প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৮ অক্টোবৰত ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভা সম্বোধন কৰিব

Posted On: 17 OCT 2022 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ অক্টোবৰত দিনৰ প্ৰায় ১:৪৫ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভা সম্বোধন কৰিব।

ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভাখনি ১৮ অক্টোবৰৰপৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। এই বৈঠকত ইন্টাৰপোলৰ ১৯৫ খন সদস্য দেশৰ মন্ত্ৰী, আৰক্ষীৰ মুৰব্বী, ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰ’ৰ (National Central Bureaus) মুৰব্বী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰে গঠিত প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই সাধাৰণ সভা হৈছে ইন্টাৰপোলৰ সৰ্বোচ্চ পৰিচালনা কমিটি আৰু ইয়াৰ কাৰ্য্যকলাপৰ সৈতে জড়িত মূল সিদ্ধান্ত গ্ৰহণৰ বাবে বছৰত এবাৰ এই বৈঠক অনুষ্ঠিত হয়।

প্ৰায় ২৫ বছৰ পিছত এইবাৰ ভাৰতত ইন্টাৰপোলৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে ১৯৯৭ ত এই বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰে সংগতি ৰাখি ২০২২ ত নতুন দিল্লীত ইন্টাৰপোলৰ সাধাৰণ সভা আয়োজনৰ অৰ্থে ভাৰতে জনোৱা প্ৰস্তাৱক সাধাৰণ সভাৰ গৰিষ্ঠসংখ্যকে আদৰণি জনাইছিল। এই অনুষ্ঠানে ভাৰতৰ আইন-শৃংখলা ব্যৱস্থাৰ উত্তম পন্থাসমূহক সমগ্ৰ বিশ্বৰ সন্মুখত থূপাই প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ইন্টোৰপোলৰ অধ্যক্ষ আহমেদ নাছেৰ আল ৰাইছি আৰু মহাসচিব শ্ৰী জুৰ্গেন ষ্টক, চিবিআইৰ সঞ্চালকেও অংশগ্ৰহণ কৰিব।

***

 

DS/LP/AK/SB



(Release ID: 1868712) Visitor Counter : 124