৃষ্ট ডকয়াৰ্ড আৱিষ্কাৰৰ বাবে জনাজাত। লোথালৰ এটা সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স চহৰখনৰ ঐতিহাসিক উত্তৰাধিকাৰ আৰু ঐতিহ্যৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ভাৰতৰ চহকী আৰু বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শন কৰাই নহয় আৰু লোথালক বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলী হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰাৰ বাবে লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এনএমএইচচি) একক আৰু অনন্য প্ৰকাৰৰ প্ৰকল্প হিচাপে গঢ়ি তোলা হৈছে। এই প্ৰকল্পৰ জৰিয়তে পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশকো বৃদ্ধি কৰিব।

২০২২ চনৰ মাৰ্চ মাহত কাম আৰম্ভ হোৱা এই কমপ্লেক্সটোৰ প্ৰায় ৩৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ইয়াত থাকিব বহুতো উদ্ভাৱনীমূলক আৰু অনন্য বৈশিষ্ট্য যেনে হৰপ্পান স্থাপত্য আৰু জীৱনশৈলীক সজীৱ কৰি তুলিবলৈ লোথাল মিনি ৰিক্ৰিয়চন; চাৰিটা থিম পাৰ্ক ক্ৰমে মেম'ৰিয়েল থিম পাৰ্ক, মেৰিন আৰু নেভি থিম পাৰ্ক, জলবায়ু থিম পাৰ্ক আৰু দুঃসাহসিক আৰু বিনোদন থিম পাৰ্ক; বিশ্বৰ আটাইতকৈ ওখ লাইটহাউচ সংগ্ৰহালয়; হৰপ্পা যুগৰ পৰা বৰ্তমানলৈকে ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক আলোকপাত কৰা চৈধ্যখন গেলেৰী; উপকূলীয় ৰাষ্ট্ৰ পেভিলিয়ন যিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শন কৰিব; ইত্যাদি ইত্যাদি।

 

***

DS/SH/MS



(Release ID: 1869521) Visitor Counter : 99